--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যদি আপোনাৰ জীৱনত শনি গ্ৰহ অশান্ত হৈ আছে তেনেহ’লে এই দোষৰ পৰা পৰিত্ৰাণ পাবলৈ শনি পূজা আৰু ব্ৰত কৰিবলৈ উপদেশ দিয়া হয়। কিন্তু শনি পূজাৰ কিছুমান বিশেষ নিয়ম আছে জানো আাহক।

 হিন্দূ ধৰ্মত প্ৰত্যেকটো দিন কোনোবা নহয় কোনোবা দেৱী দেৱতাৰ নামত উচৰ্গিত। এইক্ষেত্ৰত শনিবাৰে শনি দেৱতাৰ পূজা কৰা হয়। শনিদেৱক ন্যায়ৰ দেৱতা বুলি কোৱা হয়। শনিদেৱক ধৰ্ম বা ন্যায়ৰ প্ৰতীক আৰু সুখ-সমৃদ্ধি, বৈভৱ আৰু মুক্তি দিয়া গ্ৰহ বুলি কোৱা হয়। মানি লোৱা হয় যে ধৰ্মৰাজ হোৱা বাবে শনি পাপী লোকসকলৰ বাবে দুখ আৰু কষ্টদায়ক হয়। কিন্তু নিষ্ঠাৱান লোকসকলৰ বাবে ধন, সুখ, যশ পদবী আৰু সন্মানৰ গ্ৰহ বুলি কোৱা হয়। এনে পৰিস্থিতিত যদি শনিদেৱৰ পূজাৰ সময়ত কিছু দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰাটো অতি প্ৰয়োজন। নহ’লে আপুনি নজনাকৈয়ে শনিদেৱক অসন্তুষ্ট হৈ পৰিব।

  শনিদেৱৰ পূজাৰ সময়ত মন দিবলগীয়া কথা-

 ১. তামৰ বাচনত শনি পূজা নকৰিবঃ-শনিদেৱৰ পূজাত কেতিয়াও তামৰ বাচন ব্যৱহাৰ নকৰিব। তাম সূৰ্যদেৱৰ লগত জড়িত যদিও শনি সূৰ্যদেৱৰ পুত্ৰ কিন্তু পৰম শত্ৰু। এনে পৰিস্থিতিত শনিদেৱৰ পূজাত সদায় লোৰ বাচন ব্যৱহাৰ কৰক।

 ২. এই ৰঙবোৰ ব্যৱহাৰৰ পৰা দূৰত থাকিবঃ-শনিদেৱৰ প্ৰিয় ৰং ক’লা। সেইবাবে সেই দিনটোত কলা বা নীলা কাপোৰ ব্যৱহাৰ কৰক। সেইদিনা কেতিয়াও ৰঙা ৰঙৰ কাপোৰ নিপিন্ধিব। ৰঙা ৰঙটো মঙল গ্ৰহৰ প্ৰতীক, যি শনিদেৱৰ শত্ৰু গ্ৰহ।

 ৩. কোন দিশত কৰিব পূজাঃ-শনিবাৰে শনিদেৱৰ পূজা পশ্চিম দিশত মূখ কৰি কৰিব লাগে। সাধাৰণতে আনবোৰ পূজা পূব দিশত মূখ কৰি কৰা হয়, কিন্তু শনিদেৱক পশ্চিম দিশৰ স্বামী বুলি কোৱা হয়। সেইবাবে শনি পূজা পশ্চিম দিশত কৰিব লাগে।

 ৪. পূজাৰ সময়ত শনিদেৱৰ চকুলৈ নাচাবঃ-শনিদেৱৰ পূজাৰ সময়ত প্ৰতীমাৰ আগত থিয় হৈ পূজা কৰিব নালাগে। ইয়াৰ বাহিৰেও পূজাৰ সময়ত শনিদেৱৰ চকুলৈ চাব নালাগে।

 ৫. এইবোৰ সামগ্ৰীৰে তৈয়াৰ কৰক ভোগঃ-যদি আপুনি শনিদেৱক সন্তুষ্ট কৰিব বিচাৰে তেনেহ’লে সেইদিনা শনিদেৱক তিল, গুৰ নাইবা খিচিৰিৰ ভোগ দিয়াটো শুভ বুলি গণ্য কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু