--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিশা শুৱাৰ সময়ত আপুনি কিছু কাৰ্যৰ পৰা বিৰত থাকিব লাগে৷ শোৱাৰ সময়তো আমাৰ পঞ্চতন্ত্ৰয়ে ক্ৰিয়া কৰি থাকে। সেই সময়ত যদি আপোনালোকৰ মূৰৰ ওচৰত কিছু এনেকুৱা বস্তু থাকে, যাৰ পৰা নকাৰাত্মক শক্তিৰ সঞ্চালন হৈ থাকে তেতিয়া এনেকুৱা শক্তিয়ে আপোনালোকৰ জীৱন আৰু শৰীৰত বেয়া প্ৰভাৱ পেলাব পাৰে। জানো আহক কি বস্তু নিজৰ ওচৰত থ’ব লাগে। যাৰ ফলত টোপনি ভালকৈ অহাৰ লগতে সকাৰাত্মক শক্তি সঞ্চালন হয়৷ ১. কফু গুটিৰ কেইটামান টুকুৰা এখন ৰুমালত বান্ধি নিজৰ ওচৰত থৈ দিলে সকাৰাত্মক শক্তি বৃদ্ধি পায়৷ ইয়াৰ ফলত মগজু শান্ত হৈ পৰে। ২. শোৱাৰ সময়ত বেয়া কথা যদি মনলৈ বেছিকৈ আহে তেনেহ’লে আপোনালোকৰ ওপৰত আনৰ চকু পৰিছে বা নকাৰাত্মক শক্তি প্ৰভাৱ পৰিছে। ইয়াৰ পৰা বাচিবলৈ চাবুট চাউল এখন ৰঙা ৰুমালত বান্ধি নিজৰ গাৰুৰ তলত থৈ দিয়ক। চাবুট চাউল শুদ্ধতাৰ প্ৰতীক। ইয়াৰ ফলত নকাৰাত্মক শক্তি ওচৰলৈ নাহে। ৩. কোঠাৰ ভিতৰত ক’ৰবাত হ’লেও ময়ূৰ পাখি লগাব লাগে। ইয়াৰ পৰা সকাৰাত্মক বিচাৰৰ আগমন ঘটে। যাৰ ফলত বেয়া আৰু নকাৰাত্মক শক্তি ওচৰলৈ আহিব নোৱাৰে। কি বস্তু নিজৰ ওচৰত থ’ব নালাগে- ১. লেতেৰা কাপোৰ : বহু মানুহে নিজৰ লেতেৰা কাপোৰ বা আগদিনাৰ কাপোৰ বিছনাৰ ওচৰতে থৈ দিয়ে। লেতেৰা কাপোৰৰ পৰা নকাৰাত্মক শক্তি সঞ্চালন ঘটে। সেই কাৰণেটো পূজা বা শুভ কাৰ্যত লেতেৰা বা পুৰণা কাপোৰ পিন্ধিব নালাগে। ২. জোতা, চেন্দেল, মোজা আৰু ৰুমাল আদি সকলোৱে ব্যৱহাৰ কৰে। নিশা শুৱাৰ সময়ত এইবোৰ বিছনাৰ পৰা দূৰত ৰাখক। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও এইবোৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক। শাস্ত্ৰ অনুসৰি যদি এইসমূহ ওচৰত থৈ শুৱে তেতিয়া বাস্তু দোষ হয়। ৩. জোতা, চেন্দেলে বিভিন্ন ঠাইৰ পৰা বিভিন্ন শক্তি কঢ়িয়াই আনে। সেই কাৰণে এইবোৰ ঘৰৰ বাহিৰতেই থ’ব লাগে। কিন্তু যদি ভিতৰত ৰাখে কেতিয়াও বিছনাৰ ওচৰত নাৰাখিব। নিমখ, হালধি, সেন্দুৰ, তেল আৰু শুকান তুলসীৰ পাত এইসমূহ এনেকুৱা বস্তু যিবোৰ আপোনালোকে যদি নিজৰ ওচৰত ৰাখে তেতিয়া জীৱনত বহুত গভীৰভাৱে ইয়াৰ প্ৰভাৱ পৰে। ৪. তুলসীৰ পাত সন্ধিয়াৰ পাছত কেতিয়াও ছিঙিব নালাগে। বিছনা বা ৰূমত ব্যৱহাৰ নকৰিব। এনে কৰিলে তুলসী মাক অপমান কৰা হয়। ৫. বহু মানুহে নিশা দেৰিলৈকে কিতাপ পঢ়ি শোৱে বা শোৱাৰ অভ্যাস থাকে। কেতিয়াও বিছনাত কিতাপ থ’ব নালাগে। এইসমূহ আছিল সেইসমূহ বস্তু যিবোৰ আপোনালোকে বা আমি কেতিয়াও শুৱাৰ সময়ত বিছনাত বা ওচৰত থ’ব নালাগে। ঠিক সেইদৰে আপোনালোকে নিশাৰ শুৱাৰ সময়ত কিছুমান কথাৰো ধ্যান ৰাখিব লাগে। ৰাতি যদি মহিলাসকলে চুলি মেলি শুৱে তেতিয়া নকাৰাত্মক শক্তিৰ সঞ্চালন ঘটে বা আকৰ্ষিত হৈ পৰে। জ্যোতিষ শাস্ত্ৰৰ মতে ৰাতি যদি মহিলাসকলে চুলি মেলি শুৱে তেতিয়া ঘৰৰ সুখত প্ৰভাৱ পৰে। লগতে স্বামীৰো আয়ুস কমি যায়। মানুহে যেতিয়া পাৰ্টী বা বিয়ালৈ যায় তেতিয়া পাৰফিউম বা বডীস্পে’ লগাই যায়। যদি ৰাতি থাকে তেতিয়া পাৰফিউম বা বডীস্পে’ লগাই যাব নালাগে। এনেকুৱা কৰা ফলত ভাল আৰু বেয়া দুয়োটা শক্তিয়েই আমাৰ ফালে আকৰ্ষিত হয়। ৰাতি নকাৰাত্মক শক্তিৰ প্ৰভাৱ পৰা ভয় থাকে। কিন্তু বাস্তু শাস্ত্ৰৰ অনুসৰি ৰাতি গোন্ধ থকা বস্তু কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ ফলত ঘৰলৈ নকাৰাত্মক শক্তিৰ আগমন ঘটে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ