--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শুকান আৰু নিৰ্জীৱ ছালৰ বাবে সকলো অশান্তিত ভোগা দেখা যায়। তদুপৰি বৃদ্ধি পোৱা প্ৰদূষণ আৰু ৰাসায়নিকভাৱে তৈয়াৰী সামগ্ৰীয়ে মুখৰ অৱস্থা আৰু বেয়া কৰি তোলে। এতিয়া বলিৰেখাৰ সমস্যাটো কম বয়সতে পৰে, যাৰ বাবে আমি সোনকালে বুঢ়া যেন দেখা আৰম্ভ কৰোঁ। কেতিয়াবা শালমইনা আৰু কেতিয়াবা বলিৰেখাৰ সমস্যাই অশান্তি দুগুণে বৃদ্ধি কৰি তোলে। অতি দামী সৌন্দৰ্য সামগ্ৰীয়েও এই সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম নহয়। কিন্তু কিছুমান ঘৰুৱা উপায়েৰে চেষ্টা কৰি আমি এই সমস্যাবোৰৰ পৰা মুক্তি পাব পাৰো।

 আমাৰ আয়ুৰ্বেদত প্ৰাকৃতিক বস্তুৰ জৰিয়তে ছাল উন্নত কৰাৰ উপায়ৰ বিষয়ে কোৱা হৈছে। হালধি, দৈ আৰু এলোভেৰা সকলো এই আয়ুৰ্বেদিক গুণেৰে ভৰপূৰ। এই তিনিওবিধ সামগ্ৰী একেলগে আমি ব্যৱহাৰ কৰিলে ছালৰ বহুতো সমস্যাৰ পৰা মুক্তি পাব পাৰো।

 ১. ফেচপেক কেনেকৈ বনাব?

অলপ এলোভেৰা জেল লওক, তাত সমান পৰিমাণৰ হালধি মিহলাই লওক। হালধি আৰু এলোভেৰাৰ এই মিশ্ৰণত সমান পৰিমাণৰ দৈ ভালদৰে মিহলাই লৈ মুখত খহিব লাগে।

 ২. কেনেকৈ ৰাখিব-

এই দ্ৰব্যটো মুখত লগোৱাৰ আগতে মুখখন ভালদৰে ধুই ল’ব লাগে। মুখখন পৰিস্কাৰ কৰি এখন কোমল টাৱেলেৰে মচি শুকুৱাই লওক। এতিয়া চামুচেৰে মিশ্ৰণটো ভালদৰে মিহলাই মুখ আৰু ডিঙিত লগাব লাগে। ২০-৩০ মিনিটমান ৰাখিব আৰু তাৰ পাছত ঠাণ্ডা পানীৰে ধুই পেলাব লাগে।

 ৩. কি কি উপকাৰিতা আছে?

হালধি, দৈ আৰু এলোভেৰা তিনিবিধ ছাল উজ্জ্বল কৰে। ইয়াৰ ফলত মুখমণ্ডলত থকা বলিৰেখাবোৰ নাইকিয়া হয়। এই ফেচপেকে এন্টিএজিং হিচাপে কাম কৰে।

 * দৈত লেক্ট’জ থাকে, যিয়ে ছাল উজ্জ্বল কৰি তোলাৰ লগতে ছালৰ শুকানতা দূৰ কৰে।

 * হালধিত এন্টি-বেক্টেৰিয়েল গুণ পোৱা যায়, যাৰ ফলত মুখমণ্ডলৰ ক্ষতি কৰা বেক্টেৰিয়াবোৰ নোহোৱা কৰাৰ লগতে ছালৰ কোষবোৰ পৰিষ্কাৰ কৰে।

 * শালমইনা আঁতৰোৱাতো এই ফেচপেক ফলপ্ৰসূ হিচাপে কাম কৰে। এই ফেচপেকত থকা হালধিত এন্টি-বেক্টেৰিয়েল গুণ আছে, যিয়ে শালমইনা সৃষ্টি কৰা বেক্টেৰিয়াক ধ্বংস কৰি এই সমস্যাৰ সমাধান কৰে।

 * এই ফেচপেকত মেলানিন নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আছে, যিয়ে মেলানিন হ্ৰাস কৰে আৰু মুখমণ্ডললৈ এক উজ্জ্বলতা আনি দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু