--°C
Loading...
Listen to Article
2 min read
80%
মেষ- নানা ক্ষেত্ৰত বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে। ধৈয্য নেহেৰুৱাব। শৰীৰে সংগ নিদিলে জোৰ কৰি কামত হাত নিদিব।বিনিয়োগৰ ক্ষেত্ৰতো দিনটো শুভ। শুভ সংখ্যা ৫ , শুভ ৰং বাদামী।

বৃষ- কৰ্ম ক্ষেত্ৰত কামৰ হেচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে মানসিক অশান্তি হ’ব পাৰে ।নিজৰ যত্ন লোৱা প্ৰয়োজন। প্ৰেমত সাৱধান হ’ব । শুভ সংখ্যা ১, শুভ ৰং মেৰুণ।

মিথুন- আজিৰ দিনটো শৰীৰৰ শুভ কাৰক যদিও সন্ধিয়াৰ পৰা কিছু অশান্তি হ’ব পাৰে।প্ৰয়োজন বুজি খৰচ কৰক। শিক্ষাৰ্থীৰ বাবে দিনটো উত্তম। শুভ সংখ্যা ৮, শুভ ৰং বগা।

কৰ্কট- আজি আপুনি বহুত পইচা আয় কৰিব পাৰে। দিনটো ব্যস্ত থাকিলেও স্বাস্থ্য ভালে থাকিব। ব্যৱসায়ী সকলে কষ্টৰ মাজতে কিছু লাভৱান হ’ব। শুভ সংখ্যা ২, শুভ ৰং মুগা।

সিংহ- আজিৰ দিনটো শৰীৰৰ অসুস্থতা থাকিব। মনলৈ দুশ্চিন্তা আহিব। প্ৰেম আৰু পাৰিবাৰিকত যথেষ্ট শুভ কাৰক। শিক্ষাৰ্থীৰ উৎকণ্ঠা বাঢ়িব। শুভ সংখ্যা ৯ ,শুভ ৰং ৰঙা।

কন্যা- পৰিয়ালকেন্দ্ৰিক মনৰ অশান্তি বৃদ্ধি পাব পাৰে। প্ৰেম-প্ৰীতিত মধ্যমীয়া। সহকৰ্মীয়ে কৰ্মত সহায় কৰিব। যিকোনো বিবাদত মতামত দিয়াৰ পৰা বিৰত থাকক। শুভ সংখ্যা ৩ ,শুভ ৰং নীলা।

তুলা- আবেগ নিয়ন্ত্ৰণ কৰি পদক্ষেপ লওক, তেতিয়াহে মানসিক শান্তি আহিব।আৰ্থিক আৰু কৰ্মক্ষেত্ৰত কিছু উন্নতি হ’ব। শিক্ষাৰ্থীয়ে মনত ভবাৰ ধৰণে ফল লাভ কৰিব। শুভ সংখ্যা ৬, শুভ ৰং হালধীয়া।

বৃশ্চিক-আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ হ’ব। নেতিবাচক চিন্তা পৰিহাৰ কৰক। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। সফলতাৰ পথ প্ৰশস্ত হ’ব। আয় বৃদ্ধি পাব পাৰে। শুভ সংখ্যা ৪ ,শুভ ৰং গুলপীয়া।

ধনু- আজি যিকোনো বিতৰ্কৰ পৰা আঁতৰি থাকক।বন্ধু-বান্ধৱীৰ সমৰ্থন পাব। ভ্ৰমণ লাভজনক হ’ব। কৰ্মক্ষেত্ৰত স্থানান্তৰৰ সম্ভাৱনা আছে। মানসিক অসুবিধাই আমনি দিব পাৰে। শুভ সংখ্যা ৮ ,শুভ ৰং আকাশী।

মকৰ – আত্মনিৰ্ভৰশীল হওক। বন্ধুৰ পৰা উপহাৰ হিচাপে কাপোৰ পাব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে বিনিয়োগ কৰিব পাৰে। বাহনৰ সুখ লাভ কৰিব পাৰে। শুভ সংখ্যা ৭ ,শুভ ৰং পাতল সেউজীয়া।

কুম্ভ- দিনটো অসংগঠিত হ’ব। আত্মনিয়ন্ত্ৰিত হওক। পৰিয়ালত ধৰ্মীয় অনুষ্ঠান থাকিব পাৰে। ঘৰৰ ৰক্ষণাবেক্ষণৰ বাবে খৰচ বৃদ্ধি পাব পাৰে। বৈবাহিক সুখ বাঢ়িব। শুভ সংখ্যা ২,শুভ ৰং সোণালী।

মীন- কৰ্ম, বাণিজ্য আৰু আৰ্থিকত উন্নতি হ’ব।শিক্ষাৰ্থীৰ মনৰ উৎসাহ বাঢ়িব পাৰে। মাতৃৰ সহায়ত টকা পোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত অধিক কঠোৰ পৰিশ্ৰম হ’ব। শুভ সংখ্যা ৮, শুভ ৰং ৰূপালী।









FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ