--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : আজি পুৱা ৭ বজাৰে পৰা ৰাজ্যৰ ১৩খন জিলাৰ ৩৯টা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ আৰু এনে সময়তেই বহু কেইটাত সমষ্টিত দেখা গৈছে ইভিএমৰ বিসংগতি৷ গোৰেশ্বৰৰ বহুকেইটা ভোটকেন্দ্ৰত ইভিএম হৈ পৰিছে বিকল৷ যাৰ ফলত সমষ্টিকেইটাত বৰ্তমানলৈকে আৰম্ভ হোৱা নাই ভোটগ্ৰহণ ৷ পুৱাৰ পৰা শাৰী পাতি আছে বহু ভোটাৰ৷ আনহাতে ৮০ নং মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰ মানিপুৰ প্ৰাথমিক বিদ্যালয়ৰ ইভিএম মেচিনো বিকল হৈ পৰে । এতিয়ালৈকে ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা নাই । ফলত ভোটাৰৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

আৰু পঢ়িব পাৰিব :ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ : ইভিএমত বন্দী হ’ব ৩৪৫ জন প্ৰাৰ্থীৰ ভাগ্য

তদুপৰি যমুনামুখৰ যমুনা পঞ্চায়তত বহুকেইটা ইভিএমসহ এখন বাহন জব্দ কৰা হৈছে৷ বাহনখনৰ নম্বৰ AS02CC- 3206। নিৰাপত্তাৰক্ষী নোহোৱাকৈয়ে চৰকাৰী কৰ্মচাৰীয়ে লৈ গৈ আছিল ইভিএম সমূহ ৷ পিছত ছেক্টৰ অফিচাৰৰ উপস্থিতিতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷ যমুনামুখ সমষ্টিৰ চাৰিং পথাৰ গাঁৱৰ ২২২ নং ভোটকেন্দ্ৰৰ Bত ইভিএম মেচিন বিকল হৈ পৰিছে ৷ এতিয়াও আৰম্ভ হোৱা নাই ভোটগ্ৰহণ ৷ ভোটাৰৰ মাজত হাহাকাৰ অৱস্থা৷ আনহাতে, নীলবাগান এম ই স্কুলৰ ১২২ নং কেন্দ্ৰত ই ভি এম বিকল হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ লামডিঙটো বিকল ইভিএম মেচিন ৷

আৰু পঢ়িব পাৰিব :ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰেপৰা বৰ্তমানলৈ জব্দ ২৪.৫০ কোটি নগদ ধন

লামডিঙৰ ৰে'লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১২ নম্বৰ কেন্দ্ৰৰ ইভিএম বিকল৷ এতিয়ালৈকে কেন্দ্ৰটোত আৰম্ভ হোৱা নাই ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ আনফালে, প্ৰণৱ বিদ্যাপীঠৰ ২০ নং কেন্দ্ৰত বিকল হৈ পৰিছে ইভিএম মেচিন৷ ১৬টা ভোটদানৰ পাছতেই বিকল্প হৈ পৰে কেন্দ্ৰটোৰ মেচিনটো৷ প্ৰায় এঘণ্টা জুৰি ভোটদান প্ৰক্ৰিয়া বন্ধ হৈ আছে৷ লামডিং ৰেলৱে বিদ্যালয়ৰ ১৫ (A) ভোট গ্ৰহণ কেন্দ্ৰতো বর্তমান লৈকে ভোট গ্ৰহণ আৰম্ভ হোৱা নাই। ইভিএমৰ বিসংগতি হোৱাৰ বাবে প্ৰায় ১ঘণ্টা পলমকৈহে আৰম্ভ হৈছে ভোটগ্ৰহণ। ইষ্ট লামডিং বিদ্যালয়ৰ ১৯ নং ভোট কেন্দ্ৰত ও ইভিএম বিসংগতিৰ বাবে প্ৰায় এক ঘণ্টাজুৰি ভোটগ্ৰহণ বন্ধ হৈ আছিল। ৯১ নং হোজাই সমষ্টিৰ দেশ ভক্ত তৰুণৰাম ফুকন মধ্য ইংৰাজী বিদ্যাল্যয় কেন্দ্ৰত ইভিএম বিকল। ১৪৯নং ভোট কেন্দ্ৰত পুৱা ভোটদানৰ অনুশীলনৰ সময়তেই বিকল হয় ইভিএম যন্ত্ৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু