--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত ৫খন টি-২০ শৃংখলাৰ চাৰিখন ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। আজি বাংগালুৰুত অনুষ্ঠিত হ’ব অন্তিম তথা নিৰ্ণায়ক পঞ্চম টি-২০ মেচখন। প্ৰথম আৰু দ্বিতীয় মেচত পৰাস্ত হোৱাৰ পাছতো ২-২ৰ সমতা স্থাপন কৰিবলৈ সক্ষম হৈছে ভাৰতীয় দলটোৱে। লক্ষ্যণীয়ভাৱে একেটা দলেৰে ভাৰতে চাৰিওখন মেচত অৱতীৰ্ণ হৈছে। আজি এম চিন্নাস্বামী ষ্টেডিয়ামত নিৰ্ণায়ক ষ্টেডিয়ামখনত ফেভাৰিট হিচাপে অৱতীৰ্ণ হ’ব। 

অতিথি দলটোক পৰাস্ত কৰি ভাৰতীয় দলটোৱে ছিৰিজ দখলৰ পোষকতা কৰিছে অনুৰাগীয়ে। অৱশ্যে, পঞ্চম টি-২০ত ভাৰতীয় মূল একাদশৰ কিবা পৰিৱৰ্তন কৰা হ’ব নেকি সেয়া মেচৰ পূৰ্বেহে নিৰ্ধাৰণ হ’ব। আজিলৈকে ঘৰৰ মাটিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ ছিৰিজত জয়ী হোৱা নাই ভাৰতে। 

যদি আজি ভাৰতে জয়লাভ কৰে তেন্তে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলীয়ে যি কৰিব নোৱাৰিলে সেই কাম কৰিব পাৰিব নেকি অধিনায়ক ঋষভ পণ্টে? ঘৰৰ মাটিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ এয়া তৃতীয়খন টি-২০ শৃংখলা। ২০১৫/১৬ বৰ্ষত মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন দলটোৱে ২-০ৰ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। 

তিনিখন মেচৰ শৃংখলাৰ অন্তিমখন মেচ বৰষুণত স্তব্ধ হৈ পৰে। একে সময়তে ২০১৯/২০ বৰ্ষত বিৰাট কোহলীৰ নেতৃত্বত শৃংখলা ১-১ ব্যৱধানত ড্ৰ’ হৈছিল। সেই সময়তো এখন মেচত বৰষুণে বিধি-পথালি দিছিল। আজি ভাৰত জয়ী হ’লে স্বাভাৱিকতে ঋষভ পণ্টৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে ইতিহাস ৰচিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ