--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি সমগ্ৰ ৰাজ্যতে মুক্তি লাভ কৰে বছৰটোৰ দ্বিতীয়খন অসমীয়া বোলছবি শীতৰে সেমেকা ৰাতিয়ে। ৩০ জানুৱাৰী, বৃহস্পতিবাৰে মহানগৰীৰ পাঞ্জাবাৰীত থকা আইদেউ টকীজত চিনেমাখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হৈ যায়। ডিজাইনাৰ, অভিনেতা আৰু এগৰাকী পৰিচালক হিচাপে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো সমাদৃত দীপাংকৰ কাশ্যপৰ দ্বাৰা পৰিচালিত এই নতুন ছবিখনে প্ৰেমক নতুন দৃষ্টিকোণেৰে দৰ্শকৰ সন্মুখত উপস্থাপন কৰিছে।

এই ছবিখনে লিংগ, বয়স বা শৰীৰৰ বাহিৰৰ প্ৰেমক প্ৰতিনিধিত্ব কৰিছে। আত্মিক প্ৰেমক দিয়া হৈছে প্ৰাধান্য।

ড° সঞ্জীৱ নাৰায়ণৰ তত্ত্বাৱধানত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা দীপাংকৰ কাশ্যপ আৰু ড° অক্ষতা নাৰায়ণৰ। তৃষা শইকীয়া, জিত চলিহা, দীপাংকৰ ৰয়, চিমি ৰায়ন, অঞ্চিত, পলাশ্ৰী দাস, হৃষিকেশ দত্ত, অতিথি শিল্পী সিদ্ধাৰ্থ নিপন গোস্বামীৰ লগতে আন কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰী অভিনীত এই ছবিখনৰ কাহিনীভাগ লিখিছে এনড্ৰিউ ধনৰাজগিৰিয়ে আৰু পাণ্ডুলিপি অভিজিৎ নায়কৰ। 

কাষ্টিং ডাইৰেক্টৰ কপিল বৰা, চিত্ৰগ্ৰহণ ৰামজ্যোতি কৃষ্ণচৰণৰ আৰু সহকাৰী পৰিচালক বিজিত বৰগোঁহাই। ৰূপসজ্জা পূজা দত্তৰ, সম্পাদনা ৰাতুল দত্তৰ আৰু ছাউণ্ড ডিজাইনিঙত আছে স্বপনীল গগৈ। ছবিখনৰ জৰিয়তে প্ৰায় দুটা দশকৰ পিছত অভিনয় জগতলৈ প্ৰত্যাৱৰ্তন ঘটিছে এসময়ৰ মোহময়ী অভিনেত্ৰী তৃষা শইকীয়াৰ। 

ছবিখনৰ গীতৰ কথা অনুপম নাথৰ। সংগীত পৰিচালনা কৰিছে প্ৰিয়ংকু বৰদলৈয়ে। কণ্ঠদান কৰিছে পদ্মনাভ বৰদলৈ আৰু নীহাৰ কাশ্যপে। কৰিঅ'গ্ৰাফাৰ উদয় শংকৰৰ। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ