--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয় ‘অশোকা’ৰ এগৰাকী অধ্যাপক তথা বুদ্ধিজীৱীয়ে পদত্যাগ কৰা ঘটনাই বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছে। যোৱা সপ্তাহত বুদ্ধিজীৱী তথা ‘কমেণ্টেটৰ’ প্ৰতাপ ভানু মেহতাই পদত্যাগ কৰিছিল। তেওঁ মুকলিকৈ প্ৰকাশ কৰিছিল যে, বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই তেওঁক জনাইছিল যে বিশ্ববিদ্যালয়ৰ সৈতে তেওঁ জড়িত হৈ থকাটো কৰ্তৃপক্ষৰ বাবে এক ‘ৰাজনৈতিক বোজা’ (political liability)।

আৰু পঢ়িব পাৰিব : কৰ’না সংক্ৰমণ তীব্ৰতৰ : দেশত নতুন স্বাস্থ্য সংকট!

অৰ্থাৎ ৰাজনৈতিক হেঁচাৰ বাবেই অধ্যাপকগৰাকীয়ে অশোকা বিশ্ববিদ্যালয় ত্যাগ কৰিবলগীয়া হয়। বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী কঠোৰ সমালোচক তথা বিদ্যায়তনিক ক্ষেত্ৰৰ স্বাধীনতাৰ সপক্ষে মাত মাতোতা অধ্যাপকগৰাকীয়ে সন্মুখীন হোৱা পৰিস্থিতিৰ বিষয়ে পোহৰলৈ অহাৰ পাছতে সমগ্ৰ বিশ্বৰে বিদ্যায়তনিক মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

কলম্বিয়া, য়েল, হাৰ্ভাৰ্ড, প্ৰিন্সটন, অক্সফ’ৰ্ড আৰু কেমব্ৰিজৰ দৰে ভালেমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশ্ববিদ্যালয়ৰ ১৫০জনৰো অধিক শিক্ষাবিদে প্ৰতাপ ভানু মেহতাৰ সপক্ষে থিয় দিছে।

আৰু পঢ়িব পাৰিব : কামৰূপ আৰক্ষীৰ অভিযানত পিস্তলসহ ৬০জাই সক্ৰিয় গুলী জব্দ! গ্ৰেপ্তাৰ ১

বিশ্ববিদ্যালয়খনৰ ন্যাসৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰি তেওঁলোকে অধ্যাপকগৰাকী সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ ভূমিকাক সমালোচনা কৰিছে। ভাৰতৰ ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ ৰঘুৰাম ৰাজনেও এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ইয়াক মতপ্ৰকাশৰ স্বাধীনতাৰ ওপৰত গুৰুতৰ আঘাত আখ্যা দিছে। দেশত বাক স্বাধীনতা তথা নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ হৰণ হোৱা এই ঘটনাই নতুন এক বিতৰ্কৰ সূত্ৰপাত ঘটাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ