--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈ বাৰ্মিংহামত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ২০২২। ভাৰতৰ অলিম্পিক স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ নেতৃত্বত ৩৭ জনীয়া এটা দলে কমনৱেলথ গেমছত প্ৰতিনিধিত্ব কৰিব বুলি ঘোষণা কৰিছে দ্য এথলেটিকছ ফেডাৰেচন অৱ ইণ্ডিয়াই। অৱশ্যে, সর্বভাৰতীয় এথলেটিকছ ফেডাৰেচনে প্রকাশ কৰা তালিকাখন সলনি হ’ব পাৰে বুলি জানিবলৈ পোৱা গৈছে৷ ২৫-২৬ জুনত কাজাখস্তানত অনুষ্ঠিত হ’ব বিশ্ব এথলেটিকছ কন্টিনেণ্টেল ট্যুৰ ইভেণ্ট। ভাৰতৰ কেইবাগৰাকী খেলুৱৈয়ে নিজৰ যোগ্যতা প্ৰমাণ কৰিব লাগিব। তাৰপাছতেই প্ৰকাশ পাব চূড়ান্ত তালিকাখন।

ফেডাৰেচন কাপত লং জাম্পাৰ জেচুইন এলড্ৰিন আৰু মাৰাথন দৌৰবিদ শ্ৰীনু বুগাথাই এএফআইৰ মানদণ্ড স্পৰ্শ কৰিছিল যদিও তেওঁলোকক ৰখা নহ’ল। তেজস্বীন শংকৰেও শেহতীয়াকৈ হাই জাম্পত এনচিএএৰ ২.২৭ মিটাৰৰ সীমা স্পৰ্শ কৰিছে, তেওঁকো ড্ৰপ কৰা হৈছে। এএফআইৰ সভাপতি আদিল সুমৰিৱালাই কয় যে, ‘একাংশ খেলুৱৈৰ প্ৰদৰ্শনত আমি সন্তুষ্ট নহয়। কাজাখাস্থানত নিজকে প্ৰমাণ কৰিব পাৰিলেহে পাৰপত্ৰ লাভ কৰিব তেওঁলোকে। শ্বট পাটাৰ তাজিন্দৰ পাল সিং তুৰ আৰু ডিস্কাছ থ্ৰ’ৱাৰ সীমা পুনিয়াও এই তালিকাত নাই।’

৩৭ সদস্যৰ দল:

পুৰুষ দল: অবিনাশ চেবল (৩০০০ মিটাৰ, ৫০০০ মিটাৰ ষ্টেপলচেজ), আমোজ জেকব, মোৱা নিৰ্মল টম, আৰোকিয়া ৰাজীৱ, মহম্মদ আজমল, নগন্থন পাণ্ডী, ৰাজেশ ৰমেশ (৪x৪০০ মিটাৰ ৰিলে); নিতেন্দৰ ৰাৱট (মাৰাথন); মনু দীপ, নীৰজ চোপ্ৰা, ৰোহিত যাদৱ (জেভেলিন থ্ৰ’); এম শ্ৰীশংকৰ, মহম্মদ অনিছ য়াহ্যা (লং জাম্প); আব্দুল্লা আবুবাকৰ, প্ৰবীণ চিত্ৰাভেল, এলধোছ পল (ট্ৰিপল জাম্প); সন্দীপ কুমাৰ, অমিত (১০ কিলোমিটাৰ খোজ)

মহিলা দল: ধনলক্ষ্মী (১০০ মিটাৰ, ৪x১০০ মিটাৰ ৰিলে); জ্যোতি ইয়াৰাজী (১০০ মিটাৰ হাৰ্টজেট); মনপ্ৰীত কৌৰ (শ্বট পুট), অনু ৰাণী (জেভেলিন থ্ৰ’); ঐশ্বৰ্য বি (লং জাম্প, ট্ৰিপল জাম্প); আনছী সোজন (লং জাম্প); ভাবনা জাট, প্ৰিয়ংকা গোস্বামী (১০ কিলোমিটাৰ খোজ); হিমা দাস, দ্যুতি চান্দ, শ্ৰাৱণী নন্দা, ঝিলনা এম ভি, চিমি এন এছ (৪x১০০ মিটাৰ ৰিলে)

চৰ্তসাপেক্ষ প্ৰৱেশ: তাজিন্দৰ পাল সিং তুৰ (শ্বট পুট), নৱজিৎ কৌৰ আৰু সীমা পুনিয়া (ডি
ডিছকাছ থ্ৰ’), সৰিতা আৰ সিং আৰু মঞ্জু বালা দেৱী (হামাৰ থ্ৰ’) আৰু শিল্পা ৰাণী (জেভেলিন থ্ৰ’)।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু