--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দিল্লী চৰকাৰে দিৱালীৰ ফটকা নিষিদ্ধ কৰাৰ পাছতে সমগ্ৰ বিষয়টোক লৈ উত্তাল হৈ আছে দেশৰ ৰাজধানী। বিজেপিয়ে দিল্লীৰ আপ চৰকাৰক এইক্ষেত্ৰত তীব্ৰ সমালোচনা কৰি আহিছে।

তাৰমাজতে দিল্লী চৰকাৰৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে দেওবাৰে ফটকা নিষিদ্ধকৰণৰ সমৰ্থনত বক্তব্য আগবঢ়াইছে। ৰায়ে কয় যে ইয়াৰ দ্বাৰা আপ চৰকাৰে ৰাজনীতি কৰা নাই, বৰঞ্চ মানুহৰ জীৱন ৰক্ষাত অগ্ৰাধিকাৰ দিছে।

সাংবাদিকৰ আগত তেওঁ কয় যে প্ৰতি বছৰে দিল্লীৰ প্ৰদূষণ শীতকালত বৃদ্ধি হৈ আহিছে। সেয়ে তেওঁ দিল্লীবাসীক ফটকা নুফুটাবলৈও অনুৰোধ কৰে।

“আমাৰ উপৰিপুৰুষসকলে যেতিয়া দিৱালী পালন কৰিছিল, তেতিয়া ফটকা-আতচবাজী ফুটোৱা নাছিল।”- ৰায়ে কয়- “সকলো ধৰ্মৰে মূল লক্ষ্য হৈছে মানুহৰ জীৱনক নিৰাপত্তা কৰা।”

উল্লেখ্য যে দিল্লীক বিশ্বৰ ভিতৰতে এখন প্ৰদূষিত চহৰ হিচাপে চিহ্নিত কৰা হয়। এই প্ৰসংগ উত্থাপন কৰি ৰায়ে কয় যে দিল্লীক প্ৰদূষণৰ পৰা উপশম কৰিবলৈ আপ চৰকাৰে কাম কৰি আহিছে।

সেই অনুসৰি দিৱালীত ফটকা-বোমা নিষিদ্ধ কৰা হৈছে। ফটকা বিক্ৰীৰ শাস্তি হিচাপে নগদ ৫০০০ হেজাৰ টকাৰ জৰিমণা অথবা তিনি বছৰৰ কাৰাবাসৰ ব্যৱস্থা কৰা হৈছে।

আনহাতে, ফটকা ফুটোৱাৰ শাস্তি হিচাপে ভাৰতীয় দণ্ডবিধি আইনৰ ২৬৮ ধাৰা অনুসৰি নগদ ২০০ টকা জৰিমণা অথবা ছমাহৰ কাৰাবাসৰ ব্যৱস্থআ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু