--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেনিংটন অ’ভেলত ইংলেণ্ডৰ বিৰুদ্ধে উজলিল যশপ্ৰীত বুমৰাহ। এদিনীয়া কেৰিয়াৰৰ সবাটোকৈ উত্‍কৃষ্ট প্ৰদৰ্শন আগবঢ়াইছে বুমৰাহে। ৭.২ অ’ভাৰত মাত্ৰ ১৯ ৰান ব্যয়েৰে ৬টা উইকেট দখল কৰে বুমৰাহে। ইংলেণ্ডৰ ভূমিত ভাৰতীয় দ্ৰুত বলাৰ হিচাপে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ বলিং ফিগাৰৰ নজিৰ তুলি ধৰিবলৈ সক্ষম হৈছে বুমৰাহে। বুমৰাহৰ বলিং বিক্ৰমৰ সুবাদতে ইংলেণ্ডে  মাত্ৰ ১১০ ৰানতে ইনিংছ সামৰিবলগীয়া হৈছিল।

শেহতীয়াকৈ, বুমৰাহে আন এক কৃতিত্বৰ অধিকাৰী হৈ পৰিছে। আইচিচি ৰেংকিঙত বিশ্বৰ এক নম্বৰ বলাৰ হিচাপে যোগ্যতা অৰ্জন বুমৰাহৰ। বুধবাৰে এই কথা প্ৰকাশ কৰিছে আইচিচিয়ে। নিউজিলেণ্ডৰ ট্ৰেণ্ট ব’ল্টৰ ঠাইত ক্ৰিকেটৰ তিনিটা ফৰ্মেটতে ভাৰতৰ একমাত্ৰ পেচাৰৰ স্থান দখল কৰিছে বুমৰাহে। পাকিস্তানৰ শ্বাহীন আফ্ৰিদী তৃতীয় আৰু অষ্ট্ৰেলিয়ান পেচাৰ জোছ হেজেলউড চতুৰ্থ স্থানত আছে। আফগানিস্তানৰ মজিবুৰ ৰহমান আছে তালিকাৰ পঞ্চম স্থানত। 

দলীয় ৰেংকিঙতো আগবাঢ়িছে ভাৰত। ইংলেণ্ডৰ বিৰুদ্ধে খেলৰ পূৰ্বে ভাৰতে ১০৫ ৰেটিং পইণ্টেৰে আইচিচিৰ ৰেংকিঙৰ চতুৰ্থ স্থানত আছিল ভাৰত। ইংলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পিছত ৰেটিং হয়গৈ ১০৬। আৰু ইয়াৰ লগে লগে ভাৰতে পাকিস্তানক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ভাৰত এতিয়া বিশ্বৰ তিনি নম্বৰ স্থানত থকা এদিনীয়া দল।

আনহাতে, সূৰ্যকুমাৰ যাদৱ এতিয়া বিশ্বৰ ৫ম গৰাকী লেখত ল’বলগীয়া টি-২০ বেটছমেন। দেওবাৰে ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজৰ তৃতীয় আৰু অন্তিমখন টি-২০ মেচত সূৰ্যকুমাৰৰ বেটৰ পৰা আহিছিল ১১৭ ৰানৰ উজ্জ্বল ইনিংছ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ