--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এণ্ড্ৰু বালবিৰ্ণীত আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে মুখামুখি হ’ব হাৰ্দিক পাণ্ডিয়াৰ ভাৰত। দুয়োটা দলৰ মাজত ২৬ আৰু ২৭ জুনত ডাবলিনত অনুষ্ঠিত হ’ব টি-২০ মেচ। মালাহাইড ক্ৰিকেট ক্লাব ওৰফে দ্য ভিলেজ নামেৰে জনাজাত খেলপথাৰত অনুষ্ঠিত হ’ব এই খেলখন।

আজি প্ৰথমখন টি-২০ মেচ।ভাৰতীয় সময় অনুসৰি নিশা ৯বজাত অনুষ্ঠিত হ’ব খেলখন। পিছে খেলৰ প্ৰাকমুহূৰ্তত ডাবলিনৰ ৰাজপথত এক অনন্য ৰূপত দেখিবলৈ পোৱা গ’ল ভাৰতীয় ক্ৰিকেটাৰ সকলক। চাইকেল চলোৱা অৱস্থাত দেখিবলৈ পোৱা গ’ল তিনিজন ভাৰতীয় ক্ৰিকেটাৰক।ডাবলিনৰ ৰাজপথত চাইকেল চলাইছে য়ুজবেন্দ্ৰ চাহাল, দীনেশ কাৰ্তিক আৰু ঋতুৰাজ গাইকোৱাডে। চাহালে ছ’চিয়েল মিডিয়াত এই ছবি শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীৰ নানা মুখৰোচক কমেণ্টেৰে ভৰি পৰে ইনষ্টাগ্ৰামপোষ্ট।

মন কৰিবলগীয়া যে,  ভাৰতে ঘৰুৱা মাটিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫খন মেচৰ টি-২০ শৃংখলা খেলিছে। সেই ছিৰিজত ভাৰতীয় দলটোক নেতৃত্ব দিছিল ঋষভ পণ্টে। আয়াৰলেণ্ডৰ বিৰুদ্ধে এই ছিৰিজত বিশ্ৰাম দিয়া হৈছে পণ্টক। পণ্টৰ ঠাইত হাৰ্দিক পাণ্ডিয়াক দিয়া হৈছে অধিনায়কৰ দায়িত্ব। আয়াৰলেণ্ড ছিৰিজত ৰাইট হেণ্ড বেটছমেন ৰাহুল ত্ৰিপাঠীয়ে সুযোগ লাভ কৰিছে। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ আইপিএলৰ পঞ্চদশ সংস্কৰণত দেখুওৱা অসাধাৰণ প্ৰদৰ্শনৰ বাবে এইবাৰ ভাৰতীয় দলৰ মূল একাদশত স্থান লাভ কৰিছে তেওঁ। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলাৰ সুযোগ নাপালে উমৰাণ মালিক আৰু আৰ্শদীপ সিঙে। এই ছিৰিজত তেওঁলোককো দলত ৰখা হৈছে। জাতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিছে উইকেটৰক্ষক বেটছমেন সঞ্জু ছেমছনৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু