--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি জানেনে, চিয়া ছীডছ আপোনাৰ স্বাস্থ্যৰ বাবে এক আশ্চৰ্যজনক উপাদান। বহুতেই হয়তো জানে, কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব৷ দৈনন্দিন খাদ্যত চিয়া ছীডছ থাকিলে শৰীৰত নানান ধৰণৰ উপকাৰ হয়। স্বাস্থ্য সজাগ মানুহৰ বাবে চিয়া ছীডছ থাকিলে এক গুৰুত্বপূৰ্ণ আহাৰ ৰূপে পৰিগণিত হৈছে। আকাৰত সৰু যদিও ইয়াৰ উপকাৰিতাৰ তালিকা কিন্তু বহুত ডাঙৰ! 

চিয়া ছীডছৰ উপকাৰিতা।

চিয়া বীজত আছে আঁহ, ওমেগা-৩ ফেটি এচিড, এন্টিঅক্সিডেন্ট আৰু বিভিন্ন খনিজ পদাৰ্থ, যিয়ে আপোনাৰ শৰীৰ সুস্থ ৰাখিবলৈ বিশেষ সহায় কৰে। ইয়াত থকা আঁহে পাচনতন্ত্ৰ উন্নত কৰি খাদ্য সহজে হজম কৰাত সহায় কৰে। বিশেষকৈ, যিসকল লোকে ওজন নিয়ন্ত্ৰণ কৰিবলৈ চাই, তেওঁলোকৰ বাবে চিয়া বীজ এক পৰিপূৰ্ণ বিকল্প।

হৃদৰোগ আৰু ডায়েবেটিছ সমগ্ৰ বিশ্বতে এক গুৰুত্বপূৰ্ণ সমস্যা। সৌভাগ্যক্ৰমে, চিয়া বীজে এই দুয়োটা ৰোগৰ আশংকা কমায়। ইয়াত থকা ওমেগা-৩ ফেটি এচিডে হৃদযন্ত্ৰ শক্তিশালী কৰে, ৰক্তসঞ্চালন নিয়ন্ত্রণ কৰে আৰু বেয়া হৈ যোৱা কলেষ্টৰ'ল হ্ৰাস কৰে। আনহাতে, ইয়াৰ আঁহ আৰু এন্টিঅক্সিডেন্ট উপাদানে ৰক্তত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ডায়েবেটিছৰ আশংকা কমায়।

ওজন বৃদ্ধি আজিকালি বহুতৰে এক চিন্তাৰ কাৰণ। কিন্তু চিয়া বীজে সহজতে এই সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াত থকা আঁহে পেটলৈ দীঘলীয়াকৈ পূৰ্ণতা অনুভৱ কৰায়, যাৰ ফলত অযথা খোৱাৰ প্ৰৱণতা হ্ৰাস পায়। বিশেষকৈ, যদি চিয়া বীজ নেমুৰ ৰসৰ সৈতে খোৱা হয়, তেন্তে ইয়াৰ গুণ আৰু বৃদ্ধি পায়। ই পাচনতন্ত্ৰ সুস্থ ৰাখি গেছ আৰু বদহজমৰ সমস্যা কমায়, লগতে শৰীৰটো ডিটক্স কৰিবলৈ সহায় কৰে। নিয়মিত ব্যৱহাৰে কেৱল ওজন নিয়ন্ত্ৰণ নহয়, শৰীৰৰ সামগ্ৰিক স্বাস্থ্যও উন্নত কৰে!

হাড় শক্তিশালী কৰাৰ ক্ষেত্ৰতো চিয়া বীজ এক উৎকৃষ্ট উপাদান। ইয়াত থকা কেলচিয়াম, মেগনেছিয়াম আৰু ফছফৰাছে হাড়ৰ গাঁঠি মজবুত কৰাত সহায় কৰে। গাখীৰৰ লগতো মিহলাই খাব পাৰে, যিয়ে অধিক পুষ্টি যোগায়।

যদি আপুনি বিচাৰে,তেন্তে সাধাৰণ পানীৰ সৈতে চিয়া বীজ মিহলাই পান কৰিব পাৰে, নাইবা স্মুদী, জুস, গাখীৰ বা ছালাদত যোগ কৰিব পাৰে। নিয়মীয়াকৈ খাদ্য তালিকাত যোগ কৰিলে আপুনি পাব সুস্থ, সবল আৰু শক্তিৰে ভৰপূৰ জীৱন।

এতিয়া আপোনালোকেও খাদ্য তালিকাত চিয়া বীজ যোগ কৰক আৰু জীৱনক অধিক স্বাস্থ্যবান আৰু সজীৱ বনাওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু