--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজকোটত ৰোমাঞ্চকৰ জয়েৰে ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫খন মেচৰ টি-২০ শৃংখলাত সমতা ঘূৰাই আনিবলৈ সক্ষম হৈছে। সৌৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত টেম্বা বাবুমাৰ বিৰুদ্ধে ঋষভ পণ্টবাহিনীয়ে ৮২ ৰানত জয়লাভ কৰে। এই মেচখনত দীনেশ কাৰ্তিকে পুনৰবাৰ নিজৰ যোগ্যতা প্ৰমাণ কৰিলে। নিৰ্ণায়ক খেলখনত ছয় নম্বৰত বেটিং কৰিবলৈ আহি ২৭টা বলত ৫৫ ৰানৰ চমকপ্ৰদ ইনিংছ খেলিছিল কাৰ্তিকে। 

একপ্ৰকাৰ কাৰ্তিকৰ শেহতীয়া প্ৰদৰ্শনত বিস্ময়-বিমুগ্ধ অনুৰাগী। ইয়াৰ পাছতে চৰ্চিত হৈ পৰিছে কৰ্তিক। দিনদিয়েক আগেয়ে ভাৰতৰ প্ৰাক্তন অ’পেনাৰ গৌতম গম্ভীৰে কৈছিল যে, টি-২০ বিশ্বকাপৰ দলত কাৰ্তিকৰ কোনো প্ৰয়োজন নাই। পিছে এইবাৰ ৰাজকোটত কাৰ্তিকৰ ৰাজকীয় ইনিংছৰ পাছত সুনীল গাভাস্কৰে গম্ভীৰৰ নাম নোলোৱাকৈয়ে তীক্ষ্ণ বাক্যবাণ এৰিলে।

গম্ভীৰৰ নাম নোলোৱাকৈ গাভাস্কাৰে কয়, ‘মই জানো বহুতে কৈছে যে-কাৰ্তিকে খেলিব নালাগে, কেনেকৈ তেওঁক দলত ৰাখিব পাৰি! মানুহে এনেকৈ ধৰি লৈছে যে- তেওঁ খেলিব নোৱাৰে! তেওঁ আমাৰ প্ৰয়োজনীয় খেলুৱৈ হ'ব পাৰে। ধাৰাবাহিকভাৱে তেওঁ সুন্দৰ বেটিং কৰি আহিছে। কাৰ্তিক ভীষণভাৱে প্ৰতিজ্ঞাবদ্ধ। সমুখত পঞ্চাশ অ’ভাৰৰ বিশ্বকাপ। তেওঁ তাতো খেলিবলৈ সাজু। তেওঁৰবয়স নহয়, প্ৰদৰ্শনৰ দিশেহে দৃষ্টি ৰখাটো জৰুৰী।’

ইফালে, আইপিএলত তাৰকাময় প্ৰদৰ্শনৰ বাবে জাতীয় দলত সুযোগ লাভ কৰা কাৰ্তিকক অনুৰাগীসকলে মৰমেৰে ‘কামবেক কিং’ বুলি অভিহিত কৰিছে। ৰাজকোটত কাৰ্তিকৰ ইনিংছ দেখি মুগ্ধ হৈ পৰিছে অনুৰাগী। দেশৰ জাৰ্ছীত শেষবাৰৰ বাবে ২০১৯ চনৰ বিশ্বকাপত খেলিছিল কাৰ্তিকে। তিনি বছৰৰ পাছত আকৌ জাতীয় দলত স্থান লাভ কৰিছে তেওঁ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ