--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজকোটত ৰোমাঞ্চকৰ জয়েৰে ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫খন মেচৰ টি-২০ শৃংখলাত সমতা ঘূৰাই আনিবলৈ সক্ষম হৈছে। সৌৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত টেম্বা বাবুমাৰ বিৰুদ্ধে ঋষভ পণ্টবাহিনীয়ে ৮২ ৰানত জয়লাভ কৰে। এই মেচখনত দীনেশ কাৰ্তিকে পুনৰবাৰ নিজৰ যোগ্যতা প্ৰমাণ কৰিলে। নিৰ্ণায়ক খেলখনত ছয় নম্বৰত বেটিং কৰিবলৈ আহি ২৭টা বলত ৫৫ ৰানৰ চমকপ্ৰদ ইনিংছ খেলিছিল কাৰ্তিকে। 

একপ্ৰকাৰ কাৰ্তিকৰ শেহতীয়া প্ৰদৰ্শনত বিস্ময়-বিমুগ্ধ অনুৰাগী। ইয়াৰ পাছতে চৰ্চিত হৈ পৰিছে কৰ্তিক। দিনদিয়েক আগেয়ে ভাৰতৰ প্ৰাক্তন অ’পেনাৰ গৌতম গম্ভীৰে কৈছিল যে, টি-২০ বিশ্বকাপৰ দলত কাৰ্তিকৰ কোনো প্ৰয়োজন নাই। পিছে এইবাৰ ৰাজকোটত কাৰ্তিকৰ ৰাজকীয় ইনিংছৰ পাছত সুনীল গাভাস্কৰে গম্ভীৰৰ নাম নোলোৱাকৈয়ে তীক্ষ্ণ বাক্যবাণ এৰিলে।

গম্ভীৰৰ নাম নোলোৱাকৈ গাভাস্কাৰে কয়, ‘মই জানো বহুতে কৈছে যে-কাৰ্তিকে খেলিব নালাগে, কেনেকৈ তেওঁক দলত ৰাখিব পাৰি! মানুহে এনেকৈ ধৰি লৈছে যে- তেওঁ খেলিব নোৱাৰে! তেওঁ আমাৰ প্ৰয়োজনীয় খেলুৱৈ হ'ব পাৰে। ধাৰাবাহিকভাৱে তেওঁ সুন্দৰ বেটিং কৰি আহিছে। কাৰ্তিক ভীষণভাৱে প্ৰতিজ্ঞাবদ্ধ। সমুখত পঞ্চাশ অ’ভাৰৰ বিশ্বকাপ। তেওঁ তাতো খেলিবলৈ সাজু। তেওঁৰবয়স নহয়, প্ৰদৰ্শনৰ দিশেহে দৃষ্টি ৰখাটো জৰুৰী।’

ইফালে, আইপিএলত তাৰকাময় প্ৰদৰ্শনৰ বাবে জাতীয় দলত সুযোগ লাভ কৰা কাৰ্তিকক অনুৰাগীসকলে মৰমেৰে ‘কামবেক কিং’ বুলি অভিহিত কৰিছে। ৰাজকোটত কাৰ্তিকৰ ইনিংছ দেখি মুগ্ধ হৈ পৰিছে অনুৰাগী। দেশৰ জাৰ্ছীত শেষবাৰৰ বাবে ২০১৯ চনৰ বিশ্বকাপত খেলিছিল কাৰ্তিকে। তিনি বছৰৰ পাছত আকৌ জাতীয় দলত স্থান লাভ কৰিছে তেওঁ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু