--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈ বাৰ্মিংহামত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ২০২২। ভাৰতৰ অলিম্পিক স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ নেতৃত্বত ৩৭ জনীয়া এটা দলে কমনৱেলথ গেমছত প্ৰতিনিধিত্ব কৰিব বুলি ঘোষণা কৰিছে দ্য এথলেটিকছ ফেডাৰেচন অৱ ইণ্ডিয়াই। অৱশ্যে, সর্বভাৰতীয় এথলেটিকছ ফেডাৰেচনে প্রকাশ কৰা তালিকাখন সলনি হ’ব পাৰে বুলি জানিবলৈ পোৱা গৈছে৷ ২৫-২৬ জুনত কাজাখস্তানত অনুষ্ঠিত হ’ব বিশ্ব এথলেটিকছ কন্টিনেণ্টেল ট্যুৰ ইভেণ্ট। ভাৰতৰ কেইবাগৰাকী খেলুৱৈয়ে নিজৰ যোগ্যতা প্ৰমাণ কৰিব লাগিব। তাৰপাছতেই প্ৰকাশ পাব চূড়ান্ত তালিকাখন।

ফেডাৰেচন কাপত লং জাম্পাৰ জেচুইন এলড্ৰিন আৰু মাৰাথন দৌৰবিদ শ্ৰীনু বুগাথাই এএফআইৰ মানদণ্ড স্পৰ্শ কৰিছিল যদিও তেওঁলোকক ৰখা নহ’ল। তেজস্বীন শংকৰেও শেহতীয়াকৈ হাই জাম্পত এনচিএএৰ ২.২৭ মিটাৰৰ সীমা স্পৰ্শ কৰিছে, তেওঁকো ড্ৰপ কৰা হৈছে। এএফআইৰ সভাপতি আদিল সুমৰিৱালাই কয় যে, ‘একাংশ খেলুৱৈৰ প্ৰদৰ্শনত আমি সন্তুষ্ট নহয়। কাজাখাস্থানত নিজকে প্ৰমাণ কৰিব পাৰিলেহে পাৰপত্ৰ লাভ কৰিব তেওঁলোকে। শ্বট পাটাৰ তাজিন্দৰ পাল সিং তুৰ আৰু ডিস্কাছ থ্ৰ’ৱাৰ সীমা পুনিয়াও এই তালিকাত নাই।’

৩৭ সদস্যৰ দল:

পুৰুষ দল: অবিনাশ চেবল (৩০০০ মিটাৰ, ৫০০০ মিটাৰ ষ্টেপলচেজ), আমোজ জেকব, মোৱা নিৰ্মল টম, আৰোকিয়া ৰাজীৱ, মহম্মদ আজমল, নগন্থন পাণ্ডী, ৰাজেশ ৰমেশ (৪x৪০০ মিটাৰ ৰিলে); নিতেন্দৰ ৰাৱট (মাৰাথন); মনু দীপ, নীৰজ চোপ্ৰা, ৰোহিত যাদৱ (জেভেলিন থ্ৰ’); এম শ্ৰীশংকৰ, মহম্মদ অনিছ য়াহ্যা (লং জাম্প); আব্দুল্লা আবুবাকৰ, প্ৰবীণ চিত্ৰাভেল, এলধোছ পল (ট্ৰিপল জাম্প); সন্দীপ কুমাৰ, অমিত (১০ কিলোমিটাৰ খোজ)

মহিলা দল: ধনলক্ষ্মী (১০০ মিটাৰ, ৪x১০০ মিটাৰ ৰিলে); জ্যোতি ইয়াৰাজী (১০০ মিটাৰ হাৰ্টজেট); মনপ্ৰীত কৌৰ (শ্বট পুট), অনু ৰাণী (জেভেলিন থ্ৰ’); ঐশ্বৰ্য বি (লং জাম্প, ট্ৰিপল জাম্প); আনছী সোজন (লং জাম্প); ভাবনা জাট, প্ৰিয়ংকা গোস্বামী (১০ কিলোমিটাৰ খোজ); হিমা দাস, দ্যুতি চান্দ, শ্ৰাৱণী নন্দা, ঝিলনা এম ভি, চিমি এন এছ (৪x১০০ মিটাৰ ৰিলে)

চৰ্তসাপেক্ষ প্ৰৱেশ: তাজিন্দৰ পাল সিং তুৰ (শ্বট পুট), নৱজিৎ কৌৰ আৰু সীমা পুনিয়া (ডি
ডিছকাছ থ্ৰ’), সৰিতা আৰ সিং আৰু মঞ্জু বালা দেৱী (হামাৰ থ্ৰ’) আৰু শিল্পা ৰাণী (জেভেলিন থ্ৰ’)।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ