--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এখন ভৰিৰ সহায়ত থিয় দি থকাটো যোগাসন বা আন শৰীৰ চৰ্চাৰেই এক অংশ। সকলো লোকে এখন ভৰিৰ সহায়ত থিয় দি বেছিপৰ থাকিব নোৱাৰে। এনে কৰিবলৈ যাওঁতে বহুতে দেহৰ ভাৰসাম্য হেৰুৱাই পেলায়।ব্যায়াম কৰাৰ সময়তে অথবা আন কোনো সময়তে এখন ভৰিৰ ওপৰত থিয় দিবলৈ গৈ দেহৰ ভাৰসাম্য হেৰুৱাই পেলোৱাটো সাধাৰণ দৃষ্টিত তেনেই সৰু কথা যদিও স্বাস্থ্য বিজ্ঞানীসকলে অৱশ্যে এনে কথাক সাধাৰণ কথা বুলি ভবা নাই।

এখন ভৰিৰ ওপৰত ভৰ দি শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰি থিয় দি থাকিব নোৱাৰাটোৱে  মাৰাত্মক ৰোগৰ ইংগিত বহন কৰে বুলি শেহতীয়া গৱেষণাত প্ৰকাশ পাইছে।

গৱেষণাত প্ৰকাশ পোৱা মতে  ১০ ছেকেণ্ডৰ বাবে এখন  ভৰিৰ ওপৰত ভাৰসাম্য ৰাখি থিয় হৈ থাকিব   নোৱাৰা মধ্যবয়স্ক আৰু বৃদ্ধ লোকসকলৰ জীৱনকালৰ দৈৰ্ঘ্যৰ প্ৰতিও ভাবুকি আহিব পাৰে। এজন ব্যক্তিয়ে কিমান ভালদৰে ভাৰসাম্য ৰাখি এখন ভৰিৰে থিয় দিব  পাৰে সেই কথাই তেনে লোকৰ স্বাস্থ্যৰ বিষয়ে এক ধাৰণা  দিব পাৰে। এখন ভৰিৰে  ভাৰসাম্য ৰাখি থিয় হৈ থাকিব  নোৱাৰাটোৱে লোকজন  ষ্ট্ৰোকত আক্ৰান্ত হ'ব পৰাৰ আশংকাৰ কথাই প্ৰতীয়মান কৰে বুলি গৱেষণাত প্ৰকাশ পাইছে।

 দুৰ্বল ভাৰসাম্যৰ   লোকসকলে ডিমেনচিয়াৰ দৰে ৰোগতো আক্ৰান্ত হোৱাৰ অধিক আশংকা থাকে।

শেহতীয়াকৈ ব্ৰিটেইন, আমেৰিকা যুক্তৰাজ্য, অষ্ট্ৰেলিয়া, ফিনলেণ্ড আৰু ব্ৰাজিলৰ বিশেষজ্ঞৰ এটা দলে ভাৰসাম্য আৰু ৰোগৰ আশংকাৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত গৱেষণা চলাইছে। ১২ বছৰীয়া অধ্যয়ন সম্পূৰ্ণ কৰি গৱেষকৰ দলটোৱে লাভ কৰা ফলাফল সমূহ শেহতীয়াকৈ ৰাজহুৱা কৰিছে।

গৱেষণাৰ ফলাফলবোৰ ব্ৰিটিছ জাৰ্নেল অফ স্পৰ্টছ মেডিচিনত প্ৰকাশ পাইছে। মুখ্য গৱেষক  ডঃ ক্লদিও গিল আৰাউজোই  এইবুলি কৈছে যে বৃদ্ধ লোকসকলৰ বাবে নিয়মীয়া স্বাস্থ্য পৰীক্ষাত এখন ভৰিৰ সন্তুলনৰ পৰীক্ষাটো অন্তৰ্ভুক্ত কৰা দৰকাৰৎ।
 গৱেষকগৰাকীৰ মতে বহুলোকৰ ভাৰসাম্য দ্ৰুতগতিত হ্ৰাস হ'বলৈ আৰম্ভ কৰে। এয়া নানান ৰোগৰ লক্ষণ হ'ব পাৰে। অধ্যয়নটোত বাবে ২০০৮ চনৰ পৰা ২০২০ চনৰ ভিতৰত ৫১ ৰ পৰা ৭৫ বছৰ বয়সৰ মুঠ ১,৭০২  গৰাকী লোকক অন্তৰ্ভূক্ত কৰা হৈছিল। 

তেওঁলোকক  ১০ ছেকেণ্ডৰ বাবে এখন ভৰিৰ ওপৰত থিয় হ'বলৈ কোৱা হৈছিল। পাঁচজনৰ ভিতৰত এজন (২১%) পৰীক্ষাত বিফল হৈছিল। পৰৱৰ্তী সময়ত তেওঁলোকৰ মাজৰে বিভিন্ন কাৰণত ১২৩ জনৰ মৃত্যু হয়। গৱেষণাটোত প্ৰকাশ পোৱা মতে ১০ ছেকেণ্ডৰ বাবেও এখন ভৰিৰ ওপৰত ভৰ দি ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰা সকলৰ মাৰক ৰোগৰ চিকাৰ হোৱাৰ আশংকা ৮৪ শতাংশলৈ বৃদ্ধি পায়।

 গৱেষণাটোত এই তথ্যও পোহৰলৈ আহিছে যে কম বয়সৰ লোকৰ তুলনাত মূলতঃ বেছি বয়সৰ বহু লোকেহে এখন ভৰিৰ ওপৰত ভৰ দি শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰি বেছিপৰ থিয় হৈ থাকিব নোৱাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু