--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেলিভিশ্যন অভিনেত্ৰী মাহিৰা শৰ্মাই বৰ্তমান বাতৰিৰ শিৰোনাম দখল কৰিছে৷ ক্ৰিকেটাৰ মহম্মদ চিৰাজৰ লগত ডেট কৰাৰ উৰাবাতৰি চৰ্চালৈ আহিছে। দৰাচলতে বুধবাৰে কেবাটাও খবৰত মাহিৰা আৰু চিৰাজৰ সম্পৰ্কত থকা বুলি দাবী কৰা হৈছিল। যদিও এই উৰাবাতৰিৰ প্ৰতি মাহিৰা বা ছিৰাজে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই, তথাপিও অভিনেত্ৰীগৰাকীৰ মাতৃয়ে কন্যাই ক্ৰিকেটাৰগৰাকীৰ সৈতে ডেটিং কৰাৰ উৰাবাতৰিৰ ওপৰত নীৰৱতা ভাঙি সমগ্ৰ সত্য প্ৰকাশ কৰিছে।

তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে জল্পনা-কল্পনা প্ৰথমবাৰৰ বাবে ২০২৪ চনৰ নৱেম্বৰত আৰম্ভ হৈছিল যেতিয়া ছিৰাজে অভিনেত্ৰীগৰাকীৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত ফটো এখন লাইক কৰিছিল ।

উল্লেখ্য যে বিগ বছ ১৩ৰ প্ৰতিযোগী মাহিৰা শৰ্মাৰ মাতৃয়ে কন্যাই ক্ৰিকেটাৰ ছিৰাজৰ লগত ডেটিং কৰাৰ উৰাবাতৰি নাকচ কৰিছে। এক প্ৰতিবেদন অনুসৰি মাহিৰা শৰ্মাৰ মাতৃ ছানিয়া শৰ্মাই কয়, "মানুহে যিকোনো কথা কয়। এতিয়া মোৰ ছোৱালী এজনী চেলিব্ৰিটি হোৱাৰ বাবে মানুহে তেওঁৰ নামটো যিকোনো মানুহৰ লগত লিংক কৰিব, গতিকে আমি তেওঁলোকক বিশ্বাস কৰিব লাগেনে?" তেওঁ এই জল্পনা-কল্পনাক খাৰিজ কৰি জোৰ দি কয় যে কোনোবাই জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিলে এনে উৰাবাতৰি প্ৰচাৰ কৰি।

ছানিয়া শৰ্মাই স্পষ্ট কৰি দিয়ে যে যি উৰাবাতৰি বিয়পি পৰিছে সেয়া “সম্পূৰ্ণ মিছা”। তেওঁ এই খবৰসমূহ তীব্ৰভাৱে অস্বীকাৰ কৰি মাহিৰা আৰু মহম্মদ চিৰাজৰ সম্পৰ্কত থকাৰ দাবীৰ কোনো সত্যতা নাই বুলি দৃঢ়তাৰে কয়।

উল্লেখযোগ্য যে মাহিৰা আৰু ছিৰাজে ইজনে সিজনক ছ’চিয়েল মিডিয়াত ফ’ল’ নকৰে। অৱশ্যে তেওঁলোকৰ মাজত ডেটিং উৰাবাতৰি প্ৰথমে আৰম্ভ হৈছিল ২০২৪ চনত যেতিয়া ছিৰাজে মাহিৰাৰ এখন ফটো লাইক কৰিছিল বুলি জানিব পৰা গৈছে, যিয়ে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল। অৱশ্যে মাহিৰাৰ এই পোষ্টটোত এতিয়া লাইক দেখা নাযায়, যাৰ বাবে অধিক বিভ্ৰান্তি আৰু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ইয়াৰ লগতে মাহিৰাৰ আগতে বিগ বছ ১৩ৰ সহযোগী প্ৰতিযোগী অভিনেতা পৰস ছাব্ৰাৰ সৈতে সম্পৰ্ক আছিল। তিনি বছৰ ধৰি একেলগে থকা এই দম্পতীয়ে ২০২৩ চনত পৃথক হোৱাৰ সিদ্ধান্ত লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ