--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : আজি পুৱা ৭ বজাৰে পৰা ৰাজ্যৰ ১৩খন জিলাৰ ৩৯টা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ আৰু এনে সময়তেই বহু কেইটাত সমষ্টিত দেখা গৈছে ইভিএমৰ বিসংগতি৷ গোৰেশ্বৰৰ বহুকেইটা ভোটকেন্দ্ৰত ইভিএম হৈ পৰিছে বিকল৷ যাৰ ফলত সমষ্টিকেইটাত বৰ্তমানলৈকে আৰম্ভ হোৱা নাই ভোটগ্ৰহণ ৷ পুৱাৰ পৰা শাৰী পাতি আছে বহু ভোটাৰ৷ আনহাতে ৮০ নং মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰ মানিপুৰ প্ৰাথমিক বিদ্যালয়ৰ ইভিএম মেচিনো বিকল হৈ পৰে । এতিয়ালৈকে ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা নাই । ফলত ভোটাৰৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

আৰু পঢ়িব পাৰিব :ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ : ইভিএমত বন্দী হ’ব ৩৪৫ জন প্ৰাৰ্থীৰ ভাগ্য

তদুপৰি যমুনামুখৰ যমুনা পঞ্চায়তত বহুকেইটা ইভিএমসহ এখন বাহন জব্দ কৰা হৈছে৷ বাহনখনৰ নম্বৰ AS02CC- 3206। নিৰাপত্তাৰক্ষী নোহোৱাকৈয়ে চৰকাৰী কৰ্মচাৰীয়ে লৈ গৈ আছিল ইভিএম সমূহ ৷ পিছত ছেক্টৰ অফিচাৰৰ উপস্থিতিতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷ যমুনামুখ সমষ্টিৰ চাৰিং পথাৰ গাঁৱৰ ২২২ নং ভোটকেন্দ্ৰৰ Bত ইভিএম মেচিন বিকল হৈ পৰিছে ৷ এতিয়াও আৰম্ভ হোৱা নাই ভোটগ্ৰহণ ৷ ভোটাৰৰ মাজত হাহাকাৰ অৱস্থা৷ আনহাতে, নীলবাগান এম ই স্কুলৰ ১২২ নং কেন্দ্ৰত ই ভি এম বিকল হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ লামডিঙটো বিকল ইভিএম মেচিন ৷

আৰু পঢ়িব পাৰিব :ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰেপৰা বৰ্তমানলৈ জব্দ ২৪.৫০ কোটি নগদ ধন

লামডিঙৰ ৰে'লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১২ নম্বৰ কেন্দ্ৰৰ ইভিএম বিকল৷ এতিয়ালৈকে কেন্দ্ৰটোত আৰম্ভ হোৱা নাই ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ আনফালে, প্ৰণৱ বিদ্যাপীঠৰ ২০ নং কেন্দ্ৰত বিকল হৈ পৰিছে ইভিএম মেচিন৷ ১৬টা ভোটদানৰ পাছতেই বিকল্প হৈ পৰে কেন্দ্ৰটোৰ মেচিনটো৷ প্ৰায় এঘণ্টা জুৰি ভোটদান প্ৰক্ৰিয়া বন্ধ হৈ আছে৷ লামডিং ৰেলৱে বিদ্যালয়ৰ ১৫ (A) ভোট গ্ৰহণ কেন্দ্ৰতো বর্তমান লৈকে ভোট গ্ৰহণ আৰম্ভ হোৱা নাই। ইভিএমৰ বিসংগতি হোৱাৰ বাবে প্ৰায় ১ঘণ্টা পলমকৈহে আৰম্ভ হৈছে ভোটগ্ৰহণ। ইষ্ট লামডিং বিদ্যালয়ৰ ১৯ নং ভোট কেন্দ্ৰত ও ইভিএম বিসংগতিৰ বাবে প্ৰায় এক ঘণ্টাজুৰি ভোটগ্ৰহণ বন্ধ হৈ আছিল। ৯১ নং হোজাই সমষ্টিৰ দেশ ভক্ত তৰুণৰাম ফুকন মধ্য ইংৰাজী বিদ্যাল্যয় কেন্দ্ৰত ইভিএম বিকল। ১৪৯নং ভোট কেন্দ্ৰত পুৱা ভোটদানৰ অনুশীলনৰ সময়তেই বিকল হয় ইভিএম যন্ত্ৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ