--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এখন ভৰিৰ সহায়ত থিয় দি থকাটো যোগাসন বা আন শৰীৰ চৰ্চাৰেই এক অংশ। সকলো লোকে এখন ভৰিৰ সহায়ত থিয় দি বেছিপৰ থাকিব নোৱাৰে। এনে কৰিবলৈ যাওঁতে বহুতে দেহৰ ভাৰসাম্য হেৰুৱাই পেলায়।ব্যায়াম কৰাৰ সময়তে অথবা আন কোনো সময়তে এখন ভৰিৰ ওপৰত থিয় দিবলৈ গৈ দেহৰ ভাৰসাম্য হেৰুৱাই পেলোৱাটো সাধাৰণ দৃষ্টিত তেনেই সৰু কথা যদিও স্বাস্থ্য বিজ্ঞানীসকলে অৱশ্যে এনে কথাক সাধাৰণ কথা বুলি ভবা নাই।

এখন ভৰিৰ ওপৰত ভৰ দি শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰি থিয় দি থাকিব নোৱাৰাটোৱে  মাৰাত্মক ৰোগৰ ইংগিত বহন কৰে বুলি শেহতীয়া গৱেষণাত প্ৰকাশ পাইছে।

গৱেষণাত প্ৰকাশ পোৱা মতে  ১০ ছেকেণ্ডৰ বাবে এখন  ভৰিৰ ওপৰত ভাৰসাম্য ৰাখি থিয় হৈ থাকিব   নোৱাৰা মধ্যবয়স্ক আৰু বৃদ্ধ লোকসকলৰ জীৱনকালৰ দৈৰ্ঘ্যৰ প্ৰতিও ভাবুকি আহিব পাৰে। এজন ব্যক্তিয়ে কিমান ভালদৰে ভাৰসাম্য ৰাখি এখন ভৰিৰে থিয় দিব  পাৰে সেই কথাই তেনে লোকৰ স্বাস্থ্যৰ বিষয়ে এক ধাৰণা  দিব পাৰে। এখন ভৰিৰে  ভাৰসাম্য ৰাখি থিয় হৈ থাকিব  নোৱাৰাটোৱে লোকজন  ষ্ট্ৰোকত আক্ৰান্ত হ'ব পৰাৰ আশংকাৰ কথাই প্ৰতীয়মান কৰে বুলি গৱেষণাত প্ৰকাশ পাইছে।

 দুৰ্বল ভাৰসাম্যৰ   লোকসকলে ডিমেনচিয়াৰ দৰে ৰোগতো আক্ৰান্ত হোৱাৰ অধিক আশংকা থাকে।

শেহতীয়াকৈ ব্ৰিটেইন, আমেৰিকা যুক্তৰাজ্য, অষ্ট্ৰেলিয়া, ফিনলেণ্ড আৰু ব্ৰাজিলৰ বিশেষজ্ঞৰ এটা দলে ভাৰসাম্য আৰু ৰোগৰ আশংকাৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত গৱেষণা চলাইছে। ১২ বছৰীয়া অধ্যয়ন সম্পূৰ্ণ কৰি গৱেষকৰ দলটোৱে লাভ কৰা ফলাফল সমূহ শেহতীয়াকৈ ৰাজহুৱা কৰিছে।

গৱেষণাৰ ফলাফলবোৰ ব্ৰিটিছ জাৰ্নেল অফ স্পৰ্টছ মেডিচিনত প্ৰকাশ পাইছে। মুখ্য গৱেষক  ডঃ ক্লদিও গিল আৰাউজোই  এইবুলি কৈছে যে বৃদ্ধ লোকসকলৰ বাবে নিয়মীয়া স্বাস্থ্য পৰীক্ষাত এখন ভৰিৰ সন্তুলনৰ পৰীক্ষাটো অন্তৰ্ভুক্ত কৰা দৰকাৰৎ।
 গৱেষকগৰাকীৰ মতে বহুলোকৰ ভাৰসাম্য দ্ৰুতগতিত হ্ৰাস হ'বলৈ আৰম্ভ কৰে। এয়া নানান ৰোগৰ লক্ষণ হ'ব পাৰে। অধ্যয়নটোত বাবে ২০০৮ চনৰ পৰা ২০২০ চনৰ ভিতৰত ৫১ ৰ পৰা ৭৫ বছৰ বয়সৰ মুঠ ১,৭০২  গৰাকী লোকক অন্তৰ্ভূক্ত কৰা হৈছিল। 

তেওঁলোকক  ১০ ছেকেণ্ডৰ বাবে এখন ভৰিৰ ওপৰত থিয় হ'বলৈ কোৱা হৈছিল। পাঁচজনৰ ভিতৰত এজন (২১%) পৰীক্ষাত বিফল হৈছিল। পৰৱৰ্তী সময়ত তেওঁলোকৰ মাজৰে বিভিন্ন কাৰণত ১২৩ জনৰ মৃত্যু হয়। গৱেষণাটোত প্ৰকাশ পোৱা মতে ১০ ছেকেণ্ডৰ বাবেও এখন ভৰিৰ ওপৰত ভৰ দি ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰা সকলৰ মাৰক ৰোগৰ চিকাৰ হোৱাৰ আশংকা ৮৪ শতাংশলৈ বৃদ্ধি পায়।

 গৱেষণাটোত এই তথ্যও পোহৰলৈ আহিছে যে কম বয়সৰ লোকৰ তুলনাত মূলতঃ বেছি বয়সৰ বহু লোকেহে এখন ভৰিৰ ওপৰত ভৰ দি শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰি বেছিপৰ থিয় হৈ থাকিব নোৱাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ