--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শাওণ মাহ শিৱক আৰাধনা কৰাৰ উত্তম মাহ বুলি ধৰা হয়। শাওণ মাহত জলাভিষেক কৰিলে সোনকালে সকলো সমস্যাৰ সমাধান পাই বুলি ধৰা হয়। আৰু সেয়েহে শাওণ মাহৰ সোমবাৰে শিৱক আৰাধনা কৰা হয়। অৱশ্যে অন্য দিনতো শিৱক আৰাধনা কৰা হয় যদিও এই মাহতো অত্যন্ত শুভ বুলি ধৰা হয়।

আজি শাওণৰ চতুৰ্থটো সোমবাৰ। আৰু শাওণৰ সোমবাৰলৈ ভক্তগণে অতি আগ্ৰহেৰ বাট চাই থাকে। এই মাহত শিৱক পূজা কৰিলে ভক্তসকলৰ সকলো দুখ-যন্ত্ৰণা মহাদেৱে হৰি নিয়ে বুলি সকলোৱে বিশ্বাস কৰে। সেয়েহে তেওঁৰ পূজা কৰোঁতে সকলোৱে হৰ হৰ মহাদেৱ বুলি বাক্য আওৰায়৷  

এনেধৰণে শিৱক আৰাধনা কৰিলে আপোনাৰ সকলো দুখ হ’ব দূৰ: 

পুৱা সোনকালে উঠি গা ধুই শিৱক আৰাধনা কৰিব লাগে। শিৱ লিংগত পানী ঢালিব লাগে। শাওণত শিৱলিংগত জলাভিষেক বা ৰুদ্ৰাভিষেক কৰাৰ মহত্ব অশেষ, আৰু শাওণত ইয়াৰ মহত্ব অধিক হয়।

ৰুদ্ৰাভিষেক কৰি ১০৮বাৰ শিৱ মন্ত্ৰ জঁপ কৰিব আৰু লগতে শিৱ লিংগত বেলপাত অৰ্পণ কৰক।

শিৱৰ পূজাৰ সামগ্ৰীত গাখীৰ বেলপাত ভাং ধতুৰা গুটি ৰাখক কিয়নো শিৱৰ প্রিয় সামগ্ৰী অৰ্পণ কৰিলে মহাদেৱ সন্তুষ্ট হ’ব।

শাওন মাহৰ প্রতিটো সোমবাৰে ব্ৰতপালন কৰক।

প্ৰতি সোমবাৰে শিৱ মন্দিৰত এগছি ঘীৰ চাকি জ্বলাওক। 

শাওণৰ সোমবাৰে যিসকল লোকে নীতি-নিয়ম আৰু শ্ৰদ্ধাপূৰ্বক পূজা কৰে তেওঁলোকৰ কষ্ট মহাদেৱে দূৰ কৰে বুলি বিশ্বাস কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement