--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যশস্বী জয়ছোৱালৰ বিশ্ব অভিলেখ। ৰাজকোটত ইংলেণ্ডৰ বিৰুদ্ধে দ্বৈত শতক অৰ্জন কৰে তেওঁ। বিশাখাপট্টনমৰ পিছত ৰাজকোটতো ডাবল শতক অৰ্জন কৰে। ভাৰতীয় অ’পেনাৰগৰাকীয়ে দ্বৈত শতকৰ পথত বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। তেওঁ সৌৰভ গাংগুলী, গৌতম গম্ভীৰক চেৰ পেলাইছে।

যশস্বীয়ে ১২টা ছয়ৰ বিশ্ব অভিলেখো গঢ়িবলৈ সক্ষম হয়। এই অভিলেখ টেষ্টত এটা ইনিংছত ৰাখিছিল ৱাছিম ​​আক্ৰমে। ১৯৯৬ চনত জিম্বাবুৱেৰ বিৰুদ্ধে এটা ইনিংছত ১২টা ছয় কৰিছিল। ৰাজকোটত যশস্বীয়ে ১২টা ছয় কৰে। ঘোষণা নকৰা হ’লে তেওঁ আক্ৰামক অতিক্ৰম কৰি এককভাৱে সৰ্বাধিক ছয় মাৰিলেহেঁতেন।

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত দুটাকৈ ডাবল শতক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় বেটছমেন যশৱী। ইংলেণ্ডৰ বিৰুদ্ধে বিৰাট কোহলী, সুনীল গাওস্কাৰ, বিনোদ কাম্বলী, গুণ্ডপ্পা বিশ্বনাথ, ৰাহুল দ্ৰাবিড়, চেতেশ্বৰ পূজাৰা আৰু মনছুৰ আলী খান পাটাউডিৰ দ্বৈত শতক। যশস্বীয়ে সকলোকে পৰাস্ত কৰিলে।

একেৰাহে দুটাকৈ ডাবল শতক অৰ্জন কৰা তৃতীয় ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় তেওঁ। ইয়াৰ পূৰ্বে এই অভিলেখ বিনোদ কাম্বলী আৰু বিৰাট কোহলীৰ হাতত আছিল। যশৱীয়ে প্ৰথম তিনিটা শতকত ১৫০ ৰানৰো অধিক ৰান সংগ্ৰহ কৰা প্ৰথমজন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়।

ভাৰতীয় বাওঁহাতৰ বেটছমেনৰ মাজত শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহ কৰে যশৱীয়ে। ইতিমধ্যে চলিত শৃংখলাত তেওঁ ৫৪৫ ৰান সংগ্ৰহ কৰিছে। এতিয়াও দুখন টেষ্ট বাকী আছে। ইমান দিনে এই অভিলেখ সৌৰভৰ হাতত আছিল। ২০০৭ চনত পাকিস্তানৰ বিৰুদ্ধে এই শৃংখলাত ৫৩৪ ৰান সংগ্ৰহ কৰিছিল। ২০০৮ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এখন ছিৰিজত ৪৬৩ ৰান সংগ্ৰহ কৰিছিল গম্ভীৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement