--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘূৰিছে ভূ-মণ্ডল৷ প্ৰেমে নামানে কোনো সীমা’ - এইটো প্ৰেমৰ সপ্তাহ৷ আজি সপ্তাহৰ তৃতীয়টো দিন, ৯ ফেব্ৰুৱাৰী, আজি চকলেট দিৱস। এই দিনটোত প্ৰিয়জনৰ পৰা এটি মিঠা উপহাৰ পাবলৈ কোনে নিবিচাৰে! যদি আপুনি এই দিনটো বিশেষ কৰিব বিচাৰে, তেন্তে প্ৰথমে আপুনি আপোনাৰ প্ৰেয়সীক পুৱাই চকলেটদি শুভেচ্ছা বাৰ্তা দিব পাৰে। পিছে এই দিনটোত আপুনি আপোনাৰ প্ৰিয়জনক কেনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে? * আপুনি প্ৰিয়জনক উপহাৰৰ সৈতে লিখিব পাৰে, ‘তুমি মোৰ জীৱনটোত শুভ্ৰতা কঢ়িয়াই আনিছা৷ বিষাদ আৱৰণ খহাই মিঠা কৰি তুলিছে হৃদয়ৰ অনুভূতি৷ যেন এটি চকলেটহে; শুভ চকলেট দিৱস!’ * ‘মই তোমাৰ হাঁহিৰ দৰে এটিচকলেট বিচাৰিছিলো৷ কিন্তু এটুকুৰাও তোমাৰ হাঁহিৰ দৰে চকলেট বিচাৰি পোৱা নাছিলোঁ। শুভ চকলেট দিৱস!’ *‘আশা কৰোঁ তোমাৰ জীৱন চকলেটৰ দৰে মিঠা হৈ পৰক। আজি আৰু প্ৰতিদিনে তোমাৰ সৈতে থাকিম আৰু আছো। শুভচকলেট দিৱস।’ * 'চকলেটৰ দৰেই, মই গোটেই জীৱন তোমাৰ সৈতে থাকিম। আনন্দ আৰু দুখ দুয়ো মিলি ভাগ-বতৰা কৰিম। মই প্ৰতিশ্ৰুতি দিছো।' *‘ডেইৰী মিল্কে, কিটকেটক কৈছিল, মই পৃথিৱীৰ আটাইতকৈ মধুৰ, কিন্তু কিটকেটে কৈছিল, আপুনি সম্ভৱতঃ নাজানে, যিজনে ইয়াক পঢ়ি আছে তেওঁ আমাৰ তুলনাত অধিক মিঠা। শুভ চকলেট দিৱস।’ এইবৰ্ষৰ ভেলেণ্টাইন দিৱসত কেনেদৰে আপোনাৰ প্ৰেয়সীক কৰিব প্ৰেম নিৱেদন? প্ৰেমৰ সপ্তাহত দিয়ক অফুৰন্ত ভালপোৱাৰ সমাহাৰ৷ প্ৰেমে জীৱন মধুময় কৰে; সথিক সংগীয়ে জীৱন গঢ় দিয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ