--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা ২৮ জুলাইৰ পৰা বাৰ্মিংহামত অনুষ্ঠিত হ'বলগীয়া কমনৱেলথ গেমছত অংশ গ্ৰহণ কৰিব নোৱাৰিব ভাৰতীয় তাৰকা জেভলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাই। ভাৰতীয় ক্ৰীড়ানুৰাগীৰ বাবে এয়া অতি দুঃসংবাদ। কিয়নো নীৰজ চোপ্ৰাৰ ওপৰত সমগ্ৰ ভাৰতবাসীৰে আছে আশা আৰু প্ৰত্যাশা।  তাৰকা খেলুৱৈগৰাকীয়ে দেহৰ আঘাতৰ বাবে এই প্ৰতিযোগিতাখনিৰ পৰা আঁতৰি থাকিব লাগিব। তেওঁক কমনৱেলথ গেমছৰ শক্তিশালী দাবীদাৰ হিচাপে মনা হৈছিল। মঙলবাৰে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েচনেৰ সম্পাদক প্ৰধান ৰাজীৱ মেহতাই চোপ্ৰাৰ আঘাতৰ বিষয়ে সদৰী কৰিছে। নীৰজ চোপ্ৰাই উৰুত পোৱা আঘাতৰ পিছত চোপ্ৰাক চিকিৎসকসকলে এমাহৰ বাবে বিশ্ৰামত থকাৰ পৰামৰ্শ দিছে। নীৰজে দেওবাৰে পুৰুষৰ জেভলিন ফাইনেলত ৮৮.১৩ মিটাৰ থ্ৰ'ৰ পিছতে আঘাত পোৱা বুলি ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে সদৰী কৰিছে। 

এই সন্দৰ্ভত নীৰজে অনুৰাগী আৰু শুভাকাংক্ষীসকলক উদ্দ্যেশি এক আৱেগিক প'ষ্ট লিখিছে। তেওঁ লিখিছে- ''সকলোকে নমস্কাৰ।আপোনালোকক অতি দুখেৰে জনাওঁ যে এইবাৰ মই কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিব নোৱাৰিম। বিশ্ব চেম্পিয়নশ্বিপৰ চতুৰ্থটো থ্ৰ’ত পোৱা ষ্ট্ৰেইনৰ বাবে মই অলপ কষ্ট পাই আছিলো আৰু কালি ইয়াত আমেৰিকাত পৰীক্ষা কৰি দেখা গ’ল যে ই এটা সামান্য আঘাত, যাৰ বাবে মোক কিছু সপ্তাহৰ বাবে বিশ্ৰামৰ পৰামৰ্শ দিয়া হৈছে। মোৰ আফচোচ হৈছে যে বাৰ্মিংহামত মই আমাৰ দেশক প্ৰতিনিধিত্ব কৰিব নোৱাৰিম। এতিয়া মোৰ সম্পূৰ্ণ মনোযোগ মোৰ বিশ্ৰামৰ ওপৰত থাকিব যাতে অতি সোনকালেই পুনৰ খেলপথাৰত নমাৰ চেষ্টা কৰিব পাৰো। বিগত দিনত প্ৰতিজন দেশবাসীৰ পৰা যি মৰম আৰু শ্ৰদ্ধা লাভ কৰিছো তাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আশাকৰোঁ আপোনালোক সকলোৱে একেদৰে মোৰ লগত থাকি আমাৰ দেশৰ সকলো খেলুৱৈক কমনৱেলথ গেমছত সমৰ্থন কৰি যাব। জয় হিন্দ।''

উল্লেখ্য যে নীৰজ চোপ্ৰাই টকিঅ’ অলিম্পিক ২০২১ত ৮৭.৫৮ মিটাৰ জেভলিন নিক্ষেপ কৰি সোণৰ পদক লাভ কৰি ইতিহাস সৃষ্টি কৰে। জেভেলিন থ্ৰ’ত সোণৰ পদক লাভ কৰা প্ৰথমজন এছিয়ান এথলীট নীৰজ চোপ্ৰা। নীৰজ চোপ্ৰাই ২০১৮ চনৰ কমনৱেলথ গেমছত স্বৰ্ণ পদক লাভ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউজিন অনুষ্ঠিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰিছিল তাৰকা খেলুৱৈ গৰাকীয়ে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু