--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
বন্ধু... জীৱনৰ এক পৰম আশ্বাসৰ নাম বন্ধু৷ আজিৰ দিনটো বন্ধুৰ নামত উৎসৰ্গিত৷ প্ৰতি বছৰে আগষ্ট মাহৰ প্ৰথম দেওবাৰে পালন কৰা বন্ধুত্ব দিৱস ৷  যুৱ সকলৰ মাজত এই দিৱস অতি জনপ্ৰিয়৷ এই দিৱসৰ উদ্দেশ্য হৈছে বন্ধু আৰুু বন্ধুত্বৰ মহত্ব সম্পৰ্কে সকলোকে উপলব্ধি কৰোৱা৷  এই দিৱসত এজন বন্ধুয়ে আনজন বন্ধুক শুভেচ্ছা বাৰ্তা, উপহাৰ, কাৰ্ড আদি প্ৰেৰণ কৰি  মৰম  যাঁচে৷  বন্ধুত্ব দিৱস কেতিয়াৰে পৰা আৰম্ভ হৈছিল আপুনি বাৰু জানেনে?

বন্ধুত্ব দিৱস উদযাপনৰ আঁৰত আছে এক আৱেগিক কাহিনী।  আমেৰিকাত ১৯৩৫ চনৰ আগষ্ট মাহৰ প্ৰথম দেওবাৰে এজন লোকক হত্যা কৰা হৈছিল।  এই হত্যাকাণ্ডৰ আঁৰত আছিল আমেৰিকা চৰকাৰ।  মৃত্যু হোৱা ব্যক্তিজনৰ এজন প্ৰিয় বন্ধু আছিল।  বন্ধুৰ মৃত্যুৰ খবৰ পাই তেওঁ বৰ হতাশ হৈছিল।  বন্ধুক হেৰুৱাৰ বাবে সেই ব্যক্তিজনেও আত্মহত্যা কৰে।  এই ধৰণৰ বন্ধুত্ব আৰু মোহ দেখি আমেৰিকা চৰকাৰে আগষ্ট মাহৰ প্ৰথম দেওবাৰটো বন্ধুত্ব দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লয়।  লাহে লাহে এই দিনটো প্ৰচলিত হ’ল আৰু ভাৰতকে ধৰি আন বহু দেশত আগষ্ট মাহৰ প্ৰথম দেওবাৰটো বন্ধুত্ব দিৱস হিচাপে পালন কৰা হ’ল। পিছলৈ ১৯৫৮ চনৰ ৩০ জুলাই তাৰিখে আনুষ্ঠানিকভাৱে আন্তঃৰাষ্ট্ৰীয় বন্ধুত্ব দিৱস হিচাপে ঘোষণা কৰা হয়। তাকে লৈ মানুহ বিমোৰত পৰে যে আচলতে বন্ধুত্ব দিৱস ৩০ জুলাইত নে আগষ্ট মাহৰ প্ৰথম দেওবাৰে উদযাপন কৰা হয়। দুয়োটা দিনতে এই দিৱস উদযাপন কৰ হয় যদিও ভাৰতকে ধৰি বাংলাদেশ, মালয়েছিয়া, সংযুক্ত আৰব, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশসমূহে আগষ্ট মাহৰ প্ৰথম দেওবাৰেহে বন্ধুত্ব দিৱস উদযাপন কৰে।

বন্ধু মানেই নিৰ্ভেজাল মৰমৰ আধাৰ৷ যাক পালে পাহৰিব পাৰি জীৱনৰ সমস্ত দুখ-ভাগৰ৷ যাৰ ছাঁত জিৰাই মানুহে লাভ কৰে পৰম প্ৰশান্তি৷ যাৰ কান্ধত মূৰ  থৈ জীৱনৰ হা-হুতাহ পাতলাব পাৰি তেওঁৱেই বন্ধু৷ এই সম্পৰ্ক শৈশৱৰ পৰাই আৰম্ভ হয় আৰু মৃত্যুলৈকে থাকে৷ জীৱনৰ ভিন্ন বাটচৰাত বন্ধুত্বৰ জোলোঙা লৈ আমাৰ ওচৰলৈ বন্ধু আহে৷ তাৰে কিছুমান ৰৈ  যায়, কিছুমান গুচি যায়৷ বহু মানুহৰ জীৱনত আত্মীয় লোকতকৈ বন্ধুৱেহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ 

মৰম আৰু বিশ্বাসৰ ভেটিত গঢ় লোৱা এই সম্বন্ধত ত্যাগ আৰু প্ৰতিশ্ৰুতি লুকাই থাকে। বন্ধুৱে কেতিয়াও বন্ধুৰ বিশ্বাস ভাঙিব নালাগে৷ যেতিয়াই বিশ্বাস ভংগ হয় তেতিয়াই সেই বন্ধু বন্ধুত্বৰ নামত কলংক নামেৰে চিহ্নিত হয়৷  এই সম্পৰ্ক যেনেদৰে দৃঢ়, ঠিক তেনেদৰে ঠুনুকাও হয়। সেয়েহে বন্ধুৱে আঘাত পোৱা কাম কৰাৰ পৰা সদায় বিৰত থাকিব লাগে।


সমাজপ্ৰিয় মানুহৰ বাবে বন্ধু জীৱনৰ এক এৰাব নোৱাৰা অংগ বুলি বিবেচিত হয়। শৈশৱত খেলা-ধূলা কৰাৰ পৰা আৰম্ভ কৰি শিক্ষানুষ্ঠান তথা কৰ্মক্ষেত্ৰলৈকে আমি বহু বন্ধু লগ পাওঁ। বন্ধুত্বৰ সেই পৰিসৰ এতিয়া যেন আৰু অধিক বৃদ্ধি পালে। বন্ধুত্ব গঢ় লোৱা ক্ষেত্ৰত আজিকালি ছ’চিয়েল মিডিয়াইও আগভাগ লয়। বন্ধুক লগ পোৱা মাধ্যম যিয়েই নহওক তাত যদি বিশ্বাস, আন্তৰিকতাই পোখা মেলে তেন্তে সেই বন্ধুত্ব চিৰস্থায়ী হয়।

 যাৰ লগত কাজিয়া কৰি ক্ষন্তেক পাছতেই সেই কথা পাহৰি কান্ধত ধৰাধৰিকে ফুৰিবলৈ ওলাই যাব পাৰি তেওঁৱেই বন্ধু। গুণ বখনাৰ লগতে দোষো আঙুলিয়াই দিয়া জনহে প্ৰকৃত বন্ধু।

যি সম্পৰ্কত বন্ধুত্ব থাকে সেই সম্পৰ্কেই মধুৰ হয়। এখন সংসাৰত পতি-পত্নীৰ মাজত যদি বন্ধুত্ব থাকে তেন্তে সেই সংসাৰখন অধিক মধুময় হয়। 

সকলোৰে বন্ধু কুশলে থাকক। সকলোৰে বন্ধুত্ব শক্তিশালী হওক। প্ৰাগ নিউজৰ ফালৰ পৰা জনালো বন্ধুত্ব দিৱসৰ অলেখ শুভকামনা। যদি আপুনি আপোনাৰ বন্ধুৰ বহুত দিন খবৰ লোৱা নাই তেন্তে আজিয়েই এটা খবৰ লওক আৰু বন্ধুত্বৰ মধুৰ আৱেশত ডুব যাওক... এই দিৱসৰ তাৎপৰ্য এয়াই।

কস্তুৰী বৰঠাকুৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু! কুঁৱাৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যকৰ পৰিৱেশ
অমিত শ্বাহে উন্মোচন কৰিলে অসমৰ বান বিষয়ক মানচিত্র
তীব্র হৈছে ইজৰাইল-ইৰানৰ যুদ্ধ
ভাৰত অভিমুখী ব'য়িঙৰ ২খন বিমানত কাৰিকৰী বিজুতি
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?