--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ পাছতে আলোচনাৰ বাবে সাজু হৈছে প্ৰতিবাদী কৃষকসকল। তিনি কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদৰত কৃষকসকলক আন্দোলন ত্যাগ কৰি কেন্দ্ৰেৰে আলোচনাৰ বাবে ৰাজ্যসভাৰ মজিয়াৰ পৰা আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে। তাৰ পাছতে কৃষক সংঘই কেন্দ্ৰক আলোচনাৰ বাবে দিন ঠিক কৰিবলৈ আহ্বান জনাইছে। অৱশ্যে কৃষকসকলে ‘আন্দোলনজীৱী’ বুলি আন্দোলনকাৰী লোকসকলক কটাক্ষ কৰা বাবে আপত্তি দৰ্শায়।

আৰু পঢ়িব পাৰিব :ধুবুৰীত আৰক্ষীৰ জালত লাটমণ্ডল নোমেজউদ্দীন শেখ

প্ৰতিবাদ গণতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি তেওঁলোকে অভিহিত কৰে। কৃষক নেতা তথা সংযুক্ত কিষাণ মৰ্চাৰ এগৰাকী জ্যেষ্ঠ নেতা শিৱ কুমাৰ কাকাই সংবাদ মাধ্যমৰ আগত কয় যে, তেওঁলোক পৰৱৰ্তী পৰ্যায়ৰ আলোচনাৰ বাবে সাজু আৰু চৰকাৰে তেওঁলোকক পৰৱৰ্তী আলোচনাৰ দিন আৰু সময় জনোৱা উচিত।

আৰু পঢ়িব পাৰিব :যুৱক-আৰক্ষীৰ মাজত আক্ৰমণ : আহত ৯আৰক্ষী, গুলীবিদ্ধ ২যুৱক

‘আমি চৰকাৰৰ সৈতে আলোচনাৰ বাবে কেতিয়াও অস্বীকাৰ কৰা নাই। যেতিয়াই চৰকাৰে আমাক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে আমি কেন্দ্ৰীয় মন্ত্ৰীবৰ্গৰ সৈতে আলোচনাত মিলিত হৈছোঁ। আমি পুনৰ চৰকাৰৰ সৈতে আলোচনাৰ বাবে সাজু আছোঁ।’ উল্লেখ্য যে, ইয়াৰ পূৰ্বে কৃষক আৰু চৰকাৰৰ মাজত অনুষ্ঠিত ১১লানি আলোচনা ব্যৰ্থ হৈছিল। আজি প্ৰধানমন্ত্ৰী মোদীয়ে এমএছপি ব্যৱস্থা অটুট থকাৰ নিশ্চয়তাৰে কৃষকসকলক আন্দোলন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছিল আৰু কেন্দ্ৰৰে আলোচনাৰ বাবে আহ্বান জনাইছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু