--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুস্থ জীৱনৰ বাবে যোগক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। যোগৰ আছে অনেক উপকাৰিতা। বিভিন্ন ৰোগৰ বিৰুদ্ধে যোগে সহায় কৰে। মানসিক শান্তি আৰু উন্নত স্বাস্থ্যৰ বাবে যোগ আৰু ধ্যান অতি প্ৰয়োজনীয় বুলি বিবেচিত হৈছে। প্ৰায়ে মানুহে ভাবে যে যোগাসন কেৱল শৰীৰক নমনীয় কৰি তোলাৰ বাবেহে কৰা হয়, কিন্তু সেয়া নহয়..যোগে মানসিক দিশতো বহু সুপ্ৰভাৱ পেলায়। যোগৰ সহায়ত মানুহে গোটেই জীৱন যৌৱনক ধৰি ৰাখিব পাৰে আৰু সুস্থ হৈ থাকিব পাৰে। প্ৰায়ে মানুহে যোগক লেহেমীয়া মাধ্যম বুলি গণ্য কৰে কিন্তু সেয়া নহয়। যোগে আপোনাক বহু দিশত সুস্থ হৈ থাকিবলৈ সহায় কৰিব পাৰে। 

আজি ২১ জুন। আজি আন্তৰ্জাতিক যোগ দিৱস। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ২১ জুন তাৰিখটোক আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰে। যোগ হ'ল প্ৰাচীন ভাৰতত আৰম্ভ হোৱা এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ক্ৰিয়া। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘত ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। তেওঁ এই প্ৰস্তাৱ ২০১৪ চনৰ ২৭ চেপ্তেম্বৰ তাৰিখে আগবঢ়ায় আৰু ১১ ডিচেম্বৰত ১৯৩খন ৰাষ্ট্ৰৰ ভিতৰত ১৭৫খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে প্ৰস্তাৱটি গৃৃহীত হয়। তাৰ ঠিক পিছৰে পৰা অৰ্থাৎ ২০১৫ চনৰ পৰা সমগ্ৰ বিশ্বতে ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে।

যোগৰ কি কি উপকাৰিতা আছে জানো আহক

১)মনক শান্ত কৰি ৰাখে: পেশীৰ বাবে যোগ এক উত্তম ব্যায়াম, কিন্তু চিকিৎসা গৱেষণাই প্ৰমাণ কৰিছে যে যোগ শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে এক আশীৰ্বাদ। যোগে মানসিক চাপ দূৰ কৰে আৰু ভাল টোপনি যোৱাত সহায় কৰে। ভোক ভালদৰে লাগে। কেৱল এয়াই নহয়, হজম কাৰ্য্যও সঠিক ৰূপত হোৱাত সহায় কৰে।

২)শৰীৰ আৰু মনৰ ব্যায়াম: জিমলৈ গ'লে শৰীৰৰ ব্যায়াম ভালদৰে হয় কিন্তু মনৰ ব্যায়াম কেনেদৰে হ'ব? যোগৰ অভ্যাস ভালদৰে কৰিলে আপোনাৰ শৰীৰৰ লগতে মন সতেজ আৰু সুস্থ হৈ উঠিব। 

৩)ৰোগ দূৰ হয়: যোগাভ্যাস কৰিলে ৰোগৰ পৰাও মুক্তি পাব পাৰে। যোগে ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ শক্তি বৃদ্ধি কৰে। যোগে শৰীৰক সুস্থ আৰু ফিট কৰি তোলে।

৪)ওজন নিয়ন্ত্ৰণঃ যোগে মাংসপেশীবোৰ শক্তিশালী কৰি শৰীৰক ফিট কৰি তোলে, আনহাতে যোগৰ দ্বাৰা শৰীৰৰ পৰা চৰ্বিও কমাব পাৰি।যোগ কৰিলে শৰীৰৰ ওজন নিয়ন্ত্ৰণ হয়।

৫) ব্লাড চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ: যোগাসনৰ দ্বাৰা আপুনি ব্লাড চুগাৰৰ মাত্ৰাও নিয়ন্ত্ৰণ কৰিব পাৰে আৰু ব্লাড চুগাৰৰ মাত্ৰা হ্ৰাস কৰাত ই বহুত সহায় কৰে। মধুমেহ ৰোগীৰ বাবে যোগ অতি উপকাৰী। যোগে এল ডি এল বা বেয়া কলেষ্টেৰলো হ্ৰাস কৰে।

৬) উজ্বল ছালঃ যোগে ছাল উজ্বল কৰে। মুখ জিলিকাই তোলে। কাৰণ যোগে ৰক্ত সঞ্চালন ভালদৰে হোৱাত সহায় কৰে।ৰক্ত সঞ্চালন ভালদৰে হ'লে ছাল জিলিকি উঠে।


আমি জানো যে স্বাস্থ্যই আটাইতকৈ ডাঙৰ সম্পদ। যদি শৰীৰ আৰু মন সুস্থ হয় তেন্তে যিকোনো কাম সহজে সফলতাৰে কৰিব পাৰি। যদি স্বাস্থ্য আৰু মন ভাল হয় তেন্তে জীৱনটো সহজ হৈ পৰে। উন্নত জীৱন যাপন কৰিবলৈ হ’লে আমি মানসিক আৰু শাৰীৰিক দুয়োটা দিশতে সম্পূৰ্ণ সুস্থ হোৱাটো প্ৰয়োজনীয়। এনে অৱস্থাত যোগাসন হ'ব পাৰে আমাৰ সকলো সমস্যাৰ সমাধান। সেয়েহে আহক যোগ কৰো আৰু নিৰোগী তথা সুস্বাস্থ্যৱান হৈ থাকো।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement