--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ বিখ্যাত গায়ক উদিত নাৰায়ণে বৰ্তমান চুমা বিতৰ্কক লৈ বাতৰিৰ শিৰোনাম দখল কৰি আছে। এক লাইভ কনচাৰ্টৰ সময়ত চেলফি তুলিবলৈ অহা এগৰাকী মহিলা অনুৰাগীৰ ওঁঠত চুমা খাইছিল উদিত নাৰায়ণে, সেই ভিডিঅ’ বনজুইৰ দৰে বিয়পি পৰে ইণ্টাৰনেট জগতত। এই দৃশ্য দেখাৰ লগে ট্ৰল আৰু কঠোৰ সমালোচনাৰ সন্মুখীন হয় উদিত নাৰায়ণ, তেওঁক লৈ এতিয়া সৃষ্টি হৈছে বহু মিম। লাইভ কনচাৰ্টৰ সময়ত চেলফি তুলিবলৈ অহা আন বহু মহিলা অনুৰাগীৰ গালতো চুমা খাইছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। 

কেৱল চুমা বিতৰ্কই নহয় ইয়াৰ পূৰ্বে তেওঁ নিজৰ ব্যক্তিগত জীৱনৰ বাবেও বিতৰ্কত সোমাই পৰিছিল। উদিত নাৰায়ণৰ আছে দুগৰাকী পত্নী। প্ৰথমা পত্নীক বিবাহ বিচ্ছেদ নকৰাকৈয়ে দ্বিতীয়বাৰলৈ বিবাহপাশত আৱদ্ধ হৈছিল উদিত নাৰায়ণ। প্ৰথমা পত্নীক তেওঁ একো উমানেই নিদিলে যে তেওঁ দ্বিতীয় এগৰাকী নাৰীৰ সৈতে বিয়া পাতি সংসাৰৰ পাতনি মেলিলে। এক অৰ্থত প্ৰথমা পত্নীক প্ৰতাৰণা কৰিলে উদিত নাৰায়ণে।

উদিত নাৰায়ণৰ প্ৰথমা পত্নীৰ নাম ৰঞ্জনা ঝা। ৰঞ্জনা বিহাৰৰে বাসিন্দা। ১৯৮৪ চনত ৰঞ্জনা ঝাক বিয়া কৰাইছিল উদিত নাৰায়ণে। গানৰ জগতত কেৰিয়াৰ গঢ়িবলৈ উদিতে বিহাৰৰ পৰা মুম্বাইলৈ স্থানান্তৰিত হয় আৰু মুম্বাইলৈ অহাৰ পাছত আন এগৰাকী নাৰীৰ প্ৰেমত পৰি মতলীয়া হৈ পৰে কণ্ঠশিল্পীগৰাকী। সেইগৰাকী নাৰীৰ নাম দীপা গহাতৰাজ। ৰঞ্জনাক বিবাহ বিচ্ছেদ নকৰাকৈয়ে ১৯৮৫ চনত এয়াৰ হোষ্টেছ দীপা গহাতৰাজৰ সৈতে বিবাহপাশত আবদ্ধ হয় উদিত নাৰায়ণ। ১৯৮৭ চনত পুত্ৰ আদিত্য নাৰায়ণৰ জন্ম হয়। 

ৰঞ্জনাই যেতিয়া উদিতৰ দ্বিতীয় বিবাহৰ কথা গম পাইছিল তেতিয়া তেওঁ স্তম্ভিত হৈ পৰাৰ লগতে শোকত ভাগি পৰিছিল কিন্তু তেওঁ একো কৰিব পৰা নাছিল কিয়নো তেতিয়ালৈ উদিত নাৰায়ণ বলীউডৰ সংগীত জগতৰ ষ্টাৰ হৈ পৰিছিল। বিহাৰৰ এগৰাকী সাধাৰণ নাৰী হৈ মুম্বাইলৈ আহি এগৰাকী ষ্টাৰৰ বিৰুদ্ধে যুঁজ দিয়া ইমানো সহজ নাছিল। 

২০০৬ চনত উদিত নাৰায়ণে এক সংগীতানুষ্ঠানৰ বাবে বিহাৰলৈ আহোতে বিষয়টো লাইমলাইটলৈ আহিছিল। ৰঞ্জনাই তেতিয়া সাংবাদিকসহ উদিত নাৰায়ণ থকা হোটেলত উপস্থিত হৈ সকলোৰে সন্মুখত তেওঁক সোধা-পোছা কৰিবলৈ ধৰিলে। তেওঁক কিয় প্ৰতাৰণা কৰিলে সেই প্ৰশ্নৰ উত্তৰ বিচাৰে উদিতৰ পৰা। মিছা কথা কৈ প্ৰথম পত্নীক আন্ধাৰত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৰঞ্জনা ঝাই।

তেতিয়া উদিত নাৰায়ণে সকলো অভিযোগ নাকচ কৰি কয় যে তেওঁ নাজানে ৰঞ্জনা ঝা কোন। উদিতে কয় যে, "মই এই মহিলাগৰাকীক চিনি নাপাওঁ আৰু আগতে কেতিয়াও লগ পোৱা নাই। এই সকলোবোৰ মোৰ ভাবমূৰ্তি কলংকিত কৰাৰ প্ৰচেষ্টা মাত্ৰ।" 

উদিতৰ এনে ব্যৱহাৰ দেখি ৰঞ্জনাই ন্যায় বিচাৰি আদালতৰ কাষ চাপে। ৰঞ্জনাই উদিত নাৰায়ণৰ সৈতে বিবাহৰ ফটো দেখুৱাই কেইবাখনো নথি দাখিল কৰি প্ৰকৃততে উদিতৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা বুলি প্ৰমাণ কৰে।

বিষয়টো তীব্ৰতৰ হোৱাত উদিতে প্ৰথম পত্নীক অৱগত নকৰাকৈয়ে দ্বিতীয়বাৰৰ বাবে বিয়া কৰাইছে বুলি স্বীকাৰ কৰে। ইয়াৰ লগে লগে আদালতে দুয়োগৰাকীকে পত্নীৰ মৰ্যাদা দিবলৈ আৰু দুয়োগৰাকী পত্নীক একেলগে ৰাখিবলৈ নিৰ্দেশ দিয়ে। ৰঞ্জনা ঝাক ভৰণপোষণৰ খৰচ দিবলৈও আদেশ দিয়ে।

অৱশ্যে ৰঞ্জনাই টকা ল’বলৈ অস্বীকাৰ কৰি কয় যে তেওঁ কেৱল উদিত নাৰায়ণৰ লগত থাকিব বিচাৰে। দীপাকো গ্ৰহণ কৰি লোৱাত তেওঁৰ একো আপত্তি নাই বুলি কয়। কিন্তু আদালতৰ নিৰ্দেশৰ পিছতো কিছুদিনৰ মূৰতে উদিত নাৰায়ণে সুপৌলত (বিহাৰ) ৰঞ্জনাক থৈ আহে। ৰঞ্জনাই এবাৰ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত কৈছিল যে উদিত নাৰায়ণে প্ৰতিমাহে তেওঁৰ খৰচৰ বাবে টকা পঠিয়ায় কিন্তু যেতিয়াই তেওঁ মুম্বাইলৈ যায় তেতিয়াই তেওঁক আকৌ ঘূৰাই পঠিয়ায়। আজিও তেওঁ পত্নীৰ মৰ্যাদা পোৱাৰ আশাত ৰৈ আছে।

প্ৰিয় পাঠক... উদিত নাৰায়ণৰ এতিয়া যিমান মানহানি হৈছে সেয়া বাৰু তেওঁৰ কৰ্মফলেই নহয়নে?


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ