--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত ৫খন টি-২০ শৃংখলাৰ চাৰিখন ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। আজি বাংগালুৰুত অনুষ্ঠিত হ’ব অন্তিম তথা নিৰ্ণায়ক পঞ্চম টি-২০ মেচখন। প্ৰথম আৰু দ্বিতীয় মেচত পৰাস্ত হোৱাৰ পাছতো ২-২ৰ সমতা স্থাপন কৰিবলৈ সক্ষম হৈছে ভাৰতীয় দলটোৱে। লক্ষ্যণীয়ভাৱে একেটা দলেৰে ভাৰতে চাৰিওখন মেচত অৱতীৰ্ণ হৈছে। আজি এম চিন্নাস্বামী ষ্টেডিয়ামত নিৰ্ণায়ক ষ্টেডিয়ামখনত ফেভাৰিট হিচাপে অৱতীৰ্ণ হ’ব। 

অতিথি দলটোক পৰাস্ত কৰি ভাৰতীয় দলটোৱে ছিৰিজ দখলৰ পোষকতা কৰিছে অনুৰাগীয়ে। অৱশ্যে, পঞ্চম টি-২০ত ভাৰতীয় মূল একাদশৰ কিবা পৰিৱৰ্তন কৰা হ’ব নেকি সেয়া মেচৰ পূৰ্বেহে নিৰ্ধাৰণ হ’ব। আজিলৈকে ঘৰৰ মাটিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ ছিৰিজত জয়ী হোৱা নাই ভাৰতে। 

যদি আজি ভাৰতে জয়লাভ কৰে তেন্তে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলীয়ে যি কৰিব নোৱাৰিলে সেই কাম কৰিব পাৰিব নেকি অধিনায়ক ঋষভ পণ্টে? ঘৰৰ মাটিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ এয়া তৃতীয়খন টি-২০ শৃংখলা। ২০১৫/১৬ বৰ্ষত মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন দলটোৱে ২-০ৰ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। 

তিনিখন মেচৰ শৃংখলাৰ অন্তিমখন মেচ বৰষুণত স্তব্ধ হৈ পৰে। একে সময়তে ২০১৯/২০ বৰ্ষত বিৰাট কোহলীৰ নেতৃত্বত শৃংখলা ১-১ ব্যৱধানত ড্ৰ’ হৈছিল। সেই সময়তো এখন মেচত বৰষুণে বিধি-পথালি দিছিল। আজি ভাৰত জয়ী হ’লে স্বাভাৱিকতে ঋষভ পণ্টৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে ইতিহাস ৰচিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু