--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এ এম টেলিভিছন আৰু স্পৃহা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এখন নতুন অসমীয়া ছবি শীতৰে সেমেকা ৰাতি (The winter rain) আজি অৰ্থাৎ শুকুৰবাৰে সমগ্ৰ ৰাজ্যৰ ছবিগৃহত মুক্তি লাভ কৰিব ৷

ছবি খনৰ প্ৰযোজনা এ এম টেলিভিছনৰ স্বত্বাধিকাৰ ডঃ সঞ্জীৱ নাৰায়ণ,ডাঃ অক্ষতা নাৰায়ণ আৰু দীপাংকৰ কাশ্যপৰ ৷ ছবিখনৰ পৰিচালক দীপাংকৰ কাশ্যপ ৷ বৃহস্পতিবাৰে মহানগৰীৰ আইদেউ ছবি গৃহত চলচ্চিত্ৰ খনৰ প্ৰিমীয়াৰ শ্ব' মুকলি কৰা হয় ৷

প্ৰিমীয়াৰ শ্ব' মুকলি অনুষ্ঠানত উপস্থিত থাকে ছবি খনৰ প্ৰযোজক ডঃ সঞ্জীৱ নাৰায়ণ , প্ৰযোজক তথা পৰিচালক দীপাংকৰ কাশ্যপৰ লগতে ছবিখনৰ সমূহ কলা-কুশলী ৷ ছবিখন দৰ্শকে আদৰি ল’ব বুলি আশাবাদী প্ৰযোজক-পৰিচালক দীপাংকৰ কাশ্যপ ৷ আনহাতে ছবি খনৰ প্ৰিমীয়াৰ শ্ব' উপভোগ কৰি আপ্লুত উপস্থিত দৰ্শক সকল ৷

শীতৰে সেমেকা ৰাতি ছবিখনত অভিনয় কৰিছে তৃষা শইকীয়া,দীপাংকৰ ৰয়,আঞ্চিত উপাদিত্য,পলাশ্ৰী দাস,দেৱজিৎ চলিহা,হৃষিকেষ দত্ত,ৰিমঝিম ডেকা আৰু পল্লব কৌশিক বৰুৱাই ৷ ছবিখনত অতিথি শিল্পী ৰূপে আছে সিদ্ধাৰ্থ নিপন গোস্বামী আৰু চিমি ৷ ছবিখনৰ চিত্ৰনাট্যকাৰ অভিজিত নায়ক ৷ সম্পাদনা ৰাতুল দত্তৰ আৰু দৃশ্যগ্ৰহণ কৰিছে ৰামজ্যোতি কৃষ্ণচৰণে ৷ ছবিখনৰ গীতবোৰত নৃত্য নিৰ্দেশনা উদয় শংকৰ আৰু অসীম বৈশ্যৰ ৷  





 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ