--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ ক্ৰিকেট তাৰকা বিৰাট কোহলীৰ আজি জন্মদিন৷ এখন দেশৰ কোটি কোটি জনগণক নিজৰ প্ৰতিভাৰে আচ্ছন্ন কৰি ৰখা কোহলীৰ ক্ৰিকেট যাত্ৰাই পৰৱৰ্তী সময়ত সমৃদ্ধ কৰিছে দেশক, সমৃদ্ধ কৰিছে ভাৰতীয় সত্তাৰ ঐতিহ্যক৷ 

বিশ্বৰ মানচিত্ৰত দেশৰ মান উজলোৱা বিৰাট কোহলীৰ ঈৰ্ষণীয় সফলতাৰ বাট সহজ নাছিল৷ সহজ নাছিল সপোন বাটত ফুলাবলৈ ফুল৷ কোহলীয়েও পাৰ কৰিছে অলেখ বিনিদ্ৰ ৰজনী৷ কোহলীৰ নিশাহতো নিজৰি নামিছে হুমুনিয়াহৰ নদী৷ তথাপি, শ্ৰান্ত-ক্লান্ত হোৱা নাই কোহলী৷ বিৰাট লক্ষ্য অভিমুখে চিৰ গতিময় কোহলী৷ 

আজি তেওঁৰ জন্মদিন৷ কোহলীৰ জন্মদিনটো আজি হেঁপাহেৰে পালন কৰিব তেওঁৰ অনুৰাগীয়ে৷ ৩৫টা শৰৎ অতিক্ৰম কৰা কোহলীৰ সন্মুখত এতিয়া জীৱনৰ দীঘল বাট৷ দেশৰ জনগণে কোহলীৰ সফলতাৰ বাবে বাট চায়৷ লগতে, বাট চাই ৰয় কোহলীৰ প্ৰাপ্তি আৰু পূৰ্ণতাৰ বাবে৷

বিৰাট কোহলী নিঃসন্দেহে ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চী পৰিধান কৰা সৰ্বশ্ৰেষ্ঠ খেলুৱৈসকলৰ ভিতৰত অন্যতম। ২০০৮ত কুয়ালালামপুৰত ভাৰতৰ অনূৰ্ধ্ব-১৯ দলক বিশ্বকাপ জয়ৰ বাবে নেতৃত্ব দিয়াৰ সময়ত কোহলী অন্যতম শ্ৰেষ্ঠ হ’ব বুলি ভৱিষ্যদ্বাণী কৰা হৈছিল। কোহলীয়ে কেৱল ভাৰতীয় বেটিং লাইন-আপক অতি সহজে চম্ভালি লোৱাই নহয়, তেওঁ দেশৰ অন্যতম সফল ক্ৰিকেট নেতা হিচাপেও আত্মপ্ৰকাশ কৰে। কোহলীয়ে ২৬,০০০ আন্তঃৰাষ্ট্ৰীয় ৰাণ সংগ্ৰহ কৰা দ্ৰুততম ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। কোহলীয়ে শচীন তেণ্ডুলকাৰক অতিক্ৰম কৰি এই বছৰৰ আৰম্ভণিতে এই অবিশ্বাস্য কৃতিত্ব অৰ্জন কৰিছিল। কোহলীয়ে শ্ৰীলংকাৰ প্ৰাক্তন অলৰাউণ্ডাৰ সনথ জয়সূৰ্যকো অতিক্ৰম কৰি চতুৰ্থ সৰ্বাধিক এদিনীয়া ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়। সামগ্ৰিকভাৱে, কোহলীয়ে বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ তালিকাত চতুৰ্থ স্থান দখল কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ