--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰতিবাদী কৃষকসকলক তেওঁলোকৰ প্ৰতিবাদ সমাপ্ত কৰিবলৈ আহ্বান জনাইছে। তিনিখন কৃষি আইনৰ প্ৰতিবাদত যোৱা বছৰৰ নৱেম্বৰ মাহৰ পৰা চলি থকা এই আন্দোলনে শেহতীয়াকৈ অধিক ব্যাপকত্ব লাভ কৰাৰ সময়তে ৰাজ্যসভাৰ মজিয়াৰ পৰা কৃষকক এই আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।

আৰু পঢ়িব পাৰিব : বৰফ গলিছে! আলোচনাৰ দিন ঠিক কৰিবলৈ কেন্দ্ৰক আহ্বান কৃষকৰ

কৃষি সামগ্ৰীৰ ন্যুনতম সমৰ্থন মূল্য বা এমএছপি অব্যাহত থাকিব বুলিও তেওঁ কৃষকসকলক নিশ্চয়তা প্ৰদান কৰে। কৃষি আইনক লৈ কংগ্ৰেছে ইউ-টাৰ্ন লোৱা বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে পূৰ্বৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কথাৰ উদ্ধৃতিৰে বিৰোধীক সমলোচনা কৰে। তেওঁ কয়, ‘আপোনালোকে প্ৰতিবাদৰ অন্ত পেলাওক। আমি একেলগে বহি কথা পাতিম। আমি আলোচনাৰ বাবে সাজু আৰু সদনৰ মজিয়াৰ পৰা আলোচনাৰ বাবে আমি আপোনালোকক পুনৰ আহ্বান জনাইছোঁ।’

আৰু পঢ়িব পাৰিব : ধুবুৰীত আৰক্ষীৰ জালত লাটমণ্ডল নোমেজউদ্দীন শেখ

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ বাজেট ভাষণৰ পাছত হোৱা বিতৰ্কৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে এই কথা কয়। তেওঁ কয়, এমএছপি আছিল, এমএছপি আছে আৰু এমএছপি থাকিব। কোনেও ভুৱা বাৰ্তা প্ৰচাৰ কৰা উচিত নহয়। তেওঁ লগতে কয়, ‘আমি সমুখলৈ আগুৱাই যাব লাগিব, পিছুৱাই নহয়। এই সংস্কাৰসমূহক আমি এটা সুযোগ দিয়া উচিত।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু