--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা ২৮ জুলাইৰ পৰা বাৰ্মিংহামত অনুষ্ঠিত হ'বলগীয়া কমনৱেলথ গেমছত অংশ গ্ৰহণ কৰিব নোৱাৰিব ভাৰতীয় তাৰকা জেভলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাই। ভাৰতীয় ক্ৰীড়ানুৰাগীৰ বাবে এয়া অতি দুঃসংবাদ। কিয়নো নীৰজ চোপ্ৰাৰ ওপৰত সমগ্ৰ ভাৰতবাসীৰে আছে আশা আৰু প্ৰত্যাশা।  তাৰকা খেলুৱৈগৰাকীয়ে দেহৰ আঘাতৰ বাবে এই প্ৰতিযোগিতাখনিৰ পৰা আঁতৰি থাকিব লাগিব। তেওঁক কমনৱেলথ গেমছৰ শক্তিশালী দাবীদাৰ হিচাপে মনা হৈছিল। মঙলবাৰে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েচনেৰ সম্পাদক প্ৰধান ৰাজীৱ মেহতাই চোপ্ৰাৰ আঘাতৰ বিষয়ে সদৰী কৰিছে। নীৰজ চোপ্ৰাই উৰুত পোৱা আঘাতৰ পিছত চোপ্ৰাক চিকিৎসকসকলে এমাহৰ বাবে বিশ্ৰামত থকাৰ পৰামৰ্শ দিছে। নীৰজে দেওবাৰে পুৰুষৰ জেভলিন ফাইনেলত ৮৮.১৩ মিটাৰ থ্ৰ'ৰ পিছতে আঘাত পোৱা বুলি ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে সদৰী কৰিছে। 

এই সন্দৰ্ভত নীৰজে অনুৰাগী আৰু শুভাকাংক্ষীসকলক উদ্দ্যেশি এক আৱেগিক প'ষ্ট লিখিছে। তেওঁ লিখিছে- ''সকলোকে নমস্কাৰ।আপোনালোকক অতি দুখেৰে জনাওঁ যে এইবাৰ মই কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিব নোৱাৰিম। বিশ্ব চেম্পিয়নশ্বিপৰ চতুৰ্থটো থ্ৰ’ত পোৱা ষ্ট্ৰেইনৰ বাবে মই অলপ কষ্ট পাই আছিলো আৰু কালি ইয়াত আমেৰিকাত পৰীক্ষা কৰি দেখা গ’ল যে ই এটা সামান্য আঘাত, যাৰ বাবে মোক কিছু সপ্তাহৰ বাবে বিশ্ৰামৰ পৰামৰ্শ দিয়া হৈছে। মোৰ আফচোচ হৈছে যে বাৰ্মিংহামত মই আমাৰ দেশক প্ৰতিনিধিত্ব কৰিব নোৱাৰিম। এতিয়া মোৰ সম্পূৰ্ণ মনোযোগ মোৰ বিশ্ৰামৰ ওপৰত থাকিব যাতে অতি সোনকালেই পুনৰ খেলপথাৰত নমাৰ চেষ্টা কৰিব পাৰো। বিগত দিনত প্ৰতিজন দেশবাসীৰ পৰা যি মৰম আৰু শ্ৰদ্ধা লাভ কৰিছো তাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আশাকৰোঁ আপোনালোক সকলোৱে একেদৰে মোৰ লগত থাকি আমাৰ দেশৰ সকলো খেলুৱৈক কমনৱেলথ গেমছত সমৰ্থন কৰি যাব। জয় হিন্দ।''

উল্লেখ্য যে নীৰজ চোপ্ৰাই টকিঅ’ অলিম্পিক ২০২১ত ৮৭.৫৮ মিটাৰ জেভলিন নিক্ষেপ কৰি সোণৰ পদক লাভ কৰি ইতিহাস সৃষ্টি কৰে। জেভেলিন থ্ৰ’ত সোণৰ পদক লাভ কৰা প্ৰথমজন এছিয়ান এথলীট নীৰজ চোপ্ৰা। নীৰজ চোপ্ৰাই ২০১৮ চনৰ কমনৱেলথ গেমছত স্বৰ্ণ পদক লাভ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউজিন অনুষ্ঠিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰিছিল তাৰকা খেলুৱৈ গৰাকীয়ে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ