--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ কানপুৰ আৰক্ষী থানালৈ এটা গোচৰ আহিল যে এজনী যুৱতীক বিক্ৰী কৰাৰ যো-জা চলোৱা হৈছে। যুৱতীগৰাকীক ঘৰৰ পৰা প্ৰলোভন দি কোনো যুৱকে লৈ যোৱা বুলি আৰক্ষীক গোচৰ দিয়ে যুৱতীৰ পৰিয়ালৰ লোকে। এই খবৰ পোৱাৰ পিছতেই আৰক্ষী সক্ৰিয় হৈ পৰে আৰু তীব্ৰ অভিযান আৰম্ভ কৰে। আৰক্ষীয়ে অভিযানত যুৱতীৰ সৈতে এজন যুৱকক আটক কৰি থানালৈ আনে। যেতিয়া দুয়োকে সোধাপোচা কৰা হয় তেতিয়া ঘটনাই লয় অন্য ৰূপ। দুয়োৰে কথা শুনি আৰক্ষীয়ে তদন্ত আগবঢ়াই নিয়াৰ সলনি বিয়াহে পাতি দিয়ে।

যুৱতীগৰাকীয়ে নিজকে শালীনী বুলি পৰিচয় দিয়ে আৰু তেওঁৰ ঘৰ সীতাপুৰত। বলাই খুৰ্ডৰ নিৱাসী পিংকু নামৰ যুৱকজনৰ সৈতে শালীনীৰ আছে গভীৰ প্ৰেম। দুয়োজনে বিবাহপাশত আবদ্ধ হ'ব বিচাৰে কিন্তু দুয়ো বেলেগ জাতিৰ হোৱা বাবে শালীনীৰ ঘৰৰ পৰা এই প্ৰেমত আহিছিল তীব্ৰ বাধা। পিংকুক এৰি কেতিয়াও জীয়াব নোৱাৰো বুলি ভবা ছোৱালীজনীয়ে অৱশেষত ঘৰৰ পৰা পলাই পিংকুৰ ওচৰলৈ গুচি আহিছিল। দুয়ো পলাই গুচি যায় কানপুৰলৈ। এই প্ৰেমিক যুগলৰ কথা শুনি আৰক্ষীয়ে এটা সিদ্ধান্ত লয় যে দুয়োকে বিয়া পাতি দিয়াই উচিত হ'ব। বিয়াৰ ক্ষেত্ৰত নিজৰ সিদ্ধান্ত নিজে লোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে প্ৰাপ্তবয়স্ক যুৱক-যুৱতীৰ। সেয়েহে থানাতে শালীনী-পিংকুৰ বিয়া পাতি দিয়াৰ সিদ্ধান্ত লয় কানপুৰ আৰক্ষীয়ে।

আৰু পঢ়কঃ ২ লাখ টকাত পত্নীক বিক্ৰী কৰি পতিয়ে কিনিলে স্মাৰ্টফোন! দুমাহ পূৰ্বে হৈছিল বিয়া

দুয়োঘৰৰ পৰিয়ালক খবৰ দি আৰক্ষীয়ে থানালৈ মাতে। আৰক্ষীয়ে দুই পৰিয়ালৰ সদস্যক বুজাই-বঢ়াই এই বিয়াৰ বাবে সৈমান কৰায়। যুৱতী পৰিয়ালক মান্তি কৰাবৰ বাবে বেছি কষ্ট কৰিব লগা হ'ল। অৱশেষত আৰক্ষীৰ কথাত সন্মত হৈ এই বিবাহত মত দিয়ে শালীনীৰ পৰিয়ালে। থানাৰ চৌহদতে নিৰ্মিত এটি মন্দিৰত সম্পূৰ্ণ ৰীতি-নীতিৰে চিৰ জীৱনলৈ এক হয় পিংকু আৰু শালীনী। সঁচাকৈয়ে প্ৰেম যদি সঁচা হয় কোনে পাৰে বাধা দিব। অৱশেষত জয় হ'ল এক প্ৰকৃত প্ৰেম কাহিনীৰ.. যাৰ সাক্ষী হৈ ৰ'ল এখন থানাৰ আৰক্ষী বাহিনী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক