--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তৰ্জাতিক নাৰী দিৱস প্ৰতি বছৰ ৮ মাৰ্চ তাৰিখে পালন কৰা হয়। সমগ্ৰ বিশ্বব্যাপী নাৰীসকলে এটি প্ৰধান উপলক্ষ্য হিচাপে এই দিৱস উদ্‌যাপন কৰে। বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰীদিৱস উদযাপনৰ প্ৰধান লক্ষ্য বেলেগ বেলেগ। ক'ৰবাত যদি নাৰীৰ প্ৰতি সাধাৰণ সন্মান আৰু শ্ৰদ্ধা প্ৰদৰ্শন উদ্‌যাপনৰ মুখ্য বিষয় হয়, অন্য ক'ৰবাত মহিলাসকলৰ আৰ্থিক, ৰাজনৈতিক আৰু সামাজিক প্ৰতিষ্ঠাই অধিক গুৰুত্ব পায়।

ইতিহাস

এই দিৱস উদ্‌যাপনৰ লগত নাৰী শ্ৰমিকৰ অধিকাৰ আদায়ৰ সংগ্ৰামৰ ইতিহাস জড়িত হৈ আছে। ১৮৫৭ চনত মজুৰিৰ ক্ষেত্ৰত দেখা পোৱা বৈষম্য, কামৰ সময় নিৰ্দিষ্ট কৰা, কৰ্মক্ষেত্ৰৰ অমানৱিক পৰিৱেশৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ সূতা কাৰখানাৰ নাৰী শ্ৰমিকসকলে আন্দোলন কৰিছিল। সেই আন্দোলন চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল। ১৯০৮ চনত নিউয়ৰ্কৰ সামাজিক গণতান্ত্ৰিক নাৰী সংগঠনে আয়োজিত কৰা নাৰী সমাবেশত জাৰ্মান সমাজতান্ত্ৰিক নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হৈছিল। ক্লাৰা এগৰাকী জাৰ্মান ৰাজনীতিবিদ; জাৰ্মান কমিউনিষ্ট পাৰ্টিৰ সদস্য। তাৰপিছত ১৯১০ চনত ডেনমাৰ্কৰ কপেনহেগেনত অনুষ্ঠিত হয় দ্বিতীয় আন্তজাৰ্তিক নাৰী সন্মিলন। 

১৭ খন দেশৰ পৰা ১০০ গৰাকী নাৰী প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিছিল। এই সন্মিলনতে ক্লাৰায়ে প্ৰতি বছৰে ৮ মাৰ্চক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ দিয়ে। তাৰ ফলশ্ৰুতিত ১৯১১ চনৰপৰা নাৰীসকলৰ সম-অধিকাৰ দিৱস হিচাপে এই দিনটো পালন কৰা হয়। এই দিৱস পালন কৰিবলৈ বিভিন্ন দেশৰ সমাজ তাত্ত্বিকসকল আগবাঢ়ি আহে। ১৯১৪ চনৰপৰা কেইবাখনো দেশত ৮ মাৰ্চ দিনটো পালন কৰিবলৈ আৰম্ভ কৰা হ’ল। ১৯৭৫ চনত ৮ মাৰ্চক আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰা হয়। এই দিৱস পালন কৰিবলৈ বিভিন্ন ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘই আহ্বান জনায়। তাৰ পিছৰ পৰা গোটেই পৃথিৱীজুৰি এই দিন নাৰীৰ সম অধিকাৰ আদায়ৰ প্ৰত্যয় পুনৰ্ব্যক্ত কৰাৰ অভিপ্সা লৈ পালন কৰা হৈছে।

আধুনিক সংস্কৃতি

বিশ্বৰ অনেক দেশত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে আনুষ্ঠানিকভাৱে চৰকাৰী ছুটীৰ দিন ঘোষণা কৰা হয়। তাৰে ভিতৰত - আফগানিস্তান, আৰ্মেনিয়া, আজাৰবাইজান, বেলাৰুছ, বুৰকিনা ফাচো,কম্বোডিয়া, কিউবা, জৰ্জিয়া, গিনি-বিচাউ, ইৰিত্ৰিয়া, কাজাখাস্তান, কিৰগিজিস্তান, লাওচ, মলদভা, মংগোলিয়া, মন্টেনিগ্ৰো, ৰুছিয়া, তাজাকিস্তান, তুৰ্কমেনিস্তান, উগাণ্ডা, ইউক্ৰেইন, উজবেকিস্তান, ভিয়েটনাম আৰু জাম্বিয়া।

তাৰোপৰি চীন, মেচিডনিয়া, মাদাগাস্কাৰ, নেপালত কেৱল নাৰীসকলে চৰকাৰী ছুটীৰ দিন উপভোগ কৰে।


উৎস- ৱিকিপিডিয়া









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ