--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নাছা আৰু স্পেচএক্সে শনিবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ মানৱবাহী অভিযান সফলতাৰে আৰম্ভ কৰে। যোৱা জুন মাহৰ পৰা মহাকাশত আবদ্ধ হৈ থকা নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰক ঘূৰাই অনাৰ বাবে এই অভিযান প্ৰেৰণ কৰা হৈছে।

২৮৭ দিন ধৰি মহাকাশত আবদ্ধ হৈ আছে সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ । উল্লেখ্য যে, ইয়াৰ পূৰ্বে সুনীতাক ঘূৰাই অনাৰ অভিযান বিফল হৈছিল। একে সময়তে বিভিন্ন অভিযান আৰম্ভ কৰাৰ তাৰিখ কেইবাবাৰো সলনি কৰা হৈছিল। যদি সকলো ঠিকে থাকে তেন্তে মহাকাশত প্ৰায় ২৮৭ দিন কটোৱাৰ পাছত সুনীতা উইলিয়ামছে নিৰাপদে পৃথিৱীলৈ উভতি আহিব।

সুনীতা উইলিয়ামছক ঘূৰাই অনাৰ এই অভিযানক Crew-10 নাম দিয়া হৈছে । এই অভিযানত মুঠ ৪ জন মহাকাশচাৰীক অন্তৰ্ভুক্ত কৰা হৈছে।

শনিবাৰে পুৱা ৪:৩৩ বজাত নাছাৰ ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা স্পেচএক্স ফেলকন ৯ ৰকেটত উৰা মাৰিছিল ড্ৰেগন মহাকাশযানখনে। মহাকাশৰ পৰা সুনীতা উইলিয়ামছৰ উভতি অহাৰ বাবে আজি এক অতি গুৰুত্বপূৰ্ণ দিন। আজি (১৬ মাৰ্চ) নাছাৰ মিছন ক্ৰু-১০ মহাকাশ কেন্দ্ৰটোৰ সৈতে সংযোগ কৰিব। ইয়াৰ পিছতেই সুনীতা উইলিয়ামছে মহাকাশৰ পৰা বিদায় ল’ব।

আমেৰিকাৰ মহাকাশ সংস্থা নাছাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে,‘ফেলকন ৯ য়ে মহাকাশ কেন্দ্ৰলৈ ড্ৰেগনৰ ১৪ সংখ্যক মানৱ মহাকাশ উৰণ অভিযান ক্ৰু-১০ উৎক্ষেপণ কৰে। ক্ৰু-১০ অভিযানে নাছাৰ মহাকাশচাৰী এন্নে মেকক্লেইন আৰু নিকোল আয়াৰ্ছ, জাপান এৰ’স্পেচ এক্সপ্ল’ৰেচন এজেন্সীৰ (জেএক্সা) মহাকাশচাৰী টাকুয়া অনিছি আৰু ৰাছিয়াৰ মহাকাশ সংস্থা ৰস্ক’ছমছ মহাকাশচাৰী কিৰিল পেস্কোভক আই এছ এছলৈ লৈ যাব।

আই এছ এছৰ দিশে যোৱা মহাকাশযানখনে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত স্বায়ত্তশাসিতভাৱে ডক কৰিবলৈ প্ৰায় ২৮.৫ ঘণ্টা সময় লাগিব। ক্ৰু-১০ কক্ষপথ পৰীক্ষাগাৰত উপস্থিত হোৱাৰ পিছত নাছাৰ স্পেচএক্স ক্ৰু-৯ মিছনে সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰক লৈ পৃথিৱীলৈ উভতি আহিব।

প্ৰথমে ১৩ মাৰ্চত উৎক্ষেপণৰ পৰিকল্পনা কৰা হৈছিল কিন্তু ৰকেটৰ গ্ৰাউণ্ড চাপৰ্ট ক্লেম্প আৰ্মৰ হাইড্ৰলিক ব্যৱস্থাৰ সমস্যাৰ বাবে উৎক্ষেপণৰ এঘণ্টাৰ আগতে বাতিল কৰিবলগীয়া হয় ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ