--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰতিবাদী কৃষকসকলক তেওঁলোকৰ প্ৰতিবাদ সমাপ্ত কৰিবলৈ আহ্বান জনাইছে। তিনিখন কৃষি আইনৰ প্ৰতিবাদত যোৱা বছৰৰ নৱেম্বৰ মাহৰ পৰা চলি থকা এই আন্দোলনে শেহতীয়াকৈ অধিক ব্যাপকত্ব লাভ কৰাৰ সময়তে ৰাজ্যসভাৰ মজিয়াৰ পৰা কৃষকক এই আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।

আৰু পঢ়িব পাৰিব : বৰফ গলিছে! আলোচনাৰ দিন ঠিক কৰিবলৈ কেন্দ্ৰক আহ্বান কৃষকৰ

কৃষি সামগ্ৰীৰ ন্যুনতম সমৰ্থন মূল্য বা এমএছপি অব্যাহত থাকিব বুলিও তেওঁ কৃষকসকলক নিশ্চয়তা প্ৰদান কৰে। কৃষি আইনক লৈ কংগ্ৰেছে ইউ-টাৰ্ন লোৱা বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে পূৰ্বৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কথাৰ উদ্ধৃতিৰে বিৰোধীক সমলোচনা কৰে। তেওঁ কয়, ‘আপোনালোকে প্ৰতিবাদৰ অন্ত পেলাওক। আমি একেলগে বহি কথা পাতিম। আমি আলোচনাৰ বাবে সাজু আৰু সদনৰ মজিয়াৰ পৰা আলোচনাৰ বাবে আমি আপোনালোকক পুনৰ আহ্বান জনাইছোঁ।’

আৰু পঢ়িব পাৰিব : ধুবুৰীত আৰক্ষীৰ জালত লাটমণ্ডল নোমেজউদ্দীন শেখ

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ বাজেট ভাষণৰ পাছত হোৱা বিতৰ্কৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে এই কথা কয়। তেওঁ কয়, এমএছপি আছিল, এমএছপি আছে আৰু এমএছপি থাকিব। কোনেও ভুৱা বাৰ্তা প্ৰচাৰ কৰা উচিত নহয়। তেওঁ লগতে কয়, ‘আমি সমুখলৈ আগুৱাই যাব লাগিব, পিছুৱাই নহয়। এই সংস্কাৰসমূহক আমি এটা সুযোগ দিয়া উচিত।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ