--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে (আইঅ'এ) ভাৰতীয় খেলুৱৈসকলক সাদায়  সতৰ্ক হৈ থাকিবলৈ আৰু বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছৰ সময়ত যিমান সম্ভৱ ৰাজহুৱা স্থান পৰিহাৰ কৰিবলৈ সাৱধান কৰি দিছে। আই.ও.এ.-য়ে কোভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিততে ভাৰতীয় খেলুৱৈসকলক  এনেদৰে সাৱধানবাণী শুনাইছে।

উল্লেখ্য বাৰ্মিংহামত ২৮  জুলাইৰ পৰা  কমনৱেলথ গেমছ আৰম্ভ হ'ব। ইতিমধ্যে বাৰ্মিংহামত বহু লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে। ভাৰতীয় খেলুৱৈসকলক কোভিডৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবেই ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে  ভাৰতীয় দলটোক আগতীয়াকৈ সতৰ্ক কৰি দিছে। 

 ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে এক বিবৃতিত কৈছে " ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে বাৰ্মিংহাম ২০২২ কমনৱেলথ গেমছত ভাৰতীয় দলৰ খেলুৱৈসকলক কোভিড-১৯ৰ ভাবুকিৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা স্থানত বেছি সময় ব্যয় নকৰিবলৈ অনুৰোধ জনাইছে, যি স্বাস্থ্য সম্পৰ্কীয় বিপদ মাতি আনিব পাৰে।" 

খেলুৱৈসকলক আনৰ সৈতে বাৰ্তালাপ যিমান পাৰি কমকৈ কৰিবলৈও কোৱা হৈছে।খেলৰ  আয়োজক সমিতিয়ে প্ৰতিজন খেলুৱৈয়ে কৰোনাভাইৰাছৰ বাবে আৰটি-পিচিআৰ পৰীক্ষা কৰাব লাগিব বুলি নিৰ্দেশনা জাৰি কৰিছে।এই পৰীক্ষা বাৰ্মিংহামত  অৱতৰণ কৰাৰ ৭২  ঘণ্টাৰ আগতে কৰোৱাব লাগিব। 

আই.ও.এ.-য়ে কমনৱেলথ গেমছৰ বাবে ভাৰতৰ পৰা  ৩২২  জনক প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁলোকৰ  ভিতৰত আছে  ১০৭ গৰাকী  বিষয়া আৰু সহায়ক কৰ্মচাৰী  আৰু ২১৫ গৰাকী খেলুৱৈ।

 ২০১৮ চনত  ভাৰতে কমনৱেলথ গেমছত ৬৬  টা পদক  লাভ কৰিছিল (২৫  টা সোণ, ১৯ টা ৰূপ আৰু ২০ টা ব্ৰঞ্জ)। এইবাৰ পদকৰ তালিকা খন আৰু দীঘলীয়া কৰাৰ আশা মনতে পুহি ৰাখিছে ভাৰতীয় খেলুৱৈসকলে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ