--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ ক্ৰিকেট তাৰকা বিৰাট কোহলীৰ আজি জন্মদিন৷ এখন দেশৰ কোটি কোটি জনগণক নিজৰ প্ৰতিভাৰে আচ্ছন্ন কৰি ৰখা কোহলীৰ ক্ৰিকেট যাত্ৰাই পৰৱৰ্তী সময়ত সমৃদ্ধ কৰিছে দেশক, সমৃদ্ধ কৰিছে ভাৰতীয় সত্তাৰ ঐতিহ্যক৷ 

বিশ্বৰ মানচিত্ৰত দেশৰ মান উজলোৱা বিৰাট কোহলীৰ ঈৰ্ষণীয় সফলতাৰ বাট সহজ নাছিল৷ সহজ নাছিল সপোন বাটত ফুলাবলৈ ফুল৷ কোহলীয়েও পাৰ কৰিছে অলেখ বিনিদ্ৰ ৰজনী৷ কোহলীৰ নিশাহতো নিজৰি নামিছে হুমুনিয়াহৰ নদী৷ তথাপি, শ্ৰান্ত-ক্লান্ত হোৱা নাই কোহলী৷ বিৰাট লক্ষ্য অভিমুখে চিৰ গতিময় কোহলী৷ 

আজি তেওঁৰ জন্মদিন৷ কোহলীৰ জন্মদিনটো আজি হেঁপাহেৰে পালন কৰিব তেওঁৰ অনুৰাগীয়ে৷ ৩৫টা শৰৎ অতিক্ৰম কৰা কোহলীৰ সন্মুখত এতিয়া জীৱনৰ দীঘল বাট৷ দেশৰ জনগণে কোহলীৰ সফলতাৰ বাবে বাট চায়৷ লগতে, বাট চাই ৰয় কোহলীৰ প্ৰাপ্তি আৰু পূৰ্ণতাৰ বাবে৷

বিৰাট কোহলী নিঃসন্দেহে ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চী পৰিধান কৰা সৰ্বশ্ৰেষ্ঠ খেলুৱৈসকলৰ ভিতৰত অন্যতম। ২০০৮ত কুয়ালালামপুৰত ভাৰতৰ অনূৰ্ধ্ব-১৯ দলক বিশ্বকাপ জয়ৰ বাবে নেতৃত্ব দিয়াৰ সময়ত কোহলী অন্যতম শ্ৰেষ্ঠ হ’ব বুলি ভৱিষ্যদ্বাণী কৰা হৈছিল। কোহলীয়ে কেৱল ভাৰতীয় বেটিং লাইন-আপক অতি সহজে চম্ভালি লোৱাই নহয়, তেওঁ দেশৰ অন্যতম সফল ক্ৰিকেট নেতা হিচাপেও আত্মপ্ৰকাশ কৰে। কোহলীয়ে ২৬,০০০ আন্তঃৰাষ্ট্ৰীয় ৰাণ সংগ্ৰহ কৰা দ্ৰুততম ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। কোহলীয়ে শচীন তেণ্ডুলকাৰক অতিক্ৰম কৰি এই বছৰৰ আৰম্ভণিতে এই অবিশ্বাস্য কৃতিত্ব অৰ্জন কৰিছিল। কোহলীয়ে শ্ৰীলংকাৰ প্ৰাক্তন অলৰাউণ্ডাৰ সনথ জয়সূৰ্যকো অতিক্ৰম কৰি চতুৰ্থ সৰ্বাধিক এদিনীয়া ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়। সামগ্ৰিকভাৱে, কোহলীয়ে বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ তালিকাত চতুৰ্থ স্থান দখল কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু