--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ পাছতে আলোচনাৰ বাবে সাজু হৈছে প্ৰতিবাদী কৃষকসকল। তিনি কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদৰত কৃষকসকলক আন্দোলন ত্যাগ কৰি কেন্দ্ৰেৰে আলোচনাৰ বাবে ৰাজ্যসভাৰ মজিয়াৰ পৰা আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে। তাৰ পাছতে কৃষক সংঘই কেন্দ্ৰক আলোচনাৰ বাবে দিন ঠিক কৰিবলৈ আহ্বান জনাইছে। অৱশ্যে কৃষকসকলে ‘আন্দোলনজীৱী’ বুলি আন্দোলনকাৰী লোকসকলক কটাক্ষ কৰা বাবে আপত্তি দৰ্শায়।

আৰু পঢ়িব পাৰিব :ধুবুৰীত আৰক্ষীৰ জালত লাটমণ্ডল নোমেজউদ্দীন শেখ

প্ৰতিবাদ গণতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি তেওঁলোকে অভিহিত কৰে। কৃষক নেতা তথা সংযুক্ত কিষাণ মৰ্চাৰ এগৰাকী জ্যেষ্ঠ নেতা শিৱ কুমাৰ কাকাই সংবাদ মাধ্যমৰ আগত কয় যে, তেওঁলোক পৰৱৰ্তী পৰ্যায়ৰ আলোচনাৰ বাবে সাজু আৰু চৰকাৰে তেওঁলোকক পৰৱৰ্তী আলোচনাৰ দিন আৰু সময় জনোৱা উচিত।

আৰু পঢ়িব পাৰিব :যুৱক-আৰক্ষীৰ মাজত আক্ৰমণ : আহত ৯আৰক্ষী, গুলীবিদ্ধ ২যুৱক

‘আমি চৰকাৰৰ সৈতে আলোচনাৰ বাবে কেতিয়াও অস্বীকাৰ কৰা নাই। যেতিয়াই চৰকাৰে আমাক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে আমি কেন্দ্ৰীয় মন্ত্ৰীবৰ্গৰ সৈতে আলোচনাত মিলিত হৈছোঁ। আমি পুনৰ চৰকাৰৰ সৈতে আলোচনাৰ বাবে সাজু আছোঁ।’ উল্লেখ্য যে, ইয়াৰ পূৰ্বে কৃষক আৰু চৰকাৰৰ মাজত অনুষ্ঠিত ১১লানি আলোচনা ব্যৰ্থ হৈছিল। আজি প্ৰধানমন্ত্ৰী মোদীয়ে এমএছপি ব্যৱস্থা অটুট থকাৰ নিশ্চয়তাৰে কৃষকসকলক আন্দোলন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছিল আৰু কেন্দ্ৰৰে আলোচনাৰ বাবে আহ্বান জনাইছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ