--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰতিবাদী কৃষক আৰু চৰকাৰৰ মাজত আজি বিয়লি অনুষ্ঠিত হ’ব অষ্টম পৰ্যায়ৰ আলোচনা। তিনিখনকৈ বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত প্ৰায় ডেৰমাহ ধৰি প্ৰতিবাদৰত হৈ থকা কৃষকসকলৰে ইয়াৰ পূৰ্বে হোৱা সাতটাকৈ পৰ্যায়ৰ আলোচনা ব্যৰ্থ হোৱাৰ পাছত আজি অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ পূৰ্বে এই আলোচনা ফলপ্ৰসু হ’ব বুলি আশা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

আৰু পঢ়িব পাৰিব : নতুন ক’ভিড ষ্ট্ৰেইনৰ ভয়াৱহতাৰ মাজতে লণ্ডনৰপৰা ভাৰতলৈ আহিল ২৪৬জন লোক

কেন্দ্ৰীয় কৃষি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী কৈলাস চৌধুৰীয়ে এইলানি আলোচনাৰ জৰিয়তে এটা সমাধানমুখী সিদ্ধান্তত উপনীত হোৱাৰ আশা কৰিছে। তেওঁ কয়, ‘শুকুৰবাৰৰ আলোচনাৰ জৰিয়তে এটা সমাধানৰ পথ ওলাব। প্ৰতিবাদী কৃষকসকলে প্ৰথমখন বৈঠকতে উত্থাপন কৰা বিষয়সমূহক লৈ যি অচলাৱস্থা চলি আছে সেয়া সমাধান হ’ব বুলি আমি আশাবাদী।’

আৰু পঢ়িব পাৰিব : ক’ভিড ভেকচিনৰ দ্বিতীয় পৰ্যায়ৰ ড্ৰাই ৰান : গুৱাহাটীৰ ক’ত হ’ব এই প্ৰক্ৰিয়া ?

আজি বিয়লি ২ বজাত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ, পীযুষ গোৱেল তথা সোম প্ৰকাশৰ সৈতে ৪০টা প্ৰতিবাদৰত কৃষক সংগঠনৰ প্ৰতিনিধিৰ সৈতে বিজ্ঞান ভৱনত বৈঠক অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় চৰকাৰে কৃষি আইন তিনিখনৰ সংশোধনৰ বাবে সন্মত হ’লেও প্ৰতিবাদী কৃষকসকলে কৃষি আইন তিনিখন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ দাবীত অটল হৈ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু