--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যদি আপোনাৰ জীৱনত শনি গ্ৰহ অশান্ত হৈ আছে তেনেহ’লে এই দোষৰ পৰা পৰিত্ৰাণ পাবলৈ শনি পূজা আৰু ব্ৰত কৰিবলৈ উপদেশ দিয়া হয়। কিন্তু শনি পূজাৰ কিছুমান বিশেষ নিয়ম আছে জানো আাহক।

 হিন্দূ ধৰ্মত প্ৰত্যেকটো দিন কোনোবা নহয় কোনোবা দেৱী দেৱতাৰ নামত উচৰ্গিত। এইক্ষেত্ৰত শনিবাৰে শনি দেৱতাৰ পূজা কৰা হয়। শনিদেৱক ন্যায়ৰ দেৱতা বুলি কোৱা হয়। শনিদেৱক ধৰ্ম বা ন্যায়ৰ প্ৰতীক আৰু সুখ-সমৃদ্ধি, বৈভৱ আৰু মুক্তি দিয়া গ্ৰহ বুলি কোৱা হয়। মানি লোৱা হয় যে ধৰ্মৰাজ হোৱা বাবে শনি পাপী লোকসকলৰ বাবে দুখ আৰু কষ্টদায়ক হয়। কিন্তু নিষ্ঠাৱান লোকসকলৰ বাবে ধন, সুখ, যশ পদবী আৰু সন্মানৰ গ্ৰহ বুলি কোৱা হয়। এনে পৰিস্থিতিত যদি শনিদেৱৰ পূজাৰ সময়ত কিছু দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰাটো অতি প্ৰয়োজন। নহ’লে আপুনি নজনাকৈয়ে শনিদেৱক অসন্তুষ্ট হৈ পৰিব।

  শনিদেৱৰ পূজাৰ সময়ত মন দিবলগীয়া কথা-

 ১. তামৰ বাচনত শনি পূজা নকৰিবঃ-শনিদেৱৰ পূজাত কেতিয়াও তামৰ বাচন ব্যৱহাৰ নকৰিব। তাম সূৰ্যদেৱৰ লগত জড়িত যদিও শনি সূৰ্যদেৱৰ পুত্ৰ কিন্তু পৰম শত্ৰু। এনে পৰিস্থিতিত শনিদেৱৰ পূজাত সদায় লোৰ বাচন ব্যৱহাৰ কৰক।

 ২. এই ৰঙবোৰ ব্যৱহাৰৰ পৰা দূৰত থাকিবঃ-শনিদেৱৰ প্ৰিয় ৰং ক’লা। সেইবাবে সেই দিনটোত কলা বা নীলা কাপোৰ ব্যৱহাৰ কৰক। সেইদিনা কেতিয়াও ৰঙা ৰঙৰ কাপোৰ নিপিন্ধিব। ৰঙা ৰঙটো মঙল গ্ৰহৰ প্ৰতীক, যি শনিদেৱৰ শত্ৰু গ্ৰহ।

 ৩. কোন দিশত কৰিব পূজাঃ-শনিবাৰে শনিদেৱৰ পূজা পশ্চিম দিশত মূখ কৰি কৰিব লাগে। সাধাৰণতে আনবোৰ পূজা পূব দিশত মূখ কৰি কৰা হয়, কিন্তু শনিদেৱক পশ্চিম দিশৰ স্বামী বুলি কোৱা হয়। সেইবাবে শনি পূজা পশ্চিম দিশত কৰিব লাগে।

 ৪. পূজাৰ সময়ত শনিদেৱৰ চকুলৈ নাচাবঃ-শনিদেৱৰ পূজাৰ সময়ত প্ৰতীমাৰ আগত থিয় হৈ পূজা কৰিব নালাগে। ইয়াৰ বাহিৰেও পূজাৰ সময়ত শনিদেৱৰ চকুলৈ চাব নালাগে।

 ৫. এইবোৰ সামগ্ৰীৰে তৈয়াৰ কৰক ভোগঃ-যদি আপুনি শনিদেৱক সন্তুষ্ট কৰিব বিচাৰে তেনেহ’লে সেইদিনা শনিদেৱক তিল, গুৰ নাইবা খিচিৰিৰ ভোগ দিয়াটো শুভ বুলি গণ্য কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ