--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত ৰাম মন্দিৰকলৈ বিতৰ্কিত পোষ্ট কৰি বিপদত পৰিছে  জ্যেষ্ঠ কংগ্ৰেছ নেতা মণি শংকৰ আয়াৰৰ জীয়ৰী সুৰন্যা আয়াৰ। সুৰন্যা আয়াৰৰ বিৰুদ্ধে  লিখিত অভিযোগ দাখিল কৰা হৈছে।উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আৰু বিজেপি নেতা অজয় আগৰৱালাই দিল্লীৰ চাইবাৰ অপৰাধ আৰক্ষী চকীত সুৰন্যা আয়াৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

 তেওঁ অভিযোগ কৰে  যে ২০ জানুৱাৰীত সুৰন্যাই ৰাম মন্দিৰ উদ্বোধনৰ বিষয়ে তেওঁৰ ছ'চিয়েল মিডিয়া একাউণ্টত "আপত্তিজনক মন্তব্য" কৰিছিল। ২০ জানুৱাৰীৰ লগতে আন দিনবোৰত তেওঁ ফেচবুক, ইউটিউব আৰু অন্যান্য ছ'চিয়েল মিডিয়াত অত্যন্ত আপত্তিজনক পোষ্ট কৰিছিল। ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৫৩-এ আৰু অন্যান্য ধাৰাৰ অধীনত তেওঁৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা হৈছে। 

অধিবক্তাগৰাকীয়ে  দাবী কৰিছে  যে সুৰন্যা আয়াৰৰ ৩৬  মিনিটৰ ভিডিঅ'টোত কেইবাটাও আপত্তিজনক প্ৰসংগ আছে।২০ জানুৱাৰীত সুৰন্যাই ছ'চিয়েল মিডিয়াত এইবুলি পোষ্ট কৰিছিল, "ৰাম মন্দিৰৰ নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ মই আজি উপবাস কৰিম। এই উপবাস কেৱল মুছলমান ভাই-ভনীসকলৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰাৰ বাবে"।    

বিজেপিৰ নেতাগৰাকীয়ে প্ৰশ্ন কৰিছে-  ৰাম মন্দিৰটো ৫০০ বছৰৰ পিছত নিৰ্মাণ কৰা হৈছে, সেয়াও উচ্চতম ন্যায়ালয়ৰ পাঁচজন ন্যায়াধীশৰ সন্মতিত। তাৰ পাছতো আপোনাৰ দৰে শিক্ষিত পৰিয়ালৰ লোকসকলে কেনেকৈ এনে মন্তব্য কৰিব পাৰে? 

লিখিত অভিযোগ দাখিল কৰাৰ পিচত আইনী মেৰপেছত সোমাই পৰিছে আয়াৰ।  অৱশ্যে, এতিয়ালৈকে তেওঁ এই বিষয়ত কোনো মন্তব্য প্ৰকাশ কৰা নাই। বহুতে দাবী কৰিছে যে আয়াৰৰ পোষ্টটো প্ৰকৃততে ঘৃণামূলক ভাষণৰ দৰেই।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু