--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ আফগানিস্তানৰ আতংকিত অধ্যায়ে হতচকিত কৰি তুলিছে সমগ্ৰ বিশ্বক। ৯০ দশকৰ তালীবানী উপদ্ৰৱে পুনৰ জোকাৰি গৈছে আফগানিস্তান অধিকৃত প্ৰতিটো অঞ্চল। ক্ৰমাৎ অস্থিৰ হৈ পৰিছে আফগানিস্তানৰ পৰিৱেশ। প্ৰাণৰ মমতাত পলায়ন কৰিছে হাজাৰ-হাজাৰ আফগান নাগৰিকে। খাদ্য সংকটৰ প্ৰৱণতাও অবাধ গতিত বৃদ্ধি পাবলৈ লৈছে। শিশু,বৃদ্ধা,মহিলাৰ উপৰি অন্যান্য নাগৰিকে অকাল মৃত্যুক আঁকোৱালি লৈছে। প্ৰণিধানযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰই সামৰিক বাহিনী প্ৰত্যাহাৰ কৰাৰ পাছতে আফগানিস্তানত তালিবানী সংগঠনটোৰ স্বৈৰাচাৰী শাসনৰ প্ৰভূত বিস্তাৰ হোৱা পৰিলক্ষিত হৈছে।

আফগানিস্তানৰ চৰকাৰী বাহিনীয়ে বৃহস্পতিবাৰে কেইবাখনো নগৰ তথা চহৰাঞ্চল আৰু ইয়াৰ আশে-পাশে বাহৰ পাতি থকা তালিবানী যোদ্ধাসকলৰ সৈতে তীব্ৰ যুঁজত অৱতীৰ্ণ হৈছে। তথাপি তালিবানী আগ্ৰাসনক প্ৰতিহত কৰিব পৰা নাই আফগান সেনাই। ইফালে আগন্তুক ৯০ দিনৰ ভিতৰত তালিবানী সংগঠনটোৱে আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰিব পাৰে বুলিও শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থাই সদৰী কৰিছে।

উল্লেখ্য যে, এসপ্তাহতকৈয়ো কম সময়ৰ ভিতৰত ৮খন প্ৰাদেশিক ৰাজধানী দখল কৰা তালিবানে আৰু কমেও ৩খন প্ৰাদেশিক ৰাজধানী দখল কৰাৰ ভাবুকি প্ৰদান কৰাৰ সময়তে আমেৰিকা চোৰাংচোৱাৰ শেহতীয়া তথ্যই উদ্ৰেগ বৃদ্ধি কৰিছে। আফগানিস্তানৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত জ’ বাইডেনৰ নেতৃত্বত আমেৰিকা যুক্তৰাষ্ট্ৰই সৈন্য প্ৰত্যাহাৰ তথা অকলে যুঁজিবলৈ আফগান চৰকাৰক এৰি দিয়া সিদ্ধান্তৰ তীক্ষ্ণ সমোলোচনাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ