--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অলপতে অৱসৰ গ্ৰহণ কৰিছে মিথালী ৰাজে। দেশৰ সৰ্বকালৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰগৰকীয়ে দেশৰ জাৰ্ছী পিন্ধি খেলিব নোৱাৰিব বুলি ঘোষণা কৰিছিল দিনদিয়েক আগেয়ে। মিথালীৰ অৱসৰৰ খবৰ পোহৰলৈ অহাৰ পাছতে বিষয়টো নানা ধৰণে চৰ্চিত হোৱা দেখা গৈছে। এইবাৰ মিথালীৰ প্ৰশংসাত পঞ্চমুখ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেওবাৰে ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ত মিথালীক চেলুট জনায় মোদীয়ে। 

দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘দেশৰ অন্যতম প্ৰতিভাৱান ক্ৰিকেটাৰ সকলৰ ভিতৰত মিথালীও এগৰাকী। তেওঁ অলপতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। তেওঁৰ এই সিদ্ধান্তই জোকাৰি গৈছে ক্ৰীড়াজগত। মিথালী কেৱল এগৰাকী অনন্য, সাধাৰণ খেলুৱৈয়েই নহয়, তেওঁ আন বহু খেলুৱৈৰ বাবে প্ৰেৰণা।’

মহিলা ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ক্ৰিকেটাৰগৰাকীয়ে শেহতীয়াকৈ ঘোষণা কৰিছে তেওঁৰ পৰৱৰ্তী লক্ষ্য। এটা ক্ৰীড়া ৱেবছাইটৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মিথালীয়ে কয় যে ভৱিষ্যতে নিজকে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডত চাব বিচাৰিব। মিথালীয়ে কয়, ‘মই এজন ক্ৰীড়া প্ৰশাসক হিচাপে কাম কৰি ভাল পাম। যদি মই সেই সুযোগ পাওঁ। মই ইমান বছৰৰ অভিজ্ঞতাক ব্যৱহাৰ কৰিব বিচাৰো। মই খেলুৱৈ হিচাপে মোৰ কেৰিয়াৰৰ বিভিন্ন পৰ্যায় দেখিছো। এগৰাকী মহিলাৰ এটা নিৰ্দিষ্ট স্থানত থকাটো প্ৰয়োজন। মই বছৰ বছৰ ধৰি মহিলা দলৰ সৈতে আছো।বেলিণ্ডা ক্লাৰ্কে যিদৰে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট  সলনি কৰিছে। ক্লেয়াৰ কনৰে ইংলেণ্ড ক্ৰিকেটৰ বাটকটীয়া হিচাপে বিবেচিত হৈছে। কথাবোৰ ভাবিবলগীয়া।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু