--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সংশোধন কৰিছে নিৰ্বাচনী বিধি, ১৯৬১। নিৰ্বাচনী নিৰ্বাচনী বিধিৰ সংশোধনীক লৈ মোদী চৰকাৰক লক্ষ্য কৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে দাবী কৰে যে নিৰ্বাচন আয়োগৰ প্ৰতিপত্তি নষ্ট কৰাৰ ষড়যন্ত্ৰ হিচাপে এই পদক্ষেপ লোৱা হৈছে।

অধিবক্তা মাহমুদ প্ৰাচাৰৰ আবেদনৰ ভিত্তিত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে   হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ সৈতে জড়িত সকলো ভিডিঅ’ ৰেকৰ্ড আবেদনকাৰীৰ হাতত গতাই দিব লাগে বুলি ৰায়দান দিছিল। ইয়াৰ পিছত কেন্দ্ৰই নিৰ্বাচনী বিধি সংশোধন কৰে। এই সংশোধনী অনুসৰি জনসাধাৰণে বুথৰ চিচিটিভি ফুটেজ, ৱেবকাষ্টিং ফুটেজ আৰু প্ৰাৰ্থীসকলৰ ভিডিঅ’ ৰেকৰ্ডিং পৰীক্ষা কৰাৰ সুযোগ নাপাব। আদালতৰ নিৰ্দেশৰ প্ৰতি লক্ষ্য ৰাখি আইন মন্ত্ৰালয় আৰু নিৰ্বাচন আয়োগৰ বিষয়াসকলে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই ফুটেজসমূহৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ এই ব্যৱস্থা কৰা হৈছে বুলি সদৰি কৰে।

এই সন্দৰ্ভত মল্লিকাৰ্জুন খৰ্গে কয় যে পূৰ্বতে কেন্দ্ৰই নিৰ্বাচন আয়ুক্ত নিযুক্তি সমিতিৰ পৰা মুখ্য ন্যায়াধীশক বাদ দিছিল। এইবাৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী তথ্য গোপন কৰাৰ ব্যৱস্থা কৰা হ’ল৷ যেতিয়াই কংগ্ৰেছে নিৰ্দিষ্ট নিৰ্বাচনী অনিয়মৰ সন্দৰ্ভত আয়োগৰ কাষ চাপিছে, তেতিয়াই আয়োগে বষয়টো পেলাই থয়। আয়োগে গুৰুতৰ অভিযোগকো আওকাণ কৰে বুলি অভিযোগ কৰে। তেওঁৰ আৰু কয় যে এইটোৱে পুনৰ প্ৰমাণ কৰে যে অৰ্ধ-ন্যায়িক সংস্থা হোৱাৰ পিছতো আয়োগে নিৰপেক্ষভাৱে কাম কৰা নাই। আয়োগৰ নিৰপেক্ষতা হ্ৰাস কৰিবলৈ মোদী চৰকাৰৰ এয়া প্ৰত্যক্ষ আক্ৰমণ তথা সংবিধান আৰু গণতন্ত্ৰৰ ওপৰতো আক্ৰমণ। সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে আমি সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কংগ্ৰেছ নেতাগৰাকীয়ে উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ