--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দুখে কুলাই পাচিয়ে নধৰা হৈছে কিং খানৰ। পুত্ৰৰ লটি-ঘটিত বাদশ্বাহ ৰ টোপনি ক্ষতি! সন্তানৰ মমতাই খুলি খুলি খাইছে শ্বাহৰুখক। ভাল খবৰলৈ বাট চাওতে চাওতে চকুও বিষাইছে বাদশ্বাহ ৰ । তথাপি আশাবাদী শ্বাহৰুখ। কিন্তু বৃহস্পতিবাৰেও নাহিল আশাব্যঞ্জক খবৰ। বাদুলী ওলোমা দি ওলমিছে শ্বাহৰুখৰ দুগাল। গৌৰী খানৰ দুগালেৰে বৈ গৈছে চকুলো দুধাৰ। মুঠতে নিস্তব্ধতা,মৰিশালী সদৃশ পৰিৱেশে বিৰাজ কৰিছে বাদশ্বাহৰ ৰাজপ্ৰাসাদত। বলীউড সতীৰ্থৰ শান্তনা বাণীয়ে পাতলাব পৰা নাই শ্বাহৰুখৰ বুকুৰ গধুৰ বোজা। বলীউডত দপদপাই থকা কিং এতিয়া নিমাত,মৌন…! সম্পূৰ্ণৰূপে ভাগি পৰিছে বলীউড বাদশ্বাহ। পুত্ৰ কাৰাগাৰৰ চাৰিবেৰত আৱদ্ধ, পিতৃৰ বাদশ্বাহী জীৱন চলে কেনেকৈ! সম্পূৰ্ণৰূপে নীৰৱ হৈ পৰিছে বাদশ্বাহ। বাতিল কৰা হৈছে শ্বুটিং। পুত্ৰ মুকলি আকাশৰ তললৈ নহালৈকে শ্বুটিংলৈ ঘূৰি নোযোৱাৰো দুৰ্বাৰ প্ৰতিজ্ঞা শ্বাহৰুখৰ।

উল্লেখ্য যে, বুধবাৰে বাদশ্বাহ তনয়ৰ শুনানিৰ দিন পিছুৱাই দিছিল আদালতে। ফলস্বৰূপে, জেল হাজোততে নিশাটো কটাবলগীয়া হয় আৰিয়ানে। বৃহস্পতিবাৰে পুনৰ জামিনৰ শুনানিৰ বাবে আদালতত হাজিৰ কৰোৱা হৈছিল বাদশ্বাহ তনয়ক। তদন্তৰ আওতাত নিতৌ ওলাইছে ন-ন তথ্য। পানী নসৰকা ব্যৱস্থা হাতত লৈছে প্ৰশাসনে,নিৰূপায় কিং খানো! আৰিয়ানে নিয়মীয়াকৈ ড্ৰাগছ গ্ৰহণ কৰিছিল বুলি বৃহস্পতিবাৰে শুনানিৰ সময়ত এনচিবিৰ অধিবক্তাজনে দাবী কৰিছে।

কেবল সেয়াই নহয় আদালতৰ এক প্ৰশ্নৰ উত্তৰত অধিবক্তা অনিল সিঙে কয়, ‘এনে নহয় যে আৰিয়ানে প্ৰথমবাৰৰ বাবে ড্ৰাগছ সেৱন কৰিছে। তেওঁ নিয়মীয়াকৈ ড্ৰাগছ সেৱন কৰিছিল এই কথা আদালতত দাখিল কৰা প্ৰমাণেই স্পষ্ট কৰে।‘ বিগত কেইবছৰমানৰ পৰা ড্ৰাগছ সেৱন কৰাতো আৰিয়ানৰ অভ্যাসত পৰিণত হোৱা বুলিও দাবী এনচিবি অধিবক্তাৰ। তদুপৰি, আৰিয়ানৰ জিম্মাত কোনো ড্ৰাগছ পোৱা নগ'ল বুলি কৰা দাবীও সত্য নহয় বুলি সদৰী কৰিছে এনচিবি-এ। শুনানিৰ সময়ত শ্বাহৰুখৰ পুত্ৰই দিয়া বিবৃতিৰ সন্দৰ্ভত অধিবক্তাজনে কয়, ‘আৰিয়ান আৰু তেওঁৰ বন্ধুবৰ্গই প্ৰমোদতৰীলৈ গৈছিল মনোৰঞ্জনৰ বাবে। ড্ৰাগছখিনি তেওঁলোকৰ অজ্ঞাতে পাৰ্টীত উপলব্ধ হোৱা নাছিল,এই বিষয়ে আৰিয়ানৰ লগতে তেওঁৰ সতীৰ্থসকলে পূৰ্বেই জ্ঞাত আছিল। এই কথা আৰিয়ানেও স্বীকাৰ কৰিছে। গতিকে, তেওঁলোকে ড্ৰাগছৰ বিষয়ে নাজানে বুলি কোৱাতো অনৰ্থক।‘

কাৰাগাৰত চৰম বিচলিত, উত্তেজনাপূৰ্ণ আৰু অসহজ অৱস্থাত আৰিয়ানে দিন-ৰাতি পাৰ কৰিছে বুলিও কাৰাগাৰ কৰ্তৃপক্ষই সদৰী কৰিছে। ইফালে, মুম্বাই ড্ৰাগছ গোচৰৰ সকলো অভিযুক্তক নিৰাপত্তাজনিত কাৰণত আন কয়দীসকলৰ পৰা পৃথক বেৰেকত ৰখা হৈছে। ক’ভিড প্ৰট’ক’ল অনুসৰি, অভিযুক্ত আৰিয়ানক বুধবাৰৰ আগলৈকে কাৰাগাৰৰ কোৱাৰেণ্টাইন কোঠাতে ৰখা হৈছিল। কিন্তু এতিয়া কোৱাৰেণ্টাইনৰ ম্যাদ শেষ হৈছে আৰিয়ানৰ। আনহাতে, ক’ৰ’না পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত সাধাৰণ বেৰেকলৈ স্থানান্তৰ কৰা হৈছে আৰিয়ানক। বৃহস্পতিবাৰে আৱণ্টন কৰা, আৰিয়ান খানৰ কয়দী নম্বৰ এন৯৫৬। সম্প্ৰতি আৰ্থাৰ জেল’ত কাৰাবন্দী আৰিয়ানৰ নতুন ঠিকনা কয়দী নম্বৰ এন ৯৫৬।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক