--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰতিবাদী কৃষক আৰু চৰকাৰৰ মাজত আজি বিয়লি অনুষ্ঠিত হ’ব অষ্টম পৰ্যায়ৰ আলোচনা। তিনিখনকৈ বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত প্ৰায় ডেৰমাহ ধৰি প্ৰতিবাদৰত হৈ থকা কৃষকসকলৰে ইয়াৰ পূৰ্বে হোৱা সাতটাকৈ পৰ্যায়ৰ আলোচনা ব্যৰ্থ হোৱাৰ পাছত আজি অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ পূৰ্বে এই আলোচনা ফলপ্ৰসু হ’ব বুলি আশা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

আৰু পঢ়িব পাৰিব : নতুন ক’ভিড ষ্ট্ৰেইনৰ ভয়াৱহতাৰ মাজতে লণ্ডনৰপৰা ভাৰতলৈ আহিল ২৪৬জন লোক

কেন্দ্ৰীয় কৃষি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী কৈলাস চৌধুৰীয়ে এইলানি আলোচনাৰ জৰিয়তে এটা সমাধানমুখী সিদ্ধান্তত উপনীত হোৱাৰ আশা কৰিছে। তেওঁ কয়, ‘শুকুৰবাৰৰ আলোচনাৰ জৰিয়তে এটা সমাধানৰ পথ ওলাব। প্ৰতিবাদী কৃষকসকলে প্ৰথমখন বৈঠকতে উত্থাপন কৰা বিষয়সমূহক লৈ যি অচলাৱস্থা চলি আছে সেয়া সমাধান হ’ব বুলি আমি আশাবাদী।’

আৰু পঢ়িব পাৰিব : ক’ভিড ভেকচিনৰ দ্বিতীয় পৰ্যায়ৰ ড্ৰাই ৰান : গুৱাহাটীৰ ক’ত হ’ব এই প্ৰক্ৰিয়া ?

আজি বিয়লি ২ বজাত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ, পীযুষ গোৱেল তথা সোম প্ৰকাশৰ সৈতে ৪০টা প্ৰতিবাদৰত কৃষক সংগঠনৰ প্ৰতিনিধিৰ সৈতে বিজ্ঞান ভৱনত বৈঠক অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় চৰকাৰে কৃষি আইন তিনিখনৰ সংশোধনৰ বাবে সন্মত হ’লেও প্ৰতিবাদী কৃষকসকলে কৃষি আইন তিনিখন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ দাবীত অটল হৈ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ