--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অ’মিক্ৰনৰ সংক্ৰমণ বৃদ্ধিৰ মাজতে আজিৰে পৰা দেশত আৰম্ভ কৰা হ’ব ক’ভিডৰ ‘বুষ্টাৰ পালি’ প্ৰদান প্ৰক্ৰিয়া৷ নতুন প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে সোমবাৰৰ পৰা প্ৰদান কৰিব ‘বুষ্টাৰ পালি’। প্ৰথম শাৰীৰ কৰ’না যোদ্ধা, চিকিৎসক তথা স্বাস্থ্যকৰ্মী আৰু ৬০ বছৰৰ বয়সৰ ঊৰ্ধ্বৰ কোম’ৰ্বিডিটি থকা ৰোগীক প্ৰথমতে এই বুষ্টাৰ ড’জ প্ৰদান কৰা হ’ব। কেন্দ্ৰই ইতিমধ্যে ৩ জানুৱাৰীত ১৫-১৮ বছৰ বয়সৰ শিশুৰ বাবে টিকাকৰণ আৰম্ভ কৰিছে।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য-মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত মুঠ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৭৯ হাজাৰ ৭২৩ জন লোক। দেওবাৰে দেশত মুঠ কৰ’নাত আক্ৰান্ত হৈছিল ১লাখ ৫৯ হাজাৰ ৬৩২ জন লোক। দেশত মুঠ অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৪হাজাৰ ৩জন। দেওবাৰৰ তুলনাত দেশত সংক্ৰমণৰ হাৰ ১২.৬ শতাংশ বৃদ্ধি পাইছে। লগতে কৰ’নাত মুঠ ১৪৬ জন লোকৰ মৃত্যু ঘটিছে।

দেশত মুঠ কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৩কোটি ৫৭লাখ ৭হাজাৰ ৭২৭জন হৈছে আৰু মৃত্যু হৈছে ৪ লাখ ৮৩হাজাৰ ৯৩৬ জনৰ। দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা বৰ্তমান ৭লাখ ২৩ হাজাৰ ৬১৯ জন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি