--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ ভিতৰতে পৰিচ্ছন্ন চহৰ হিচাপে পৰিচিত ইন্দোৰ আন এক কৃতিত্বৰ অধিকাৰী হৈছে। পূৰ্বৰ বছৰবোৰৰ দৰেই এইবাৰো মধ্য প্ৰদেশৰ এই চহৰখন চিহ্নিত হয় দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে। স্বচ্ছ সৰ্বেক্ষণ ২০২১ৰ অধীনত বুধবাৰে এই স্বীকৃতি দিয়া হয় ইন্দোৰক। আনহাতে, ইন্দোৰে দেশৰ প্ৰথমখন ‘ৱাটাৰ প্লাছ’ মহানগৰ হোৱাৰ স্বীকৃতিও লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰে স্বচ্ছ সৰ্বেক্ষণ কাৰ্যসূচীৰ আধাৰত এই স্বীকৃতি প্ৰদান কৰে ইন্দোৰত।

‘ৱাটাৰ প্লাছ’ৰ অৰ্থ হৈছে চহৰখনৰ বিভিন্ন স্থানৰ পৰা নিষ্কাশন হোৱা পদূষিত পানী চহৰত মুকলি কৈ এৰি নিদি পৰিশোধনৰ ব্যৱস্থা কৰা৷ এই স্বীকৃতিৰ পাছতে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ইন্দোৰ চহৰক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি দৃঢ়তা আৰু নিষ্ঠাৰে সমগ্ৰ দেশৰখনক এক উদাহৰণ হিচাপে দাঙি ধৰাৰ বাবে প্ৰশংসা কৰে। ‘স্বচ্ছ সৰ্বেক্ষণ ২০২১’ৰ অধীনত এছবিএমে স্বীকৃতি দিয়া প্ৰথমখন ‘ৱাটাৰ প্লাছ’ চহৰ চিহ্নিত হোৱাৰ বাবেও ইন্দোৰৰ নাগৰিকসকলক তেওঁ টুইটযোগে অভিনন্দন জনায়। এখন চহৰক নদী আৰু নলাবোৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে এখন ‘ৱাটাৰ প্লাছ’ চহৰৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰদান কৰা টুলকিট অনুসৰি, ঘৰ, ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা মুকলি হোৱা সকলো বৰ্জ্য পানী পৰিশোধনৰ জৰিয়তে পৰিচ্ছন্ন কৰি তোলাৰ পাছতে মুকলিলৈ এৰি দিয়াৰ নীতি পালন কৰা চহৰক ৱাটাৰ প্লাছ হিচাপে ঘোষণা কৰা হয়। ইন্দোৰ চহৰে এতিয়া অনাময় স্থিতিৰ স্থিৰতাৰ দিশত কাম কৰি আছে, যাতে কোনো পৰীক্ষা নকৰা বৰ্জিত পানী মুকলি পৰিৱেশত নিষ্কাশন কৰা নহয়৷ যাৰ বাবে এই চহৰখনৰ প্ৰশাসনে লোৱা পদক্ষেপক সকলোৱে একেমুখে শলাগিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু