--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এণ্ড্ৰু বালবিৰ্ণীত আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে মুখামুখি হ’ব হাৰ্দিক পাণ্ডিয়াৰ ভাৰত। দুয়োটা দলৰ মাজত ২৬ আৰু ২৭ জুনত ডাবলিনত অনুষ্ঠিত হ’ব টি-২০ মেচ। মালাহাইড ক্ৰিকেট ক্লাব ওৰফে দ্য ভিলেজ নামেৰে জনাজাত খেলপথাৰত অনুষ্ঠিত হ’ব এই খেলখন।

আজি প্ৰথমখন টি-২০ মেচ।ভাৰতীয় সময় অনুসৰি নিশা ৯বজাত অনুষ্ঠিত হ’ব খেলখন। পিছে খেলৰ প্ৰাকমুহূৰ্তত ডাবলিনৰ ৰাজপথত এক অনন্য ৰূপত দেখিবলৈ পোৱা গ’ল ভাৰতীয় ক্ৰিকেটাৰ সকলক। চাইকেল চলোৱা অৱস্থাত দেখিবলৈ পোৱা গ’ল তিনিজন ভাৰতীয় ক্ৰিকেটাৰক।ডাবলিনৰ ৰাজপথত চাইকেল চলাইছে য়ুজবেন্দ্ৰ চাহাল, দীনেশ কাৰ্তিক আৰু ঋতুৰাজ গাইকোৱাডে। চাহালে ছ’চিয়েল মিডিয়াত এই ছবি শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীৰ নানা মুখৰোচক কমেণ্টেৰে ভৰি পৰে ইনষ্টাগ্ৰামপোষ্ট।

মন কৰিবলগীয়া যে,  ভাৰতে ঘৰুৱা মাটিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫খন মেচৰ টি-২০ শৃংখলা খেলিছে। সেই ছিৰিজত ভাৰতীয় দলটোক নেতৃত্ব দিছিল ঋষভ পণ্টে। আয়াৰলেণ্ডৰ বিৰুদ্ধে এই ছিৰিজত বিশ্ৰাম দিয়া হৈছে পণ্টক। পণ্টৰ ঠাইত হাৰ্দিক পাণ্ডিয়াক দিয়া হৈছে অধিনায়কৰ দায়িত্ব। আয়াৰলেণ্ড ছিৰিজত ৰাইট হেণ্ড বেটছমেন ৰাহুল ত্ৰিপাঠীয়ে সুযোগ লাভ কৰিছে। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ আইপিএলৰ পঞ্চদশ সংস্কৰণত দেখুওৱা অসাধাৰণ প্ৰদৰ্শনৰ বাবে এইবাৰ ভাৰতীয় দলৰ মূল একাদশত স্থান লাভ কৰিছে তেওঁ। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলাৰ সুযোগ নাপালে উমৰাণ মালিক আৰু আৰ্শদীপ সিঙে। এই ছিৰিজত তেওঁলোককো দলত ৰখা হৈছে। জাতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিছে উইকেটৰক্ষক বেটছমেন সঞ্জু ছেমছনৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ