--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশত ছাত্র সমাজ পুনৰ ৰাজপথলৈ ওলাই আহিছে। শ্বেখ হাছিনা চৰকাৰৰ পতনৰ প্রায় ছমাহৰ পাছত মহম্মদ ইউনুছৰ নেতৃত্বৰ দেশখনৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ বিৰুদ্ধে আন্দোলনত নামে ছাত্র-ছাত্রীসকল।

 একে সময়তে আইন-শৃংখলা ব্যৱস্থা সামৰিক বাহিনীৰ নিয়ন্ত্ৰণলৈ নিয়া বুলি সেনা প্রধানে ঘোষণা কৰিছে। 

উল্লেখযোগ্য যে দেশখনত মহিলা আৰু শিশুৰ বিৰুদ্ধে যৌন হিংসা অব্যাহত থকাত ছাত্র-ছাত্রীসকল ক্ষুব্ধ হৈ পৰে। ইউনুছৰ নেতৃত্বত অন্তৰ্ৱৰ্তী চৰকাৰ এই অপৰাধসমূহ প্ৰতিৰোধ কৰাত ব্যর্থ হোৱাৰ অভিযোগ কৰি ঢাকাত বৃহৎ সংখ্যক ছাত্র-ছাত্রীয়ে বিক্ষোভ প্রদর্শন কৰে। 

ঢাকাৰ জগন্নাথ বিশ্ববিদ্যালয়, ইডন কলেজ, গভর্নমেন্ট টিটুমিৰ কলেজ, ইউনিভাৰ্ছিটি অব লিবাৰেল আৰ্টছ বাংলাদেশ আৰু বি আৰ এ চি বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ বৃহৎসংখ্যক ছাত্র-ছাত্রীয়ে এই বিক্ষোভ প্রদর্শনত অংশ গ্রহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলে কৰা অভিযোগ মতে, দেশখনত অপৰাধ প্ৰতিৰোধ কৰাত চৰকাৰ ব্যৰ্থ হৈছে। তেওঁলোকে দেশখনৰ গৃহ বিভাগৰ উপদেষ্টাজনৰ পদত্যাগ দাবী কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক