--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : ক’ভিড আঁতৰি যোৱাৰ আশা এতিয়াও সুদূৰ পৰাহত হৈ ৰৈছে বিশ্ববাসীৰ বাবে। ভাৰতত শেহতীয়াকৈ আকস্মিক সংক্ৰমণ বৃদ্ধিয়ে উদ্বেগৰ সৃষ্টি কৰিছে। দেশৰ ভিতৰতে সৰ্বাধিক ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰত এইবাৰ সৃষ্টি হৈছে নতুন উদ্বেগৰ। এই উদ্বেগ সৃষ্টি কৰিছে ডেল্টা প্লাছ সংক্ৰমণে। সম্পূৰ্ণ টিকাকৰণ কৰাৰ পাছতো ভালেমান লোক ডেল্টা প্লাছত আক্ৰান্ত হোৱা তথা এজনৰ মৃত্যু হোৱাৰ তথ্যই সৃষ্টি কৰিছে সংশয়ৰ।

মুম্বাইত ডেল্টা প্লাছ ক’ভিডত প্ৰথমজন লোকৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ পাইছে। ২১ জুলাইত ক’ভিড পজিটিভ চিনাক্ত হোৱা এগৰাকী ৬৩বছৰীয়া মহিলাৰ বিগত ২৭জুলাইত মৃত্যু হয়। তেওঁ ডায়েবিটিছকে ধৰি আন ভালেমান দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল বুলি জানিব পৰা গৈছে। মহাৰাষ্ট্ৰত ডেল্টা প্লাছ প্ৰকাৰৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা এয়া দ্বিতীয়জন কোভিড ৰোগী। ইয়াৰ পূৰ্বে ৰাজ্যখনৰ ৰত্নগিৰিৰ এগৰাকী ৮০ বছৰীয়া মহিলাৰ অনুৰূপ সংক্ৰমণৰ ফলত যোৱা মাহত মৃত্যু হৈছিল।

আনহাতে মুম্বাইত মৃত্যু হোৱা মহিলাগৰাকীয়ে সম্পূৰ্ণ টিকা গ্ৰহণ কৰাৰ পাছতো ডেল্টা প্লাছ প্ৰকাৰৰ দ্বাৰা আক্ৰান্ত হয়। তেওঁৰ লগতে সম্পূৰ্ণ টিকাকৰণ কৰা আন সাতগৰাকী লোকো ডেল্টা প্লাছ প্ৰকাৰৰ সংক্ৰমণত ভোগা বুলি জানিব পৰা গৈছে। বুধবাৰে এইসকল আক্ৰান্তৰ নমুনা পৰীক্ষাৰ ফলাফল প্ৰকাশ হয়। বৃহন মুম্বাই মিউনিচিপাল কৰ্প’ৰেচনে ইতিমধ্যে আটাইকেইগৰাকী ডেল্টা প্লাছ আক্ৰান্তৰ সৈতে যোগাযোগ কৰিছে আৰু প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ