--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ ভিতৰতে পৰিচ্ছন্ন চহৰ হিচাপে পৰিচিত ইন্দোৰ আন এক কৃতিত্বৰ অধিকাৰী হৈছে। পূৰ্বৰ বছৰবোৰৰ দৰেই এইবাৰো মধ্য প্ৰদেশৰ এই চহৰখন চিহ্নিত হয় দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে। স্বচ্ছ সৰ্বেক্ষণ ২০২১ৰ অধীনত বুধবাৰে এই স্বীকৃতি দিয়া হয় ইন্দোৰক। আনহাতে, ইন্দোৰে দেশৰ প্ৰথমখন ‘ৱাটাৰ প্লাছ’ মহানগৰ হোৱাৰ স্বীকৃতিও লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰে স্বচ্ছ সৰ্বেক্ষণ কাৰ্যসূচীৰ আধাৰত এই স্বীকৃতি প্ৰদান কৰে ইন্দোৰত।

‘ৱাটাৰ প্লাছ’ৰ অৰ্থ হৈছে চহৰখনৰ বিভিন্ন স্থানৰ পৰা নিষ্কাশন হোৱা পদূষিত পানী চহৰত মুকলি কৈ এৰি নিদি পৰিশোধনৰ ব্যৱস্থা কৰা৷ এই স্বীকৃতিৰ পাছতে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ইন্দোৰ চহৰক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি দৃঢ়তা আৰু নিষ্ঠাৰে সমগ্ৰ দেশৰখনক এক উদাহৰণ হিচাপে দাঙি ধৰাৰ বাবে প্ৰশংসা কৰে। ‘স্বচ্ছ সৰ্বেক্ষণ ২০২১’ৰ অধীনত এছবিএমে স্বীকৃতি দিয়া প্ৰথমখন ‘ৱাটাৰ প্লাছ’ চহৰ চিহ্নিত হোৱাৰ বাবেও ইন্দোৰৰ নাগৰিকসকলক তেওঁ টুইটযোগে অভিনন্দন জনায়। এখন চহৰক নদী আৰু নলাবোৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে এখন ‘ৱাটাৰ প্লাছ’ চহৰৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰদান কৰা টুলকিট অনুসৰি, ঘৰ, ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা মুকলি হোৱা সকলো বৰ্জ্য পানী পৰিশোধনৰ জৰিয়তে পৰিচ্ছন্ন কৰি তোলাৰ পাছতে মুকলিলৈ এৰি দিয়াৰ নীতি পালন কৰা চহৰক ৱাটাৰ প্লাছ হিচাপে ঘোষণা কৰা হয়। ইন্দোৰ চহৰে এতিয়া অনাময় স্থিতিৰ স্থিৰতাৰ দিশত কাম কৰি আছে, যাতে কোনো পৰীক্ষা নকৰা বৰ্জিত পানী মুকলি পৰিৱেশত নিষ্কাশন কৰা নহয়৷ যাৰ বাবে এই চহৰখনৰ প্ৰশাসনে লোৱা পদক্ষেপক সকলোৱে একেমুখে শলাগিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ