--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে জাপানৰ সহযোগত চন্দ্ৰত পুনৰ অভিযান চলাবলৈ সাজু হৈছে। এই কথা প্রকাশ কৰে ভাৰতীয় মহাকাশ গবেষণা কেন্দ্ৰৰ (ইছৰ') অধ্যক্ষ ভি নাৰায়ণনে। বেংগালুৰুত ইছৰ'ৰ মুৰব্বীৰ পদ গ্ৰহণ কৰাৰ পাছত এটা অনুষ্ঠানত তেওঁ কয় যে তিনি দিনৰ আগতে চৰকাৰে চন্দ্রযান-৫ অভিযানত অনুমোদন জনাইছে। 

এই অভিযানত জাপান ছিৰ'ৰ সহযোগী হিচাপে থাকিব বুলি তেওঁ প্রকাশ কৰে। চন্দ্ৰযান-৩য়ে ২৫ কিল'গ্ৰামৰ ৰ'ভাৰ প্ৰজ্ঞানক লৈ গৈছিল। চন্দ্রযান-৫য়ে চন্দ্ৰৰ পৃষ্ঠ ভাগৰ অধ্যয়নৰ বাবে ২৫০ কিল'গ্ৰামৰ ৰ'ভাৰ লগত লৈ যাব। নাৰায়ণনে কয় যে ২০২৭ চনত উৎক্ষেপণ কৰিবলগীয়া চন্দ্ৰযান-৪য়ে চন্দ্ৰৰ পৰা মাটিৰ নমুনা সংগ্ৰহ কৰি পৃথিৱীলৈ আনিব। 

তেওঁ লগতে প্রকাশ কৰে যে ভাৰতে ২০৪০ চনত মহাকাশচাৰীক চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰোৱাৰ লক্ষ্য লৈছে। এই দিশত ভাৰতৰ অভিজ্ঞতা বৃদ্ধিৰ বাবে চন্দ্ৰযান-৫ প্ৰেৰণ কৰা হ'ব। 

চন্দ্ৰযানৰ উপৰি ভাৰতে গগনযান অভিযানৰো কাম কৰি আছে। ইয়াৰ লক্ষ্য হ'ল ২০৩৫ চনত ভাৰতে মহাকাশলৈ ভাৰতীয় মহাকাশচাৰী প্ৰেৰণ কৰিব। উল্লেখযোগ্য যে চন্দ্রযান-৪ অভিযানক যোৱা বছৰ ছেপ্টেম্বৰত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছিল।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ