--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাখীবন্ধন উৎসৱ ভাই-ভনীৰ প্ৰেমৰ প্ৰতীক। প্ৰতি বছৰৰ দৰে এইবাৰো অহা ১১ আগষ্টত এই উৎসৱ পালন কৰা হ’ব। এই পৱিত্ৰ দিনটোত ভনীসকলে ভাইটি আৰু দাদাৰ হাতত ৰাখী পিন্ধাই তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰে। ভায়েক বা ককায়েকসকলেও ভনীয়েকক উপহাৰ হিচাপে সকলো বিপদৰ পৰা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। জ্যোতিষশাস্ত্ৰৰ মতে ৰাখীবন্ধনৰ আগতে তেওঁলোকৰ পূজা কৰে, ফোট লগাই। আহক জানো পূজাৰ থালখন কোনবোৰ বস্তু প্ৰয়োজনীয় আৰু সেইবোৰৰ মহত্ব কি?

 অক্ষতঃ-হিন্দু ধৰ্মৰ পূজাৰ থালত অক্ষতক এক বিশেষ স্থান দিয়া হয়। যিকোনো শুভ কামত অক্ষতৰ ব্যৱহাৰ কৰা হয়। সেইবাবে ৰাখীবন্ধন পূজাৰ থালত অক্ষত নিশ্চয়কৈ ব্যৱহাৰ কৰক। অক্ষত সম্পূৰ্ণতাৰ প্ৰতীক বুলি কোৱা হয়। ইয়াক ব্যৱহাৰ কৰিলে ভগৱান শিৱৰ আশীৰ্বাদ পোৱা যায়। সেইবাবে ফোট লগোৱাৰ সময়ত অক্ষত ব্যৱহাৰ কৰিলে আয়ুস বৃদ্ধি কৰে বুলি জনশ্ৰুতি আছে।

 চাকি জ্বলাই আৰতি কৰকঃ-ৰাখীবন্ধন পূজাৰ থালত চাকি জ্বলোৱা পৰম্পৰা আছে। চাকিত অগ্নিদেৱতা বাসস্থান বুলি ধৰা হয়, যিটো যিকোনো ধাৰ্মিক কামৰ বাবে শুভ বুলি ধৰা হয়। চাকি জ্বলালে নেতিবাচকতা দূৰ  হয়। সেইবাবে ৰাখীবন্ধনত আৰতি কৰাটো শুভ বুলি গণ্য কৰা হয়। এনেকুৱা কৰিলে ভাইটি নাইবা দাদাৰ ওপৰত থকা নেতিবাচক প্ৰভাৱ দূৰ কৰে।

 ফোট লগাওকঃ-ৰাখীবন্ধনৰ থালখন সজাওতে সেন্দূৰ নিশ্চয় ৰাখক। সেন্দূৰ মালক্ষ্মীৰ প্ৰতীক মানি লোৱা হয়। সেইবাৰে নিজৰ পূজাৰ থালত সেন্দূৰ নিশ্চয় ৰাখক। ভাইসকলক সেন্দূৰৰ ফোট লগালে মালক্ষ্মীৰ আশীৰ্বাদ পায়। লগতে ধনৰ অভাৱ নহয়।

 চন্দনে মন শান্ত কৰেঃ-জ্যোতিষ শাস্ত্ৰৰ মতে ভাইটি নাইবা দাদাৰ কঁপালত চন্দন লগালে মন শান্ত কৰি তোলাৰ লগেত ভগৱান গণেশ আৰু বিষ্ণুৰ আশীৰ্বাদ পোৱা যায় বুলি ভবা হয়। চন্দন লগালে মন শান্ত হৈ থাকে আৰু ভাই, দাদাসকল ধৰ্ম আৰু কৰ্মৰ পথৰ পৰা বিচলিত নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ