--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দিল্লী চৰকাৰে দিৱালীৰ ফটকা নিষিদ্ধ কৰাৰ পাছতে সমগ্ৰ বিষয়টোক লৈ উত্তাল হৈ আছে দেশৰ ৰাজধানী। বিজেপিয়ে দিল্লীৰ আপ চৰকাৰক এইক্ষেত্ৰত তীব্ৰ সমালোচনা কৰি আহিছে।

তাৰমাজতে দিল্লী চৰকাৰৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে দেওবাৰে ফটকা নিষিদ্ধকৰণৰ সমৰ্থনত বক্তব্য আগবঢ়াইছে। ৰায়ে কয় যে ইয়াৰ দ্বাৰা আপ চৰকাৰে ৰাজনীতি কৰা নাই, বৰঞ্চ মানুহৰ জীৱন ৰক্ষাত অগ্ৰাধিকাৰ দিছে।

সাংবাদিকৰ আগত তেওঁ কয় যে প্ৰতি বছৰে দিল্লীৰ প্ৰদূষণ শীতকালত বৃদ্ধি হৈ আহিছে। সেয়ে তেওঁ দিল্লীবাসীক ফটকা নুফুটাবলৈও অনুৰোধ কৰে।

“আমাৰ উপৰিপুৰুষসকলে যেতিয়া দিৱালী পালন কৰিছিল, তেতিয়া ফটকা-আতচবাজী ফুটোৱা নাছিল।”- ৰায়ে কয়- “সকলো ধৰ্মৰে মূল লক্ষ্য হৈছে মানুহৰ জীৱনক নিৰাপত্তা কৰা।”

উল্লেখ্য যে দিল্লীক বিশ্বৰ ভিতৰতে এখন প্ৰদূষিত চহৰ হিচাপে চিহ্নিত কৰা হয়। এই প্ৰসংগ উত্থাপন কৰি ৰায়ে কয় যে দিল্লীক প্ৰদূষণৰ পৰা উপশম কৰিবলৈ আপ চৰকাৰে কাম কৰি আহিছে।

সেই অনুসৰি দিৱালীত ফটকা-বোমা নিষিদ্ধ কৰা হৈছে। ফটকা বিক্ৰীৰ শাস্তি হিচাপে নগদ ৫০০০ হেজাৰ টকাৰ জৰিমণা অথবা তিনি বছৰৰ কাৰাবাসৰ ব্যৱস্থা কৰা হৈছে।

আনহাতে, ফটকা ফুটোৱাৰ শাস্তি হিচাপে ভাৰতীয় দণ্ডবিধি আইনৰ ২৬৮ ধাৰা অনুসৰি নগদ ২০০ টকা জৰিমণা অথবা ছমাহৰ কাৰাবাসৰ ব্যৱস্থআ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement