--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দুখে কুলাই পাচিয়ে নধৰা হৈছে কিং খানৰ। পুত্ৰৰ লটি-ঘটিত বাদশ্বাহ ৰ টোপনি ক্ষতি! সন্তানৰ মমতাই খুলি খুলি খাইছে শ্বাহৰুখক। ভাল খবৰলৈ বাট চাওতে চাওতে চকুও বিষাইছে বাদশ্বাহ ৰ । তথাপি আশাবাদী শ্বাহৰুখ। কিন্তু বৃহস্পতিবাৰেও নাহিল আশাব্যঞ্জক খবৰ। বাদুলী ওলোমা দি ওলমিছে শ্বাহৰুখৰ দুগাল। গৌৰী খানৰ দুগালেৰে বৈ গৈছে চকুলো দুধাৰ। মুঠতে নিস্তব্ধতা,মৰিশালী সদৃশ পৰিৱেশে বিৰাজ কৰিছে বাদশ্বাহৰ ৰাজপ্ৰাসাদত। বলীউড সতীৰ্থৰ শান্তনা বাণীয়ে পাতলাব পৰা নাই শ্বাহৰুখৰ বুকুৰ গধুৰ বোজা। বলীউডত দপদপাই থকা কিং এতিয়া নিমাত,মৌন…! সম্পূৰ্ণৰূপে ভাগি পৰিছে বলীউড বাদশ্বাহ। পুত্ৰ কাৰাগাৰৰ চাৰিবেৰত আৱদ্ধ, পিতৃৰ বাদশ্বাহী জীৱন চলে কেনেকৈ! সম্পূৰ্ণৰূপে নীৰৱ হৈ পৰিছে বাদশ্বাহ। বাতিল কৰা হৈছে শ্বুটিং। পুত্ৰ মুকলি আকাশৰ তললৈ নহালৈকে শ্বুটিংলৈ ঘূৰি নোযোৱাৰো দুৰ্বাৰ প্ৰতিজ্ঞা শ্বাহৰুখৰ।

উল্লেখ্য যে, বুধবাৰে বাদশ্বাহ তনয়ৰ শুনানিৰ দিন পিছুৱাই দিছিল আদালতে। ফলস্বৰূপে, জেল হাজোততে নিশাটো কটাবলগীয়া হয় আৰিয়ানে। বৃহস্পতিবাৰে পুনৰ জামিনৰ শুনানিৰ বাবে আদালতত হাজিৰ কৰোৱা হৈছিল বাদশ্বাহ তনয়ক। তদন্তৰ আওতাত নিতৌ ওলাইছে ন-ন তথ্য। পানী নসৰকা ব্যৱস্থা হাতত লৈছে প্ৰশাসনে,নিৰূপায় কিং খানো! আৰিয়ানে নিয়মীয়াকৈ ড্ৰাগছ গ্ৰহণ কৰিছিল বুলি বৃহস্পতিবাৰে শুনানিৰ সময়ত এনচিবিৰ অধিবক্তাজনে দাবী কৰিছে।

কেবল সেয়াই নহয় আদালতৰ এক প্ৰশ্নৰ উত্তৰত অধিবক্তা অনিল সিঙে কয়, ‘এনে নহয় যে আৰিয়ানে প্ৰথমবাৰৰ বাবে ড্ৰাগছ সেৱন কৰিছে। তেওঁ নিয়মীয়াকৈ ড্ৰাগছ সেৱন কৰিছিল এই কথা আদালতত দাখিল কৰা প্ৰমাণেই স্পষ্ট কৰে।‘ বিগত কেইবছৰমানৰ পৰা ড্ৰাগছ সেৱন কৰাতো আৰিয়ানৰ অভ্যাসত পৰিণত হোৱা বুলিও দাবী এনচিবি অধিবক্তাৰ। তদুপৰি, আৰিয়ানৰ জিম্মাত কোনো ড্ৰাগছ পোৱা নগ'ল বুলি কৰা দাবীও সত্য নহয় বুলি সদৰী কৰিছে এনচিবি-এ। শুনানিৰ সময়ত শ্বাহৰুখৰ পুত্ৰই দিয়া বিবৃতিৰ সন্দৰ্ভত অধিবক্তাজনে কয়, ‘আৰিয়ান আৰু তেওঁৰ বন্ধুবৰ্গই প্ৰমোদতৰীলৈ গৈছিল মনোৰঞ্জনৰ বাবে। ড্ৰাগছখিনি তেওঁলোকৰ অজ্ঞাতে পাৰ্টীত উপলব্ধ হোৱা নাছিল,এই বিষয়ে আৰিয়ানৰ লগতে তেওঁৰ সতীৰ্থসকলে পূৰ্বেই জ্ঞাত আছিল। এই কথা আৰিয়ানেও স্বীকাৰ কৰিছে। গতিকে, তেওঁলোকে ড্ৰাগছৰ বিষয়ে নাজানে বুলি কোৱাতো অনৰ্থক।‘

কাৰাগাৰত চৰম বিচলিত, উত্তেজনাপূৰ্ণ আৰু অসহজ অৱস্থাত আৰিয়ানে দিন-ৰাতি পাৰ কৰিছে বুলিও কাৰাগাৰ কৰ্তৃপক্ষই সদৰী কৰিছে। ইফালে, মুম্বাই ড্ৰাগছ গোচৰৰ সকলো অভিযুক্তক নিৰাপত্তাজনিত কাৰণত আন কয়দীসকলৰ পৰা পৃথক বেৰেকত ৰখা হৈছে। ক’ভিড প্ৰট’ক’ল অনুসৰি, অভিযুক্ত আৰিয়ানক বুধবাৰৰ আগলৈকে কাৰাগাৰৰ কোৱাৰেণ্টাইন কোঠাতে ৰখা হৈছিল। কিন্তু এতিয়া কোৱাৰেণ্টাইনৰ ম্যাদ শেষ হৈছে আৰিয়ানৰ। আনহাতে, ক’ৰ’না পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত সাধাৰণ বেৰেকলৈ স্থানান্তৰ কৰা হৈছে আৰিয়ানক। বৃহস্পতিবাৰে আৱণ্টন কৰা, আৰিয়ান খানৰ কয়দী নম্বৰ এন৯৫৬। সম্প্ৰতি আৰ্থাৰ জেল’ত কাৰাবন্দী আৰিয়ানৰ নতুন ঠিকনা কয়দী নম্বৰ এন ৯৫৬।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে