--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ আফগানিস্তানৰ আতংকিত অধ্যায়ে হতচকিত কৰি তুলিছে সমগ্ৰ বিশ্বক। ৯০ দশকৰ তালীবানী উপদ্ৰৱে পুনৰ জোকাৰি গৈছে আফগানিস্তান অধিকৃত প্ৰতিটো অঞ্চল। ক্ৰমাৎ অস্থিৰ হৈ পৰিছে আফগানিস্তানৰ পৰিৱেশ। প্ৰাণৰ মমতাত পলায়ন কৰিছে হাজাৰ-হাজাৰ আফগান নাগৰিকে। খাদ্য সংকটৰ প্ৰৱণতাও অবাধ গতিত বৃদ্ধি পাবলৈ লৈছে। শিশু,বৃদ্ধা,মহিলাৰ উপৰি অন্যান্য নাগৰিকে অকাল মৃত্যুক আঁকোৱালি লৈছে। প্ৰণিধানযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰই সামৰিক বাহিনী প্ৰত্যাহাৰ কৰাৰ পাছতে আফগানিস্তানত তালিবানী সংগঠনটোৰ স্বৈৰাচাৰী শাসনৰ প্ৰভূত বিস্তাৰ হোৱা পৰিলক্ষিত হৈছে।

আফগানিস্তানৰ চৰকাৰী বাহিনীয়ে বৃহস্পতিবাৰে কেইবাখনো নগৰ তথা চহৰাঞ্চল আৰু ইয়াৰ আশে-পাশে বাহৰ পাতি থকা তালিবানী যোদ্ধাসকলৰ সৈতে তীব্ৰ যুঁজত অৱতীৰ্ণ হৈছে। তথাপি তালিবানী আগ্ৰাসনক প্ৰতিহত কৰিব পৰা নাই আফগান সেনাই। ইফালে আগন্তুক ৯০ দিনৰ ভিতৰত তালিবানী সংগঠনটোৱে আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰিব পাৰে বুলিও শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থাই সদৰী কৰিছে।

উল্লেখ্য যে, এসপ্তাহতকৈয়ো কম সময়ৰ ভিতৰত ৮খন প্ৰাদেশিক ৰাজধানী দখল কৰা তালিবানে আৰু কমেও ৩খন প্ৰাদেশিক ৰাজধানী দখল কৰাৰ ভাবুকি প্ৰদান কৰাৰ সময়তে আমেৰিকা চোৰাংচোৱাৰ শেহতীয়া তথ্যই উদ্ৰেগ বৃদ্ধি কৰিছে। আফগানিস্তানৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত জ’ বাইডেনৰ নেতৃত্বত আমেৰিকা যুক্তৰাষ্ট্ৰই সৈন্য প্ৰত্যাহাৰ তথা অকলে যুঁজিবলৈ আফগান চৰকাৰক এৰি দিয়া সিদ্ধান্তৰ তীক্ষ্ণ সমোলোচনাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু