--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রত প্রায় ৯ মাহ আবদ্ধ হৈ থকাৰ পাছত আমেৰিকাৰ মহাকাশচাৰীদ্বয় সুনীতা উইলিয়ামছ আৰু বুচ্চউইলম'ৰ আজি সন্ধিয়া পৃথিৱীলৈ উভতি আহিব।

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এই কথা প্রকাশ কৰে। নাছাই কালি এটা বিবৃতিত কয় যে তেওঁলোকক লৈ অহা স্পেচএক্সৰ ক্রু ড্রেগন মহাকাশযানখনে আমেৰিকাৰ ফ্লৰিডা উপকূলত আজি সন্ধিয়া (স্থানীয় সময়মতে) ৫-৫৭ বজাত (ভাৰতীয় সময়মতে কাইলৈ শেষ নিশা ৩-৩০ বজা) অৱতৰণ কৰিব। 

তেওঁলোকৰ লগত ৰাছিয়াৰ এজন মহাকাশচাৰীও আহিব। উল্লেখযোগ্য যে উইলিয়ামছ আৰু উইলম'ৰ যোৱা বছৰ জুনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রলৈ গৈছিল। তেওঁলোক বয়িং ষ্টাৰলাইনাৰ যানত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রত উপস্থিত হৈছিল, কিন্তু যানখনত দেখা দিয়া বিজুতিৰ বাবে তেওঁলোক উভতি অহাত সমস্যাৰ সৃষ্টি হয়। ফলত তেওঁলোক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রত প্রায় ৯ মাহ আবদ্ধ হৈ থাকিবলগীয়া হয়। নাছাই প্ৰকাশ কৰা অনুসৰি সুনীতাৰ পৃথিৱীলৈ প্ৰত্যাৱৰ্তনৰ সময় এনেদৰে নিৰ্ধাৰণ কৰা হৈছে যে মহাকাশ কেন্দ্ৰৰ দলটোৱে তাত নিজৰ সকলো কাম সম্পূৰ্ণ কৰি আহিব পাৰে।

নাছাই লগতে প্রকাশ কৰে যে ড্রেগন মহাকাশযানখনৰ পৃথিৱীলৈ প্ৰত্যাৱৰ্তনৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হ'ব। এই সম্প্ৰচাৰ আজি পুৱা ৮-৩০ বজাৰ পৰা আৰম্ভ হয়। নাছাৰ মহাকাশচাৰী নিক হেগ আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গ'ৰবুনভো ড্রেগন কেপছুলত পৃথিৱীলৈ উভতি আহিব। উল্লেখযোগ্য যে সুনীতা আৰু উইলম'ৰ মাত্ৰ কেইদিনমানৰ বাবে মহাকাশ কেন্দ্রটোলৈ গৈছিল।

উৎস- দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ