--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাখীবন্ধন উৎসৱ ভাই-ভনীৰ প্ৰেমৰ প্ৰতীক। প্ৰতি বছৰৰ দৰে এইবাৰো অহা ১১ আগষ্টত এই উৎসৱ পালন কৰা হ’ব। এই পৱিত্ৰ দিনটোত ভনীসকলে ভাইটি আৰু দাদাৰ হাতত ৰাখী পিন্ধাই তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰে। ভায়েক বা ককায়েকসকলেও ভনীয়েকক উপহাৰ হিচাপে সকলো বিপদৰ পৰা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। জ্যোতিষশাস্ত্ৰৰ মতে ৰাখীবন্ধনৰ আগতে তেওঁলোকৰ পূজা কৰে, ফোট লগাই। আহক জানো পূজাৰ থালখন কোনবোৰ বস্তু প্ৰয়োজনীয় আৰু সেইবোৰৰ মহত্ব কি?

 অক্ষতঃ-হিন্দু ধৰ্মৰ পূজাৰ থালত অক্ষতক এক বিশেষ স্থান দিয়া হয়। যিকোনো শুভ কামত অক্ষতৰ ব্যৱহাৰ কৰা হয়। সেইবাবে ৰাখীবন্ধন পূজাৰ থালত অক্ষত নিশ্চয়কৈ ব্যৱহাৰ কৰক। অক্ষত সম্পূৰ্ণতাৰ প্ৰতীক বুলি কোৱা হয়। ইয়াক ব্যৱহাৰ কৰিলে ভগৱান শিৱৰ আশীৰ্বাদ পোৱা যায়। সেইবাবে ফোট লগোৱাৰ সময়ত অক্ষত ব্যৱহাৰ কৰিলে আয়ুস বৃদ্ধি কৰে বুলি জনশ্ৰুতি আছে।

 চাকি জ্বলাই আৰতি কৰকঃ-ৰাখীবন্ধন পূজাৰ থালত চাকি জ্বলোৱা পৰম্পৰা আছে। চাকিত অগ্নিদেৱতা বাসস্থান বুলি ধৰা হয়, যিটো যিকোনো ধাৰ্মিক কামৰ বাবে শুভ বুলি ধৰা হয়। চাকি জ্বলালে নেতিবাচকতা দূৰ  হয়। সেইবাবে ৰাখীবন্ধনত আৰতি কৰাটো শুভ বুলি গণ্য কৰা হয়। এনেকুৱা কৰিলে ভাইটি নাইবা দাদাৰ ওপৰত থকা নেতিবাচক প্ৰভাৱ দূৰ কৰে।

 ফোট লগাওকঃ-ৰাখীবন্ধনৰ থালখন সজাওতে সেন্দূৰ নিশ্চয় ৰাখক। সেন্দূৰ মালক্ষ্মীৰ প্ৰতীক মানি লোৱা হয়। সেইবাৰে নিজৰ পূজাৰ থালত সেন্দূৰ নিশ্চয় ৰাখক। ভাইসকলক সেন্দূৰৰ ফোট লগালে মালক্ষ্মীৰ আশীৰ্বাদ পায়। লগতে ধনৰ অভাৱ নহয়।

 চন্দনে মন শান্ত কৰেঃ-জ্যোতিষ শাস্ত্ৰৰ মতে ভাইটি নাইবা দাদাৰ কঁপালত চন্দন লগালে মন শান্ত কৰি তোলাৰ লগেত ভগৱান গণেশ আৰু বিষ্ণুৰ আশীৰ্বাদ পোৱা যায় বুলি ভবা হয়। চন্দন লগালে মন শান্ত হৈ থাকে আৰু ভাই, দাদাসকল ধৰ্ম আৰু কৰ্মৰ পথৰ পৰা বিচলিত নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু