--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দেশজুৰি ক’ভিডৰ দ্ৰুতসংক্ৰমণ৷ এই সয়মতে মহাৰাষ্ট্ৰ চৰকাৰে চেলুন আৰু জীমসমূহক লৈ দেওবাৰে দিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা৷ ৫০ শতাংশ কৰ্মচাৰীক কাম কৰাৰ অনুমতি দিয়া হ’ব চেলুন, জীম তথা ছুইমিং পুলসমূহত৷ মহাৰাষ্ট্ৰ চৰকাৰে এদিন পূৰ্বে ঘোষণা কৰা ক’ভিড-১৯ৰ নিষেধাজ্ঞা সংশোধন কৰাৰ কথা ঘোষণা কৰে। এই নিষেধাজ্ঞাসমূহ আজিৰপৰা কাৰ্যকৰী হ’ব।

ক’ভিড তথা অ’মিক্ৰনৰ সংক্ৰমণ দ্ৰুতগতিত হোৱা হেতুকে চৰকাৰে জীম আৰু বিউটী পাৰ্লাৰ বন্ধ থাকিব বুলি উল্লেখ কৰিছিল৷ বিউটী চেলুনবোৰ চুলি কটা চেলুনৰ সৈতে গোটবদ্ধ কৰা হ’ব আৰু চুলি কটা চেলুনৰ বাবে তালিকাত উল্লেখ কৰা সীমাবদ্ধতা সাপেক্ষে ৫০শতাংশ কৰ্মচাৰীৰ সৈতে খুলিলৈ অনুমতি দিয়া হ’ব। মাস্ক পৰিধান কৰি যিসমূহ কাৰ্য সম্পাদন কৰিব, কেৱল সেইসমূহৰহে অনুমতি প্ৰদান কৰা হৈছে৷ কেৱল সম্পূৰ্ণ টিকাকৰণ কৰা ব্যক্তিসকলকহে এই সেৱাসমূহ ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হ’ব। কাৰ্যত নিয়োজিত সকলো কৰ্মচাৰীক সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হ’ব বুলি চৰকাৰে এক বিবৃতিত কয়।

জীমৰ বাবেও একেধৰণৰ নিৰ্দেশনা জাৰি কৰা হৈছে৷ চৰকাৰে কেৱল সম্পূৰ্ণ টিকাকৰণ কৰাসকলকহে এই সুবিধা ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হ’ব বুলি জানিবলৈ দিয়ে। সকলোতে মাস্ক বাধ্যতাসমূহ কৰা হৈছে৷

আনহাতে, মহাৰাষ্ট্ৰ চৰকাৰে শনিবাৰে ৰাজ্যখনত নতুন নিষেধাজ্ঞা আৰোপ কৰিছিল, য’ত বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ কৰাৰ ঘোষণা কৰিছিল৷ লগতে অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে পাঁচ বা ততোধিক গোটত মানুহৰ চলাচল নিষিদ্ধ কৰিছিল।

দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় কাৰ্য-কলাপৰ বাহিৰে বিদ্যালয়, মহাবিদ্যালয় ১৫ ফেব্ৰুৱাৰীলৈকে বন্ধ থাকিব। সম্পূৰ্ণ টিকাকৰণ কৰা লোকসকলৰ বাবে ৰাজহুৱা পৰিবহণ মুকলি থাকিব আনহাতে ৰেষ্টুৰেণ্ট আৰু ভোজনালয়সমূহত ৫০ শতাংশ কৰ্মচাৰীৰে কাম কৰিবলৈ অনুমতি দিয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি