--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অ’মিক্ৰনৰ সংক্ৰমণ বৃদ্ধিৰ মাজতে আজিৰে পৰা দেশত আৰম্ভ কৰা হ’ব ক’ভিডৰ ‘বুষ্টাৰ পালি’ প্ৰদান প্ৰক্ৰিয়া৷ নতুন প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে সোমবাৰৰ পৰা প্ৰদান কৰিব ‘বুষ্টাৰ পালি’। প্ৰথম শাৰীৰ কৰ’না যোদ্ধা, চিকিৎসক তথা স্বাস্থ্যকৰ্মী আৰু ৬০ বছৰৰ বয়সৰ ঊৰ্ধ্বৰ কোম’ৰ্বিডিটি থকা ৰোগীক প্ৰথমতে এই বুষ্টাৰ ড’জ প্ৰদান কৰা হ’ব। কেন্দ্ৰই ইতিমধ্যে ৩ জানুৱাৰীত ১৫-১৮ বছৰ বয়সৰ শিশুৰ বাবে টিকাকৰণ আৰম্ভ কৰিছে।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য-মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত মুঠ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৭৯ হাজাৰ ৭২৩ জন লোক। দেওবাৰে দেশত মুঠ কৰ’নাত আক্ৰান্ত হৈছিল ১লাখ ৫৯ হাজাৰ ৬৩২ জন লোক। দেশত মুঠ অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৪হাজাৰ ৩জন। দেওবাৰৰ তুলনাত দেশত সংক্ৰমণৰ হাৰ ১২.৬ শতাংশ বৃদ্ধি পাইছে। লগতে কৰ’নাত মুঠ ১৪৬ জন লোকৰ মৃত্যু ঘটিছে।

দেশত মুঠ কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৩কোটি ৫৭লাখ ৭হাজাৰ ৭২৭জন হৈছে আৰু মৃত্যু হৈছে ৪ লাখ ৮৩হাজাৰ ৯৩৬ জনৰ। দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা বৰ্তমান ৭লাখ ২৩ হাজাৰ ৬১৯ জন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক