--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত ৰাম মন্দিৰকলৈ বিতৰ্কিত পোষ্ট কৰি বিপদত পৰিছে  জ্যেষ্ঠ কংগ্ৰেছ নেতা মণি শংকৰ আয়াৰৰ জীয়ৰী সুৰন্যা আয়াৰ। সুৰন্যা আয়াৰৰ বিৰুদ্ধে  লিখিত অভিযোগ দাখিল কৰা হৈছে।উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আৰু বিজেপি নেতা অজয় আগৰৱালাই দিল্লীৰ চাইবাৰ অপৰাধ আৰক্ষী চকীত সুৰন্যা আয়াৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

 তেওঁ অভিযোগ কৰে  যে ২০ জানুৱাৰীত সুৰন্যাই ৰাম মন্দিৰ উদ্বোধনৰ বিষয়ে তেওঁৰ ছ'চিয়েল মিডিয়া একাউণ্টত "আপত্তিজনক মন্তব্য" কৰিছিল। ২০ জানুৱাৰীৰ লগতে আন দিনবোৰত তেওঁ ফেচবুক, ইউটিউব আৰু অন্যান্য ছ'চিয়েল মিডিয়াত অত্যন্ত আপত্তিজনক পোষ্ট কৰিছিল। ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৫৩-এ আৰু অন্যান্য ধাৰাৰ অধীনত তেওঁৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা হৈছে। 

অধিবক্তাগৰাকীয়ে  দাবী কৰিছে  যে সুৰন্যা আয়াৰৰ ৩৬  মিনিটৰ ভিডিঅ'টোত কেইবাটাও আপত্তিজনক প্ৰসংগ আছে।২০ জানুৱাৰীত সুৰন্যাই ছ'চিয়েল মিডিয়াত এইবুলি পোষ্ট কৰিছিল, "ৰাম মন্দিৰৰ নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ মই আজি উপবাস কৰিম। এই উপবাস কেৱল মুছলমান ভাই-ভনীসকলৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰাৰ বাবে"।    

বিজেপিৰ নেতাগৰাকীয়ে প্ৰশ্ন কৰিছে-  ৰাম মন্দিৰটো ৫০০ বছৰৰ পিছত নিৰ্মাণ কৰা হৈছে, সেয়াও উচ্চতম ন্যায়ালয়ৰ পাঁচজন ন্যায়াধীশৰ সন্মতিত। তাৰ পাছতো আপোনাৰ দৰে শিক্ষিত পৰিয়ালৰ লোকসকলে কেনেকৈ এনে মন্তব্য কৰিব পাৰে? 

লিখিত অভিযোগ দাখিল কৰাৰ পিচত আইনী মেৰপেছত সোমাই পৰিছে আয়াৰ।  অৱশ্যে, এতিয়ালৈকে তেওঁ এই বিষয়ত কোনো মন্তব্য প্ৰকাশ কৰা নাই। বহুতে দাবী কৰিছে যে আয়াৰৰ পোষ্টটো প্ৰকৃততে ঘৃণামূলক ভাষণৰ দৰেই।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে