--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’না সংক্ৰমণ সাম কটা নাই। পুনৰ যেন কৰ’নাসৃষ্ট পৰিৱেশ লাহে লাহে উভতি আহিছে। দেশত নিতে কৰ’না আক্ৰান্ত ৰোগীৰ গ্ৰাফৰ পৰিৱৰ্তন হোৱা দেখা গৈছে।  এইবাৰ ভাৰতীয় ক্ৰিকেট দলত পুনৰ কৰ’নাৰ সংক্ৰমণৰ বাতৰি পোহৰলৈ আহিছে। বিৰাট কোহলীৰ পাছত এইবাৰ ৰোহিত শৰ্মা কভি’ডত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। 

লেইচেষ্টাৰশ্বাৰৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰস্তুতি মেচৰ দ্বিতীয় দিনৰ শেষত দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ নামিছিল ভাৰতীয় দলটো। কিন্তু ভাৰতীয় অধিনায়কগৰাকীয়ে শুভমন গীলৰ সৈতে ইনিংছ অ’পেন কৰিবলৈ যোৱা নাছিল। তেতিয়াৰ পৰা ৰোহিতৰ অনুপস্থিতিক লৈ আৰম্ভ হয় জল্পনা-কল্পনাৰ। কিছুসময় পাছতে পোহৰলৈ আহিল প্ৰকৃত সত্য। নিয়ম অনুসৰি ৰোহিতে হোটেলৰ কোঠাত আইছ’লেশ্যনতে থাকিবলগীয়া হৈছে বুলি জানিবলৈ পোৱা গৈছে।

স্মৰ্তব্য যে, শনিবাৰে ৰোহিতৰ কৰ’না পৰীক্ষা কৰা হয়। ৰোহিতৰ ক’ভিড ৰিপোৰ্ট পজিটিভ আহে। দেওবাৰে পুৱা বিচিচিআইয়ে টুইট কৰি এই কথা প্ৰকাশ কৰিছে। ইফালে, ৰোহিতে প্ৰস্তুতি মেচত অৱতীৰ্ণ হ’লেও শনিবাৰে বেটিং কৰা নাছিল। প্ৰথম ইনিংছত ৰোহিতৰ বেটৰ পৰা আহে ২৫ ৰান। ৰোমান ৱাকাৰ বলত পেভেলীয়নমুখী হৈছিল হিটমেন ৰোহিত। মেচৰ দ্বিতীয় দিনা ফিল্ডিং কৰিবলৈও ক্ৰীজত নামিছিল ৰোহিত শৰ্মাই।

মন কৰিবলগীয়া যে, ১ জুলাইত ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চমখন টেষ্ট খেলিব ভাৰতে। এতিয়া প্ৰশ্ন হৈছে এজবাষ্টনত টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে সুস্থ হৈ উঠিব নে ৰোহিত শৰ্মাই?

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ