--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৩ এপ্ৰিল। আজিৰ দিনটোতে বিশ্বৰ যোগাযোগ ব্যৱস্থালৈ এক নাটকীয় পৰিৱৰ্তন আহিছিল।  ১৯৭৩ চনৰ ৩ এপ্ৰিলত প্ৰথম মোবাইল ফোন উদ্ভাৱন কৰিছিল  মাৰ্টিন কুপাৰে। তেতিয়াৰে পৰাই মোবাইল ফোনৰ আকাৰ তথা সেৱাৰ সংস্কাৰ সাধিত হৈ আজিৰ ৰূপ পাইছে।  বিশ্বৰ প্ৰথম মোবাইল ফোনটোৰ ওজন আঢ়ৈ পাউণ্ড আছিল। আৰু ই ১০ ইঞ্চি দীঘল আছিল। এবাৰ  চাৰ্জৰ দিলে ফোনটোত ২৫ মিনিটৰ বাবে কথা পাতিব পৰা গৈছিল। ফোনটো চাৰ্জ কৰিবলৈ ১০ ঘণ্টা সময় লাগিছিল।  

 ১৯৭৩ চনৰ ৩ এপ্ৰিলত আৱিষ্কাৰ হোৱা মোবাইল ফোনটো এতিয়া প্ৰায় সকলোৰে বাবে জীৱনৰ এক এৰাব নোৱাৰা অংগ হৈ পৰিছে৷ দিনটোৰ প্ৰায় ভাগ সময়েই আমাৰ মাজৰে বহুতে মোবাইল ফোনটো পিটিকি থাকিয়েই পাৰ কৰি দিয়ে৷ কিন্তু মোবাইল ফোনৰ ব্যৱহাৰ যিমান পাৰি এৰাই চলিবলৈ পৰামৰ্শ দিছে খোদ ম'বাইল ফোনৰ সৃষ্টিকৰ্তা মাৰ্টিন কুপাৰে৷  

বিবিচিক দিয়া   এক সাক্ষাৎকাৰত ৯৩ বছৰীয়া মাৰ্টিনে এইদৰে কয়: "মই দিনত ৫ শতাংশতকৈও কম সময়ত মোৰ মোবাইল ফোনটো ব্যৱহাৰ কৰোঁ। ''

প্ৰথম 'ৱায়াৰলেচ ফোন' উদ্ভাৱন কৰি, তেওঁ সমগ্ৰ বিশ্বতে মোবাইল ফোনৰ বাবে এটা মসৃণ বাট কাটি দিছিল। যোৱা শতিকাৰ ১৯৭০ ৰ দশকত মোবাইল ফোন 'মটৰোলা ডাইনাটক ৮০০০এক্স'ৰ জৰিয়তে আৰম্ভ হোৱা যাত্ৰাই আজি পৃথিৱীখন সলনি কৰি দিছে।  মোবাইল ফোনৰেই অন্যতম সৃষ্টিকৰ্তা মাৰ্টিন কুপাৰেই দিনটোৰ ৫ শতাংশতকৈ কম সময় স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ কথাটো নিঃসন্দেহে মন কৰিবলগীয়া কথা৷

মোবাইল ফোনৰ ব্যৱহাৰৰ প্ৰসংগত মাৰ্টিনে  কয়, "জীৱন উপভোগ কৰিবলৈ আপুনি মোবাইল ফোনৰ ব্যৱহাৰ হ্ৰাস কৰিবই লাগিব। ''

যিসকলে দিনৰ পাঁচ শতাংশতকৈ অধিক সময়  মোবাইল ফোনৰ সৈতে অতিবাহিত কৰে তেওঁলোকৰ বাবে কি ক’ব বুলি সাংবাদিকে সোধাত মাৰ্টিনে হাঁহি এটা মাৰি মাথো, "জীৱন উপভোগ কৰিবলৈ শিকক। মোবাইল ফোনৰ ব্যৱহাৰ হ্ৰাস কৰক। ''

মোবাইল ফোনৰ আৱিষ্কাৰকে ফোনৰ পৰা যিমান পাৰি দূৰৈত থাকিবলৈ দিয়া পৰামৰ্শৰ আঁৰত হয়তো বহু কথাই লুকাই আছে৷ ফোনটোৰ সৈতে বেছি সময় জৰিত হৈ থাকিলে স্বাস্থ্যৰ ক্ষতিৰ লগতে সময়তো নষ্ট হ’ব পাৰে৷

তদুপৰি মোবাইল ফোনৰ প্ৰচলন বৃদ্ধিৰ লগে লগে মানুহৰ মাজৰ আত্মীয়তাও এতিয়া বহু পৰিমাণে কৃত্ৰিম হৈ পৰিছে৷ এতিয়া বিপদ অথবা সম্পদৰ সময়তো বহু মানুহৰ বাবে মাত এষাৰ দিবলৈও সময় নোহোৱাৰ দৰে হৈ পৰিছে৷ 

এক কথাত সকলো সম্পৰ্কই এতিয়া যেন যান্ত্ৰিক হৈ পৰাৰ উপক্ৰম ঘটিছে৷ মাৰ্টিনে হয়তো তেওঁৰ মন্তব্যৰ জৰিয়তে তেনে কথাৰেই ইংগিত দিব বিচাৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক