--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দেশজুৰি ক’ভিডৰ দ্ৰুতসংক্ৰমণ৷ এই সয়মতে মহাৰাষ্ট্ৰ চৰকাৰে চেলুন আৰু জীমসমূহক লৈ দেওবাৰে দিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা৷ ৫০ শতাংশ কৰ্মচাৰীক কাম কৰাৰ অনুমতি দিয়া হ’ব চেলুন, জীম তথা ছুইমিং পুলসমূহত৷ মহাৰাষ্ট্ৰ চৰকাৰে এদিন পূৰ্বে ঘোষণা কৰা ক’ভিড-১৯ৰ নিষেধাজ্ঞা সংশোধন কৰাৰ কথা ঘোষণা কৰে। এই নিষেধাজ্ঞাসমূহ আজিৰপৰা কাৰ্যকৰী হ’ব।

ক’ভিড তথা অ’মিক্ৰনৰ সংক্ৰমণ দ্ৰুতগতিত হোৱা হেতুকে চৰকাৰে জীম আৰু বিউটী পাৰ্লাৰ বন্ধ থাকিব বুলি উল্লেখ কৰিছিল৷ বিউটী চেলুনবোৰ চুলি কটা চেলুনৰ সৈতে গোটবদ্ধ কৰা হ’ব আৰু চুলি কটা চেলুনৰ বাবে তালিকাত উল্লেখ কৰা সীমাবদ্ধতা সাপেক্ষে ৫০শতাংশ কৰ্মচাৰীৰ সৈতে খুলিলৈ অনুমতি দিয়া হ’ব। মাস্ক পৰিধান কৰি যিসমূহ কাৰ্য সম্পাদন কৰিব, কেৱল সেইসমূহৰহে অনুমতি প্ৰদান কৰা হৈছে৷ কেৱল সম্পূৰ্ণ টিকাকৰণ কৰা ব্যক্তিসকলকহে এই সেৱাসমূহ ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হ’ব। কাৰ্যত নিয়োজিত সকলো কৰ্মচাৰীক সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হ’ব বুলি চৰকাৰে এক বিবৃতিত কয়।

জীমৰ বাবেও একেধৰণৰ নিৰ্দেশনা জাৰি কৰা হৈছে৷ চৰকাৰে কেৱল সম্পূৰ্ণ টিকাকৰণ কৰাসকলকহে এই সুবিধা ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হ’ব বুলি জানিবলৈ দিয়ে। সকলোতে মাস্ক বাধ্যতাসমূহ কৰা হৈছে৷

আনহাতে, মহাৰাষ্ট্ৰ চৰকাৰে শনিবাৰে ৰাজ্যখনত নতুন নিষেধাজ্ঞা আৰোপ কৰিছিল, য’ত বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ কৰাৰ ঘোষণা কৰিছিল৷ লগতে অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে পাঁচ বা ততোধিক গোটত মানুহৰ চলাচল নিষিদ্ধ কৰিছিল।

দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় কাৰ্য-কলাপৰ বাহিৰে বিদ্যালয়, মহাবিদ্যালয় ১৫ ফেব্ৰুৱাৰীলৈকে বন্ধ থাকিব। সম্পূৰ্ণ টিকাকৰণ কৰা লোকসকলৰ বাবে ৰাজহুৱা পৰিবহণ মুকলি থাকিব আনহাতে ৰেষ্টুৰেণ্ট আৰু ভোজনালয়সমূহত ৫০ শতাংশ কৰ্মচাৰীৰে কাম কৰিবলৈ অনুমতি দিয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক