--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : দেশজুৰি কৰ’নাৰ সংক্ৰমণে পুনৰ তীব্ৰতা লাভৰ পাছত দেশত আন এক স্বাস্থ্য সংকটৰ সৃষ্টি হোৱাৰ উপক্ৰম ঘটিছে। দেশৰ বিভিন্ন প্ৰান্তত এতিয়া ক’ভিডজনিত বাধা-নিষেধ তথা নীতি নিয়ম অধিক কঠোৰ কৰি তোলা হৈছে। দেশজুৰি কৰ’নাৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰো আশংকা কৰা হৈছে৷ বিগত কেইবাদিনৰ ধাৰাবাহিক দ্ৰুত বৃদ্ধিৰ পাছত কালিৰ দিনটোত দেশত প্ৰায় ৪১ হাজাৰ আক্ৰান্ত চিনাক্ত হয়৷

আৰু পঢ়িব পাৰিব :কামৰূপ আৰক্ষীৰ অভিযানত পিস্তলসহ ৬০জাই সক্ৰিয় গুলী জব্দ! গ্ৰেপ্তাৰ ১

বিগত প্ৰায় চাৰি মাহৰ ভিতৰত কালিৰ দিনটোতে আটাইতকৈ বেছিসংখ্যক আক্ৰান্ত চিনাক্ত হৈছে৷ শুকুৰবাৰৰ দিনটোত চিনাক্ত হয় ৪০,৯৫৩জন লোক। কেইবাখনো ৰাজ্যত আংশিক লকডাউন চলি থকাৰ মাজতে পুনৰ সৰ্বাত্মক লকডাউনৰ সম্ভাৱনা ইতিমধ্যে প্ৰকট হৈ পৰিছে৷ ইয়াৰ বিপৰীতে কিন্তু নিৰ্বাচনমুখী ৫খন ৰাজ্যত অতি বিপজ্জনক পৰিস্থিতি দেখিবলৈ পোৱা গৈছে৷ হাজাৰ হাজাৰ লোক সমৱেত হৈছে নিৰ্বাচনী ৰেলীত৷

আৰু পঢ়িব পাৰিব :মোদী, শ্বাহক দুৰ্যোধন-দুঃশাসন আখ্যা মমতা বেনাৰ্জীৰ

অসমতো নিৰ্বাচনী ৰাজনীতিয়ে ক’ভিড নীতিক ধোঁৱাচাঙত তোলা দেখা গৈছে৷ কামৰূপ মহানগৰ প্ৰশাসনে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বুলি শুকুৰবাৰে নিশা এক নিৰ্দেশনা জাৰি কৰিছে যদিও নিৰ্বাচনী ৰেলীত এই নীতি কিমানদূৰ প্ৰযোজ্য হ’ব সেয়া সময়েহে ক’ব৷ ‘আৰোগ্য সেতু’ৰ এপৰ তথ্য অনুসৰি, অসমত এতিয়ালৈ মুঠ ২,১৬,০৩৬জন ক'ভিড আক্ৰান্ত চিনাক্ত হৈছে আৰু ২৬৯জন লোক এতিয়া চিকিৎসাধীন হৈ আছে।

আৰু পঢ়িব পাৰিব :ক’ভিডৰ ভয়াৱহতাৰ বাবে ৰাজহুৱা সমাৱেশৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাৰি

আনহাতে ২,১৪,৬৭৬জনে আৰোগ্য লাভ কৰিছে৷ ইফালে দেশৰ ভিতৰতে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্য মহাৰাষ্ট্ৰত শুকুৰবাৰৰ দিনটোত ২৫,৬৮১জন লোকৰ দেহত ধৰা পৰিছে ক'ৰনাৰ সংক্ৰমণ৷ আৰু ২৪ ঘণ্টাত ৭০জন লোকৰ মৃত্যু হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অনুসৰি বিগত ২৪ ঘণ্টাত ভাৰতত ৪০,৯৫৩জন নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে৷ ১৮৮ জনৰ মৃত্যু হৈছে৷ দেশৰ সৰ্বমুঠ সংক্ৰমণৰ ঘটনাৰ ভিতৰত ৮০.৬৩শতাংশ ঘটনা চিনাক্ত হৈছে কেৱল মহাৰাষ্ট্ৰ, পঞ্জাব, কৰ্ণাটক, গুজৰাট আৰু চত্তিছগড়ত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ