--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যশস্বী জয়ছোৱালৰ বিশ্ব অভিলেখ। ৰাজকোটত ইংলেণ্ডৰ বিৰুদ্ধে দ্বৈত শতক অৰ্জন কৰে তেওঁ। বিশাখাপট্টনমৰ পিছত ৰাজকোটতো ডাবল শতক অৰ্জন কৰে। ভাৰতীয় অ’পেনাৰগৰাকীয়ে দ্বৈত শতকৰ পথত বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। তেওঁ সৌৰভ গাংগুলী, গৌতম গম্ভীৰক চেৰ পেলাইছে।

যশস্বীয়ে ১২টা ছয়ৰ বিশ্ব অভিলেখো গঢ়িবলৈ সক্ষম হয়। এই অভিলেখ টেষ্টত এটা ইনিংছত ৰাখিছিল ৱাছিম ​​আক্ৰমে। ১৯৯৬ চনত জিম্বাবুৱেৰ বিৰুদ্ধে এটা ইনিংছত ১২টা ছয় কৰিছিল। ৰাজকোটত যশস্বীয়ে ১২টা ছয় কৰে। ঘোষণা নকৰা হ’লে তেওঁ আক্ৰামক অতিক্ৰম কৰি এককভাৱে সৰ্বাধিক ছয় মাৰিলেহেঁতেন।

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত দুটাকৈ ডাবল শতক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় বেটছমেন যশৱী। ইংলেণ্ডৰ বিৰুদ্ধে বিৰাট কোহলী, সুনীল গাওস্কাৰ, বিনোদ কাম্বলী, গুণ্ডপ্পা বিশ্বনাথ, ৰাহুল দ্ৰাবিড়, চেতেশ্বৰ পূজাৰা আৰু মনছুৰ আলী খান পাটাউডিৰ দ্বৈত শতক। যশস্বীয়ে সকলোকে পৰাস্ত কৰিলে।

একেৰাহে দুটাকৈ ডাবল শতক অৰ্জন কৰা তৃতীয় ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় তেওঁ। ইয়াৰ পূৰ্বে এই অভিলেখ বিনোদ কাম্বলী আৰু বিৰাট কোহলীৰ হাতত আছিল। যশৱীয়ে প্ৰথম তিনিটা শতকত ১৫০ ৰানৰো অধিক ৰান সংগ্ৰহ কৰা প্ৰথমজন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়।

ভাৰতীয় বাওঁহাতৰ বেটছমেনৰ মাজত শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহ কৰে যশৱীয়ে। ইতিমধ্যে চলিত শৃংখলাত তেওঁ ৫৪৫ ৰান সংগ্ৰহ কৰিছে। এতিয়াও দুখন টেষ্ট বাকী আছে। ইমান দিনে এই অভিলেখ সৌৰভৰ হাতত আছিল। ২০০৭ চনত পাকিস্তানৰ বিৰুদ্ধে এই শৃংখলাত ৫৩৪ ৰান সংগ্ৰহ কৰিছিল। ২০০৮ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এখন ছিৰিজত ৪৬৩ ৰান সংগ্ৰহ কৰিছিল গম্ভীৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু