--°C
Loading...
Listen to Article
2 min read
80%

চেন্নাই : চলচ্চিত্ৰত তেওঁৰ কাৰণে অসাধ্য বুলি একো নাই। চমৎকাৰিত্বৰে আন এটা নাম তেওঁ। তেওঁ ভাৰতীয় ছবিজগতৰ মহাতাৰকা থালাইৱা, ৰজনীকান্ত। পিছে এইবাৰ তেওঁ হাৰ মানিলে। কোনো প্ৰতিবন্ধকতাকে স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰি থালাইৱাই এইবাৰ থমকি ৰ’ল নিজৰ এটা পদক্ষেপত। ৰাজনীতিৰ পথাৰৰ পৰা তেওঁ আঁতৰি থকাৰ সিদ্ধান্তৰ কথা আজি প্ৰকাশ কৰিছে।

কেইবামাহো স্বাস্থ্যজনিত কাৰণত ৰাজনীতিৰ পৰা আঁতৰি থকাৰ পাছত তেওঁ নিজৰ এই সিদ্ধান্ত অটুট ৰখাৰ কথা প্ৰকাশ কৰিছে। তেওঁ নিজৰ সংগঠন ৰজনী মাক্কাল মন্দৰাম (Rajini Makkal Mandram) ভংগ কৰি দিয়াৰ কথাও প্ৰকাশ কৰে। তেওঁ কয়, ‘ভৱিষ্যতে ৰাজনীতিত প্ৰৱেশ কৰাৰ মোৰ কোনো পৰিকল্পনা নাই। ৭০ বছৰীয়া তাৰকাগৰাকীয়ে আজি তেওঁৰ ফ’ৰামৰ সদস্যসকলক শেষবাৰৰ বাবে সাক্ষাৎ কৰাৰ পাছত এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰে।

দ্য ৰজনী মাক্কাল মন্দৰাম ২০১৮ চনত গঠন কৰা হৈছিল। এতিয়া ইয়াক ভংগ কৰি দি ইয়াক ৰজনী ৰাছিগাৰ নাৰপানী মন্দৰাম অৰ্থাৎ ‘ৰজনী ফেনছ ৱেলফেয়াৰ ফ’ৰাম’ ৰূপে নতুনকৈ গঢ় দিয়া হ’ব। এই আনুষ্ঠানিক ঘোষণাৰ পাছতে ৰজনীকান্তে ৰাজনীতিত যোগ দিয়া নিদিয়াক লৈ চলি থকা জল্পনা-কল্পনাৰো অন্ত পৰিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ