--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শাওণ মাহ শিৱক আৰাধনা কৰাৰ উত্তম মাহ বুলি ধৰা হয়। শাওণ মাহত জলাভিষেক কৰিলে সোনকালে সকলো সমস্যাৰ সমাধান পাই বুলি ধৰা হয়। আৰু সেয়েহে শাওণ মাহৰ সোমবাৰে শিৱক আৰাধনা কৰা হয়। অৱশ্যে অন্য দিনতো শিৱক আৰাধনা কৰা হয় যদিও এই মাহতো অত্যন্ত শুভ বুলি ধৰা হয়।

আজি শাওণৰ চতুৰ্থটো সোমবাৰ। আৰু শাওণৰ সোমবাৰলৈ ভক্তগণে অতি আগ্ৰহেৰ বাট চাই থাকে। এই মাহত শিৱক পূজা কৰিলে ভক্তসকলৰ সকলো দুখ-যন্ত্ৰণা মহাদেৱে হৰি নিয়ে বুলি সকলোৱে বিশ্বাস কৰে। সেয়েহে তেওঁৰ পূজা কৰোঁতে সকলোৱে হৰ হৰ মহাদেৱ বুলি বাক্য আওৰায়৷  

এনেধৰণে শিৱক আৰাধনা কৰিলে আপোনাৰ সকলো দুখ হ’ব দূৰ: 

পুৱা সোনকালে উঠি গা ধুই শিৱক আৰাধনা কৰিব লাগে। শিৱ লিংগত পানী ঢালিব লাগে। শাওণত শিৱলিংগত জলাভিষেক বা ৰুদ্ৰাভিষেক কৰাৰ মহত্ব অশেষ, আৰু শাওণত ইয়াৰ মহত্ব অধিক হয়।

ৰুদ্ৰাভিষেক কৰি ১০৮বাৰ শিৱ মন্ত্ৰ জঁপ কৰিব আৰু লগতে শিৱ লিংগত বেলপাত অৰ্পণ কৰক।

শিৱৰ পূজাৰ সামগ্ৰীত গাখীৰ বেলপাত ভাং ধতুৰা গুটি ৰাখক কিয়নো শিৱৰ প্রিয় সামগ্ৰী অৰ্পণ কৰিলে মহাদেৱ সন্তুষ্ট হ’ব।

শাওন মাহৰ প্রতিটো সোমবাৰে ব্ৰতপালন কৰক।

প্ৰতি সোমবাৰে শিৱ মন্দিৰত এগছি ঘীৰ চাকি জ্বলাওক। 

শাওণৰ সোমবাৰে যিসকল লোকে নীতি-নিয়ম আৰু শ্ৰদ্ধাপূৰ্বক পূজা কৰে তেওঁলোকৰ কষ্ট মহাদেৱে দূৰ কৰে বুলি বিশ্বাস কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু