--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অলপতে অৱসৰ গ্ৰহণ কৰিছে মিথালী ৰাজে। দেশৰ সৰ্বকালৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰগৰকীয়ে দেশৰ জাৰ্ছী পিন্ধি খেলিব নোৱাৰিব বুলি ঘোষণা কৰিছিল দিনদিয়েক আগেয়ে। মিথালীৰ অৱসৰৰ খবৰ পোহৰলৈ অহাৰ পাছতে বিষয়টো নানা ধৰণে চৰ্চিত হোৱা দেখা গৈছে। এইবাৰ মিথালীৰ প্ৰশংসাত পঞ্চমুখ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেওবাৰে ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ত মিথালীক চেলুট জনায় মোদীয়ে। 

দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘দেশৰ অন্যতম প্ৰতিভাৱান ক্ৰিকেটাৰ সকলৰ ভিতৰত মিথালীও এগৰাকী। তেওঁ অলপতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। তেওঁৰ এই সিদ্ধান্তই জোকাৰি গৈছে ক্ৰীড়াজগত। মিথালী কেৱল এগৰাকী অনন্য, সাধাৰণ খেলুৱৈয়েই নহয়, তেওঁ আন বহু খেলুৱৈৰ বাবে প্ৰেৰণা।’

মহিলা ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ক্ৰিকেটাৰগৰাকীয়ে শেহতীয়াকৈ ঘোষণা কৰিছে তেওঁৰ পৰৱৰ্তী লক্ষ্য। এটা ক্ৰীড়া ৱেবছাইটৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মিথালীয়ে কয় যে ভৱিষ্যতে নিজকে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডত চাব বিচাৰিব। মিথালীয়ে কয়, ‘মই এজন ক্ৰীড়া প্ৰশাসক হিচাপে কাম কৰি ভাল পাম। যদি মই সেই সুযোগ পাওঁ। মই ইমান বছৰৰ অভিজ্ঞতাক ব্যৱহাৰ কৰিব বিচাৰো। মই খেলুৱৈ হিচাপে মোৰ কেৰিয়াৰৰ বিভিন্ন পৰ্যায় দেখিছো। এগৰাকী মহিলাৰ এটা নিৰ্দিষ্ট স্থানত থকাটো প্ৰয়োজন। মই বছৰ বছৰ ধৰি মহিলা দলৰ সৈতে আছো।বেলিণ্ডা ক্লাৰ্কে যিদৰে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট  সলনি কৰিছে। ক্লেয়াৰ কনৰে ইংলেণ্ড ক্ৰিকেটৰ বাটকটীয়া হিচাপে বিবেচিত হৈছে। কথাবোৰ ভাবিবলগীয়া।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ