--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি বুধবাৰ, জ্যোতিষ শাস্ত্ৰত গণেশৰ নামত উৎসৰ্গিত দিন। ইফালে শাওণ মাহ চলি আছে। ফলস্বৰূপে আজি বহুতো ৰাশিয়ে পাব শিৱ আৰু গণেশৰ আশীৰ্বাদ। ভৰি পৰিব সুখ-সমৃদ্ধিৰে, উন্নত হ’ব আৰ্থিক অৱস্থা, জানো আহক।

 ১. মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হ’ব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে। মনত অস্থিৰতা থাকিব, বন্ধু-বান্ধৱীৰ সহায়ত ব্যৱসায়ৰ উন্নতি হব। কৰ্মব্যস্ততা বৃদ্ধিৰ লগতে পাৰিবাৰিক সমস্যা থাকিব, খৰচ বৃদ্ধি পাব।

২. বৃষ ৰাশিৰ লোকসকলে লিখা-মেলা আৰু গৱেষণামূলক কামত ব্যস্ততা বঢ়াৰ লগতে আয় বৃদ্ধি হ’ব পাৰে। পত্নীৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত। কৰ্মব্যস্ততা বৃদ্ধি পাব পাৰে, ধৈৰ্য্যৰে পৰিস্থিতি চম্ভালক। কৰ্মক্ষেত্ৰত কৰ্ম উন্নতিৰ লগতে সুস্বাদু খাদ্যৰ প্ৰতি আগ্ৰহ বাঢ়িব পাৰে। পৰিয়ালৰ সহায় লাভ কৰিব।

৩. মিথুন ৰাশিৰ লোকসকলৰ ব্যস্ততা বৃদ্ধি পাব। জৰুৰী কামত মনোনিৱেশ কৰিব। যদি চৰকাৰী কিবা কাম বাকী আছে তেন্তে সেয়া পূৰ্ণ হ’ব। বহুদিনৰ কোনো আবদ্ধ কাম আছে, তেন্তে সেয়া পূৰণ হব পাৰে। আপোনাৰ আৰ্থিক অৱস্থা ভাল হব।

৪. কৰ্কট ৰাশিৰ লোকসকলৰ আজি দিনটো আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হ’ব। অকাৰণতে খং নকৰিব, বন্ধুৰ পৰা সহায় লাভ কৰিব। মনত শান্তি থাকিব। নেতিবাচক চিন্তা পৰিহাৰ কৰক। ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহ বাঢ়িব। মাতৃৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা থাকিব পাৰে।

৫. সিংহ ৰাশিৰ লোকসকলৰ মনত সুখ বৃদ্ধ পাব। বন্ধু-বান্ধৱীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব, পৰিয়ালৰ সমৰ্থন লাভ কৰিব। চাকৰি স্থান পৰিৱৰ্তন হ’ব পাৰে। বন্ধু-বান্ধৱীৰ পৰা সহায় পাব।

৬. কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আত্মবিশ্বাস বাঢ়িব। পত্নীৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা থাকিব পাৰে। ব্যৱসায়ত মনোনিৱেশ কৰিব। সঞ্চয় হ্ৰাস হ’ব। কৰ্মস্থলীত কৰ্মক্ষেত্ৰত অসুবিধা হব পাৰে। অপ্ৰয়োজনীয় যুক্তিৰ পৰা বিৰত থাকক।

 ৭. তুলা ৰাশিৰ লোকসকলে ভাল সুযোগ পাব। ক্ষুদ্ৰ ব্যৱসায়ীয়ে লাভ কৰিব। ব্যৱসায়ত সমস্যা সমাধান কৰিব পাৰিব। যিসকলে বহিঃৰাজ্যত কাম কৰিব বিচাৰে তেওঁলোকে নতুন সুযোগ পাব। পত্নীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

 ৮. বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটো শুভ হোৱাৰ লগতে আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হ’ব। অভিভাৱকৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক। আপুনি আপোনাৰ পত্নীৰ সহায় লাভ কৰিব। ব্যৱসায়িক ব্যয়ৰ বৃদ্ধি পাব। পৰিয়ালত ধৰ্মীয় অনুষ্ঠান হব পাৰে। কৰ্মস্থলীত বিষয়াসকলৰ সৈতে সম্পৰ্ক অৱনতি হব পাৰে।

 ৯. ধনু ৰাশিৰ লোকসকলৰ আজিৰ দিনটো শুভ। মাতৃৰ স্বাস্থ্যৰ উন্নতি হ’ব। ঘৰত অনুষ্ঠিত হ’ব পাৰে ধৰ্মীয় অনুষ্ঠান। বন্ধু-বান্ধৱীৰ পৰা সহায় লাভ কৰিব। কথা-বতৰাত সংযম ৰক্ষা কৰি আত্মবিশ্বাসেৰে আগবাঢ়ক।

১০. মকৰ ৰাশিৰ লোকসকলৰ আজিৰ দিনটো শুভ হোৱাৰ লগতে পৰিয়ালত ধৰ্মীয় অনুষ্ঠান হব পাৰে। বন্ধু-বান্ধৱীৰ সহায়ত উপাৰ্জন বৃদ্ধি হ’ব পাৰে। ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। সম্পত্তিৰ বিবাদ হব পাৰে। চাকৰিটোত জ্যেষ্ঠজনৰ সহায় লাভ কৰা লগতে আয় বৃদ্ধি হব।

১১. কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে শৈক্ষিক আৰু গৱেষণামূলক কামত ভাল ফলাফল লাভ কৰিব। দীৰ্ঘদিন ধৰি আবদ্ধ হৈ থকা ধন ঘূৰাই পাব পাৰে। শৈক্ষিক কামত ভাল ফলাফল লাভ কৰিব। কথাত কঠোৰতা বৃদ্ধি পাব পাৰে।

১২.  মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত অকাৰণত খং নকৰিব। কথা-বতৰাত ধৈৰ্য্য ধৰিব। শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। বন্ধুৰ সহায়ত চাকৰিৰ সুযোগ আহিব পাৰে। পৰিয়ালত বিভ্ৰান্তি হব পাৰে। শিল্প আৰু সংগীতৰ প্ৰতি আগ্ৰহ থাকিব। সন্তানৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ